• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত বোকাখাতত ‘যুক্তি দিৱস’ আয়োজনৰ প্ৰস্তুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2024 5:22 pm
Giordano Bruno
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ শৰীৰৰ কোনো অংগত ক্ষন্তেকৰ বাবে জুই লাগিলে কেনেকুৱা অনুভৱ হয় বাৰু?

সঁচাই, জুয়ে পোৰা যন্ত্রণা অবৰ্ণনীয়। গাত জুই লগাৰ কথা ভাবিলে আমি সকলো নিশ্চয় আতংকিত হৈ পৰিম ভয়ংকৰ যন্ত্রণাৰ কথা ভাবি।

Apply Now

তেনে অনুভৱ এটা মনলৈ আনি, এইবাৰ ভাবিবলৈ চেষ্টা কৰোঁ আহক, জীৱন্ত এজন মানুহৰ গাত, হাত-ভৰি বান্ধি জুই লগাই দিয়া হৈছে!

কি কৰিব মানুহজনে? যন্ত্রণা আৰু আতংকত চিঞৰিব‌? সহায়ৰ বাবে বুকু ফাটি যোৱা আৰ্তনাদ কৰি উঠিব?

নাই, মানুহজনে সেইবোৰ একোকে কৰা নাছিল। জুইত জীয়াই জীয়াই জ্বলাই দিয়াৰ আগতে সেই ভয়-ভীতিহীন আচৰিত মানুহজনে কৈছিল এটি কথা। সেই কথাটি মানুহৰ ইতিহাসত চিৰস্মৰণীয় হৈ থাকি গ’ল।

কোন আছিল সেই দুৰ্মদ মানুহজন‌? মানুহজনে কৰিছিল কি, যাৰ বাবে তেওঁক জুইলৈ নিক্ষেপ কৰা হৈছিল মানুহজনৰ নাম জ্যৰ্ডানো ব্রুনো (Giordano Bruno)।

Giordano Bruno - Wikipedia

আজিকালিৰ পাঠশালাৰ ছাত্রইও জানে যে পৃথিৱীখনৰ অৱস্থান বিশ্বব্রহ্মাণ্ডৰ কেন্দ্রত নহয়। কিন্তু সেই কথাটো কোৱাৰ বাবেই ব্রুনোক জীয়াই জীয়াই পুৰি মাৰি পেলোৱা হৈছিল আনুষ্ঠানিক বিচাৰ-প্রক্রিয়াৰ শেষত। তাৰিখটো আছিল ১৬০০ চনৰ ১৭ ফেব্রুৱাৰী।

ব্রুনোক যেতিয়া জ্বলাবলৈ লৈ গৈছিল, তেতিয়া ব্রুনোৱে ধীৰ-স্থিৰভাবে ঘাতকবোৰক কৈছিল, “মই মৃত্যুলৈ যিমান ভয় খাইছোঁ, তোমালোকে মোৰ মতক তাতকৈ বহুত বেছি ভয় কৰিছা”!

কিহৰ প্রতি ভয় আছিল সেই ঘাতক-বাহিনীৰ? ভয় আছিল সিহঁতৰ সত্যৰ প্রতি, যুক্তিৰ প্রতি, মুক্ত চিন্তাৰ প্রতি।

ব্রুনোক জীয়াই জীয়াই জ্বলাই দিয়াৰ পাছতো সিহঁতে পৃথিৱীক ব্রহ্মাণ্ডৰ কেন্দ্রত স্থাপন কৰিব নোৱাৰিলে। কেনেকৈ পাৰিব‌? সত্যসন্ধানী ব্যক্তিৰ হত্যাই সত্যক জানো স্থানান্তৰিত কৰিব পাৰে! ব্রুনোৱে এই কথাটোকেই মানৱ-জাতিৰ আগত প্রমাণ কৰি গ’ল তেওঁৰ অমৰ মৰণৰ মাজেদি।

Giordano Bruno: Philosopher and Heretic

ব্ৰুন’ৰ ওপৰত কৰা সেই নিৰ্মম অত্যাচাৰ আৰু হত্যাৰ আজি চাৰিশ বছৰৰো অধিক হ’ল। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানৱ সমাজ সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। কিন্তু তথাপিও জানো মুক্ত চিন্তাৰ পথ প্ৰশস্ত হ’ল?

নৰেন্দ্ৰ ডাবোলকাৰ, এম কালবুৰ্গী, গোবিন্দ পানচাৰে, গৌৰী লংকেশ, অভিজিত ৰয়, এইছ ফাৰুক আদি বহুজন মুক্তচিন্তকৰ কণ্ঠ ৰুদ্ধ কৰি দিয়া হ’ল আজিৰ যুগতো। সেয়েহে মুক্ত চিন্তাৰ প্ৰতিভূ হিচাপে ব্ৰুনোৰ প্ৰাসংগিকতা আজিও হেৰাই যোৱা নাই।

অসমত যুক্তি বিকাশ সমিতি, অসম আৰু মুক্ত চিন্তাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ২০১৮ চনত ব্ৰুনোৰ হত্যাৰ দিনটোক ‘যুক্তি দিৱস’ ৰূপে উদ্যাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। সেইবছৰৰ পৰা প্ৰত্যেক বছৰে ‘যুক্তি দিৱস’ পালন কৰি অহা হৈছে। সুখৰ কথা, লাহে লাহে অসমৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানমনস্ক ৰাইজে নিজ নিজ অঞ্চলতো ব্ৰুনোৰ স্মৃতিত ‘যুক্তি দিৱস’ পালন কৰিবলৈ লৈছে।

প্ৰথমবাৰৰ কাৰ্যসূচীৰ এক দৃশ্য

এইবাৰ অহা ১৮ ফেব্ৰুৱাৰী দেওবাৰে তিনিটা সংগঠন, ক্ৰমে ‘যুক্তি বিকাশ সমিতি, অসম’, ‘ইলোৰা বিজ্ঞান মঞ্চৰ বোকাখাত শাখা আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাত জাতীয় বিদ্যালয়ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰিবলৈ লোৱা হৈছে।

কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ হ’ব ‘সাপ অন্ধবিশ্বাস আৰু আমাৰ সমাজ’ শীৰ্ষক বিষয়ত ডিমৌ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা০ সুৰজিত গিৰিৰ বক্তৃতা। আনহাতে ‘সমাজৰ পৰা অন্ধবিশ্বাস নিৰ্মূলকৰণৰ বাধাসমূহ, তাৰ প্ৰতিকাৰৰ উপায়’ শীৰ্ষক বিষয়ত মুকলি আন্তৰিক আলাপৰ কাৰ্যসূচী গ্ৰহণ কৰিছে উদ্যোক্তাসকলে।

ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ যুক্তিমনস্ক মানুহে এই কাৰ্যসূচীত যোগ দিবলৈ আগবাঢ়ি আহিছে। গুৱাহাটী, ঢেকীয়াজুলি, গোৰেশ্বৰ আদি ঠাইতো যুক্তি বিকাশ সমিতিৰ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ শাখাসমূহে দিৱসটি পালনৰ প্ৰস্তুতি চলাই আছে।

আহকচোন যুক্তিবাদৰ বাবে, বিজ্ঞানমনস্কতাৰ বাবে তথা সমাজৰ সৰ্বাংগীন সমতা আৰু গণতন্ত্ৰৰ বাবে আমি সকলো একত্ৰিত হওঁ আৰু সত্য প্ৰতিষ্ঠাৰ যুঁজত ব্ৰুনোৰ আত্মবলীদানক শ্ৰদ্ধাৰে সোঁৱৰো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd