• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2025 1:21 pm
514
VIEWS
Share on FacebookShare on Twitter

ন্যায়পালিকা আৰু প্ৰশাসনৰ মাজত বাঢ়িছে নেকি ব্যৱধান? এইবাৰ সংবিধানৰ ১৪৩ নং অনুচ্ছেদক ব্যৱহাৰ কৰি উচ্চতম ন্যায়ালয়ক প্ৰশ্ন কৰিছে খোদ ৰাষ্ট্ৰপতিয়ে। ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিধেয়ক গৃহীত কৰাৰ সময়সীমা সন্দৰ্ভত ন্যায়পালিকাৰ সন্মুখত ১৪টা প্ৰশ্ন উত্থাপন কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। নিয়ম অনুসৰি এইবাৰ ৰাষ্ট্ৰপতিৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৰায় দিছিল যে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়েও বিধায়িনী দলে গৃহীত কৰা বিধেয়ক অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিব নোৱাৰে। সেই বিল সন্দৰ্ভত তেওঁলোকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সিদ্ধান্ত ল’ব লাগিব। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে কেৱল ৰাজ্যপাল বা ৰাষ্ট্ৰপতিক এনে ‘নিৰ্দেশনা’ দিব নোৱাৰে। কিন্তু সংবিধানৰ ১৪২ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে আইনৰ বাহিৰলৈ গৈ ‘ন্যায় প্ৰতিষ্ঠাৰ উদ্দেশ্যে’ বিশেষ ৰায় দিব পাৰে। এই গোচৰত উচ্চতম ন্যায়ালয়েও ১৪২ নং অনুচ্ছেদৰ অধীনত ৰায় দান দিছিল। ইতিমধ্যে শাসকীয় শিবিৰৰ বহু নেতাই ইয়াৰ বাবে ন্যায়পালিকাক সমালোচনা কৰিছে। এইবাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই এই বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰিলে।

উল্লেখ্য যে সংবিধানৰ ১৪৩ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়েও বিশেষ ক্ষমতা লাভ কৰে। উচ্চতম ন্যায়ালয়ৰ যিকোনো ৰায়ক লৈ প্ৰশ্ন উত্থাপন কৰাৰ অধিকাৰ লাভ কৰে। সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি সেই অধিকাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন উত্থাপন কৰিছে দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ ভিতৰত উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ বাবে বিধেয়ক গৃহীত কৰাৰ সময়সীমা কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰে? উচ্চতম ন্যায়ালয়ৰ বিশেষ ক্ষমতা ৰাজ্যসমূহে কেন্দ্ৰৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছেনে? কোনো ৰাজ্যপালৰ সিদ্ধান্তত ন্যায়পালিকাই আচলতে হস্তক্ষেপ কৰিব পাৰেনে? উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ফলত ৰাজ্যপাল বা ৰাষ্ট্ৰপতিৰ ক্ষমতা কৰ্তন হোৱা নাই নেকি?

বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা ন্যায়াধীশ বি আৰ গাভাই, শপত গ্ৰহণৰ পিছতে এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। প্ৰসংগ ক্ৰমে এতিয়া ৰাষ্ট্ৰপতিৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ সাংবিধানিক বিচাৰপীঠ গঠন কৰিব লাগিব। সেই সাংবিধানিক বিচাৰপীঠৰ সদস্যৰ সংখ্যা কমেও ৫ গৰাকী হ’ব লাগিব। মুখ্য ন্যায়াধীশে সেই সাংবিধানিক বিচাৰপীঠৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিৰ প্ৰশ্নৰ উত্তৰ দিব।

Recent News

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd