কফি খেতিত আৱদ্ধ কৰি ১৬ জন দলিত শ্ৰমিকক নিৰ্মমভাৱে নিৰ্যাতন কৰা হয়। অভিযোগ কৰা হৈছে যে নিৰ্মম প্ৰহাৰৰ বাবে এগৰাকী দলিত যুৱতী মহিলাৰ গৰ্ভপাত হৈছিল। তেওঁক বৰ্তমান সংকটজনক অৱস্থাত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অভিযুক্তসকল কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ বাসিন্দা আৰু কফি খেতিৰ মালিক এজন স্থানীয় বিজেপি নেতা আৰু তেওঁৰ পুত্ৰ ।
অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিজেপি নেতা আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। জগদীশ গৌড়া আৰু তেওঁৰ পুত্ৰ তিলক গৌড়াৰ বিৰুদ্ধে দলিতসকলৰ ওপৰত নিৰ্যাতনৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে।
ইপিনে, ঘটনাটোৰ পিছৰে পৰা দুয়ো পলাতক হৈ আছে। কৰ্ণাটক আৰক্ষীয়ে তেওঁলোকক বিচাৰি অভিযান চলাই আছে।
লগতে পঢ়ক: ৰাজধানীতে অসুৰক্ষিত নাৰী: নিচাজাতীয় দ্ৰব্য পান কৰাই মহিলাক দলবদ্ধ ধৰ্ষণ তিনি দুৰ্বৃত্তৰ
আৰক্ষীৰ মতে দলিতসকল কফি বাগানৰে শ্ৰমিক। কেইবাটাও পৰিয়ালে মালিকপক্ষৰ পৰা মুঠ ৯ লাখ টকা ঋণ লোৱা বুলি দাবী কৰা হৈছে। টকা ঘূৰাই দিব নোৱাৰাত জগদীশ আৰু তেওঁৰ পুত্ৰই এই অমানৱীয় পদক্ষেপ লৈছিল। চাৰিটা পৰিয়ালৰ ১৬ জন সদস্যক কফি খেতিত তেওঁলোকৰ ঘৰতে বন্দী কৰি ৰখা হৈছিল।
তেওঁলোকে শ্ৰমিকসকলক টকা ঘূৰাই নিদিয়াৰ বাবে অকথ্য নিৰ্যাতন চলায়। ১৬ জন লোকক গোটেই দিন আটক কৰি ৰখা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি ৮ অক্টোবৰত কিছুমান লোক বালেহোন্নুৰ আৰক্ষী চকীলৈ আহি জনাইছিল যে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক বলপূৰ্বক কফি বাগানত আৱদ্ধ কৰি ৰখা হৈছে। তেওঁলোকক জগদীশ গৌড়াই নিৰ্যাতন চলাইছে। কিন্তু সেইদিনা পলমকৈ অভিযোগটো উঠাই লোৱা হয়।
পিছদিনা বন্দী অৱস্থাত থকা এগৰাকী গৰ্ভৱতী মহিলা অসুস্থ হৈ পৰে। বিজেপি নেতা পিতৃ-পুত্ৰৰ অত্যাচাৰৰ বাবে তেওঁৰ গৰ্ভপাত হোৱা বুলি অভিযোগ কৰা হৈছে। অসুস্থ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে গোটেই বিষয়টো পোহৰলৈ আহে।
চিক্কামাগালুৰু আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে কয় যে দলিত শ্ৰমিকসকলক ১৫ দিনৰ বাবে গৃহবন্দী কৰি ৰখা হৈছিল। অৰ্পিতা নামৰ এগৰাকী অসুস্থ গৰ্ভৱতী মহিলাই কয়, “মোক বন্দী কৰি ৰখা হৈছিল। মোক গালি দিয়া হৈছে, মাৰপিট কৰা হৈছে। তেওঁলোকে মোৰ ফোন কাঢ়ি লৈ গৈছে।‘’
লগতে পঢ়ক:গুৱাহাটীত গ্ৰেপ্তাৰ ভুৱা পৰিচয়েৰে লুটিবলৈ চেষ্টা কৰা তিনি ছদ্মবেশী দুৰ্নীতি বিৰোধী শাখাৰ বিষয়া!
অৰ্পিতাৰ মাতৃয়ে কয় যে ছোৱালীজনী দুমাহৰ গৰ্ভৱতী আছিল। তেওঁক জগদীশ গৌড়াই প্ৰহাৰ কৰিছিল। ইপিনে, স্থানীয়ভাৱে গেৰুৱা নেতা বুলি পৰিচিত জগদীশ গৌড়া এজন নেতা নহয়, এজন সাধাৰণ বিজেপি সমৰ্থক বুলিহে দাবী কৰে স্থানীয় বিজেপি নেতৃত্বই।