• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষ্ণুৰাভাৰ তেজপুৰৰ গৃহ সংৰক্ষণৰ বিষয়টো অপ্ৰাসংগিক : হেমৰাজ ৰাভা

বিষ্ণুৰাভাৰ নামত সংগ্ৰহালয় নিৰ্মাণ কৰিবলৈ আছুৱে মাত মতা নাই কিয়? প্ৰশ্ন হেমৰাজ ৰাভাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 20, 2019 8:46 pm
Hemraj Rabha
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেধাৰে সুৰকাৰ, গীতিকাৰ, কবি, অভিনেতা তথা খেলুৱৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি ৫১ সংখ্যক মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাভা দিৱস। এনে ক্ষণতে বিষ্ণুৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই বিষ্ণুৰাভাৰ তেজপুৰৰ গৃহটো সংৰক্ষণৰ বিষয়টো অপ্ৰাসংগিক বুলি উল্লেখ কৰে।

আজিৰ ৰাভা দিৱসৰ এই বিশেষ দিনটোত নৰ্থ ইষ্ট নাওৰ সাংবাদিকে বিষ্ণুৰাভাৰ পুত্ৰৰ সৈতে যোগাযোগ কৰিছিল আৰু কলাগুৰুৰ তেজপুৰৰ গৃহ সংৰক্ষণৰ প্ৰসংগটো উত্থাপন কৰিছিল। তেনে সময়তে বিষ্ণুৰাভাৰ পৰিয়ালে তেওঁৰ গৃহটো সংৰক্ষণ বা মেৰামতি কৰিবলৈ অনিচ্ছুক বুলিও মন্তব্য কৰে।

Apply Now

তেওঁ কয়, ‘’পৰিয়ালৰ ফালৰ পৰা বিষ্ণুৰাভাৰ গৃহটো মেৰামতি কৰিব লাগে বা সংৰক্ষণ কৰিব লাগে বুলি জনোৱা হোৱা নাই। সেইটো আচলতে বিষ্ণুৰাভাৰ গৃহ নহয়, তেওঁৰ ককায়েক গোলাপ ৰাভাৰ গৃহ আছিল।  ১৯৮৩ চনত হিতেশ্বৰ শইকীয়া মুখ্য মন্ত্ৰী হৈ থকাৰ সময়ত বিষ্ণুৰাভাৰ পত্নী মোহিনী ৰাভাই সেই সময়ৰ চৰকাৰৰ পৰা আৰ্থিক সাহায্য বিচাৰিছিল। কিন্তু হিতেশ্বৰ শইকীয়াই আৰ্থিক সাহায্য প্ৰদান নকৰিলে।‘’

ইপিনে, বিষ্ণুৰাভাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ তেওঁৰ নামত চৰকাৰী পক্ষ অথবা অন্যান্য কোনো জাতীয় সংগঠনে গুৰুত্ব আৰোপ কৰা নাই বুলিও অভিযোগ কৰে পুত্ৰ হেমৰাজ ৰাভাই।

‘’বিষ্ণু ৰাভাৰ ঘৰেই হওঁক বা কৰ্মৰাজিয়েই হওঁক, চৰকাৰ কিয় জাতীয় সংগঠনসমূহেও একো নকয়। বিষ্ণুৰাভাৰ গৃহটো সংৰক্ষণৰ কথা নাহেই, বিষ্ণু ৰাভাৰ সংগ্ৰহালয় নিৰ্মাণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই আজিলৈকে মাত মতা নাই। কিন্তু ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নামত চৰকাৰৰ পৰা ১৮ কোটি টকা দাবী কৰি আদায় কৰিলে,’‘-এইদৰে কয় ৰাভাই।

তাৎপয্যপূৰ্ণভাৱে, কোনো লোকে বিষ্ণুৰাভাৰ গৃহ সংৰক্ষণৰ নামত তেওঁৰ পৰিয়ালকেইটাক তেজপুৰৰ পৰা উচ্ছেদ কৰিবলৈহে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি তেওঁ গুৰুতৰ অভিযোগ তোলে।

তেওঁ কয়, ‘‘কিছুসংখ্যক ব্যক্তিয়ে বিষ্ণৰাভাৰ পৰিয়ালক তেজপুৰ টাউনৰ পৰা উচ্ছেদ কৰিবলৈ বিষ্ণুৰাভাৰ ঘৰটোৰ কথা সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত লিখে। অসমৰ জনমানসত বিষ্ণুৰাভাৰ কোনো চিন-চাব নাথাকক তাৰ বাবে চৰকাৰৰ দ্বাৰা পৰিচালিত মিডিয়াই গৃহটোৰ সংৰক্ষণৰ কথা কৈ থাকে।‘‘

ইপিনে, তেওঁৰ এক মন্তব্যৰ পৰা স্পষ্ট হৈ পৰে যে কলাগুৰু বিষ্ণুৰাভাৰ প্ৰতি প্ৰত্যেকখন চৰকাৰে অৱজ্ঞা কৰি আহিছে।

‘’বিষ্ণুৰাভাৰ মৃত্যুৰ পাছত তেওঁৰ পত্নী মোহিনী ৰাভাই মাত্ৰ ২০০ টকা পেন্সন পাইছিল, সেই সময়তে জয়ন্ত হাজৰিকাৰ পত্নীয়ে ১৫০০ টকা পেন্সন পাইছিল। জয়ন্ত হাজৰিকাতকৈ বিষ্ণু ৰাভা কি সৰু আছিল নেকি,‘’-পুত্ৰ ৰাভাই এইদৰে কয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, যোৱা ১৪ মে’ৰ দিনা হেমৰাজ ৰাভাই তেওঁৰ ফেইচবুকৰ জৰিয়তে বিষ্ণুৰাভাৰ গৃহ সংৰক্ষণৰ বিষয় সন্দৰ্ভত তেওঁৰ মতামত প্ৰকাশ কৰিছিল। উক্ত দিনটোতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তেজপুৰৰ বাসগৃহটো সংৰক্ষণ কৰিবলৈ অনুৰোধ জনাই চিঠি লিখিছিল। সেই প্ৰসংগ উত্থাপন কৰি তেওঁ পূৰ্বৰ তথা বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বৰ মাজত এক তুলনা কৰিছিল। লগতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই মুখ্য মন্ত্ৰীলৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ গৃহ সংৰক্ষণ বিচাৰি চিঠি লিখাটোৱে তেওঁ তথা তেওঁৰ পৰিয়ালক হতভম্ব কৰা বুলি উল্লেখ কৰিছিল।

‘’তাহানিৰ মুখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহাদেৱে বিষ্ণু ৰাভাৰ গৃহ ঋণ পৰিশোধ কৰি গ’ল আৰু আজিৰ দেবব্ৰত শইকীয়াই বিষ্ণু ৰাভাৰ পৰিয়ালক উচ্ছেদ কৰাৰ কথা ভাবিছে। কিমান পাৰ্থক্য আজিৰ আৰু তাহানিৰ কংগ্ৰেছৰ মাজত,’’‘-ফেইচবুক পোষ্টটোৰ শেষৰ ফালে এইদৰে লিখিছিল ৰাভাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd