গ্রন্থৰ সুবাসে পুনৰ উমাল কৰিব শীতৰ দিন৷ অহা ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিতব্য ৩৩ সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ বাবে প্রস্ততি সম্পূৰ্ণ কৰি তুলিছে অসম প্ৰকাশন পৰিষদে। গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ খেলপথাৰত ইতিমধ্যে সাজু কৰি তোলা হৈছে গ্ৰন্থমেলাৰ বিপণীসমূহ।
নতুন দিল্লী, কলকাতা তথা অসমৰ শতাধিক প্রকাশনে অংশগ্ৰহণ কৰিবলগীয়া গুৱাহাটী গ্ৰন্থমেলা অহা ৩০ ডিচেম্বৰৰ বিয়লি ৪ বজাত উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
যৰাজ্য চৰকাৰৰ বিত্ত, শিক্ষা আৰু লোক-নিৰমাণ বিভাগৰ মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধাক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মাই সভাপতিৰূপে অংশগ্ৰহণ কৰিবলগীয়া উদ্বোধনী সভাত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব পশ্চিমবংগ নিবাসী ভাৰতবৰ্ষৰ বিশিষ্ট লেখক চিন্তাবিদ তথা ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়ে।
অনুষ্ঠানত বিশিষ্ট জতিথিৰূপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ প্ৰেছ পদে হৃষীকেশ গোস্বামী আৰু অৰুণাচল প্ৰদেশৰ নিবাসী অসমীয়া ভাষা-সাহিত্যৰ অন্যতম মহীৰূহ য়েছে দৰজে ঠংচিয়ে।
উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদে প্রতি বছৰে বিভিন্ন গৱেষণামূলক গ্ৰন্থ, বৰেণ্য লেখক-সাহিত্যিকৰ ৰচনাৱলী তথা আন আন আপুৰুগীয়া গ্ৰন্থ প্রকাশ আৰু পুনৰ প্ৰকাশ কৰি আহিছে।
এই ধাৰা অক্ষত ৰাখি এইবেলি প্রকাশন পৰিষদে প্রকাশ কৰি উলিওৱা এনে ১০খন বিশেষ গ্ৰন্থ গুৱাহাটী গ্ৰন্থমেলাত উন্তোচন কৰা হ’ব।
এইবেলি গুৱাহাটী গ্ৰন্থমেলাত মেলাত এলানি বিশেষ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব দান কৰা হৈছে। ইয়াৰ ভিতৰত আছে অহা ২ জানুৱাৰীত অনুষ্ঠিত ‘উন্মীলন’ শীৰ্ষক যুৱ লেখকৰ সাহিত্যানুষ্ঠন।
তৰুণ লেখক-সাহিত্যিকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকে নিজৰ এখনকৈ গ্ৰন্থৰ বিষয়ে পাঁচ মিনিটকৈ বক্তব্য দাঙি ধৰিব পাৰিব।
উক্ত দিনাই ‘অৰুনোদই’ আলোচনীৰ প্ৰতিষ্ঠাৰ ১৭৫ বছৰ উপলক্ষে আন এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে ৪ জানুৱাৰীত ‘সামাজিক মাধ্যমত সাহিত্য চৰ্চা’ শীৰ্ষক আলোচনা সত্ৰ ‘প্রকাশ’ৰ উদোগত অনুষ্ঠিত হ’ব।
৫ জানুৱাৰীত অনুষ্ঠিত কৰা হ’ব ‘অসমীয়া ভাষা বৈভৱ’ শীৰ্ষক গোলোক চন্দ্ৰ গোস্বামী সৌৱৰণী অনুষ্ঠান।
৬ জানুৱাৰীত অনুষ্ঠিত হ’ব ‘সাহিত্য-আলচ’ শীৰ্ষক লেখক-পাঠকৰ আড্ডা।৭ জানুৱাৰীত অনুষ্ঠিত হ’ব শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰী সোঁৱৰণী অনুষ্ঠান৷
তদুপৰি গ্রন্থমেলাৰ প্ৰতিদিনেই বিভিন্ন সাহিত্যানুষ্ঠান আৰু প্রতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইপিনে, গ্ৰন্থমেলাৰ দুটা সভাগৃহ ক্ৰমে বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰ আৰু শিশু সাহিত্যিক গনচন্দ্ৰ অধিকাৰীৰ স্মৰণত নামাংকন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে।
অহা ১০ জানুৱাৰীত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত সভাপতিৰূপে অংশগ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ বিত্ত স্বাস্থ্য, শিক্ষা আৰু লোক-নিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই সন্মনীয় অতিথিৰূপে অংশগ্রহণ কৰিবলগীয়া সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰিব অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে।
অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰিব ঝাৰখণ্ড নিবাসী হিন্দী ভাষাৰ বিশিষ্ট’ সাহিত্যিক পংকজ মিত্রই।