• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাইজেৰিয়াত আইছিছ সন্ত্ৰাসবাদী ঘাটিত মাৰাত্মক বিমান আক্ৰমণ; বৰদিনৰ নিশা জনালে ট্ৰাম্পে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2025 10:52 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাইজেৰিয়াত আইছিছ সন্ত্ৰাসবাদীৰ ঘাটিত একাধিক মাৰাত্মক বিমান আক্ৰমণ চলাইছে আমেৰিকান সেনাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে নিশা তেওঁৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত এই খবৰ ঘোষণা কৰে। নাইজেৰিয়াত আইছিছ উগ্ৰপন্থীয়ে খ্ৰীষ্টানসকলক লক্ষ্য কৰি লোৱাৰ অভিযোগ তুলি তাৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া হৈছে বুলি কয়।

তেওঁৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত এটা পোষ্টত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে নাইজেৰিয়াত তেওঁৰ নিৰ্দেশ অনুসৰি মাৰাত্মক বিমান আক্ৰমণ চলোৱা হৈছে আৰু উত্তৰ-পশ্চিম নাইজেৰিয়াত সক্ৰিয় আইছিছ সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱা হৈছে।

Apply Now

তেওঁ লিখিছে, “আজি নিশা সৰ্বাধিনায়ক হিচাপে মোৰ নিৰ্দেশত আমেৰিকাই উত্তৰ-পশ্চিম নাইজেৰিয়াৰ নিকৃষ্ট আইছিছ সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে এক শক্তিশালী আৰু মাৰাত্মক আক্ৰমণ চলাইছে।”

ট্ৰাম্পে দাবী কৰে যে সন্ত্ৰাসবাদীসকলে “নিৰীহ খ্ৰীষ্টানসকলক নিৰ্মমভাৱে হত্যা কৰিছিল, মূলতঃ তেওঁলোকক লক্ষ্য কৰি লৈছিল। এই হিংসা বহু বছৰ, আনকি শতিকা ধৰি দেখা নোপোৱা মাত্ৰাত উপনীত হৈছে।”

ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদী সংগঠনটোক আক্ৰমণ বন্ধ কৰিবলৈ সকীয়াই দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পে লিখিছে, “মই পূৰ্বে এই সন্ত্ৰাসবাদীসকলক সকীয়াই দিছিলো যে যদি তেওঁলোকে খ্ৰীষ্টানক হত্যা কৰা বন্ধ নকৰে তেন্তে তেওঁলোকে যথেষ্ট মূল্য দিব লাগিব – আৰু আজি ৰাতি, সেয়াই হ’ল।”

ৰাষ্ট্ৰপতিগৰাকীৰ মতে, এই অভিযানত আমেৰিকাৰ সেনাই “অসংখ্য নিখুঁত আক্ৰমণ” চলাইছে। পেন্টাগনক ‘ডিপাৰ্টমেন্ট অফ ৱাৰ’ বুলি উল্লেখ কৰি ট্ৰাম্পে কয় যে ‘কেৱল আমেৰিকাৰ সেনাইহে এনে নিখুঁত আক্ৰমণ কৰিবলৈ সক্ষম।’

ট্ৰাম্পে কয় যে এই পদক্ষেপে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত তেওঁৰ আমেৰিকা প্ৰশাসনৰ বৃহত্তৰ স্থিতি প্ৰতিফলিত কৰিছে। আমেৰিকাৰ সেনাবাহিনীক প্ৰশংসা কৰি ছ’চিয়েল মিডিয়াত তেওঁ কয় যে, ‘মোৰ নেতৃত্বত আমাৰ দেশখনে (আমেৰিকাই) উগ্ৰ ইছলামিক সন্ত্ৰাসবাদক মূৰ তুলি উঠিবলৈ নিদিয়ে।

নাইজেৰিয়া বছৰ বছৰ ধৰি আইছিছ আৰু বকো হাৰামকে ধৰি উগ্ৰপন্থী সংগঠনৰ হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ উত্তৰ আৰু উত্তৰ-পূব অঞ্চলত উগ্ৰপন্থী সংগঠনটো সক্ৰিয় হৈ পৰিছে।

শেহতীয়াকৈ আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আইন অনুসৰি নাইজেৰিয়াক “বিশেষ উদ্বেগৰ দেশ” হিচাপে ঘোষণা কৰিছে। নৱেম্বৰ মাহত ট্ৰাম্পে কৈছিল যে খ্ৰীষ্টানসকলৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগৰ পিছত তেওঁ পেন্টাগনক সম্ভাৱ্য সামৰিক ব্যৱস্থাৰ পৰিকল্পনা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল।

যোৱা কেইটামান সপ্তাহত বিদেশ বিভাগে খ্ৰীষ্টানৰ বিৰুদ্ধে গণহত্যা আৰু হিংসাৰ লগত জড়িত নাইজেৰিয়ান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰতো ভিছা নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে।

ইপিনে, নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা টিনুবুৱে বৰদিনৰ দিনা ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বিবৃতি আৰু চিঠিৰ জৰিয়তে ধৰ্মীয় স্বাধীনতা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। টিনুবুৱে তেওঁৰ বক্তব্যৰ সৈতে সংলগ্ন এখন পত্ৰত কয়, “আপোনালোকৰ ৰাষ্ট্ৰপতি হিচাপে মই নাইজেৰিয়াত ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ বাবে আৰু বিভিন্ন ধৰ্মৰ সকলো লোকক হিংসাৰ পৰা ৰক্ষা কৰিবলৈ মোৰ সামৰ্থ্য অনুসৰি সকলো কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

পত্ৰখনত লিখা আছিল, “২০২৩ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা মই নাইজেৰিয়ানসকলক আমাৰ জাতিৰ নিৰাপত্তা, ঐক্য আৰু স্থিতিশীলতা ৰক্ষাৰ বাবে আমাৰ অটল প্ৰতিশ্ৰুতিৰ বিষয়ে অহৰহ আশ্বাস দি আহিছো।”

খ্ৰীষ্টানসকলক পদ্ধতিগতভাৱে নিৰ্যাতন চলোৱাৰ দাবী নাকচ কৰিছে নাইজেৰিয়া চৰকাৰে। ইয়াত যুক্তি দিয়া হৈছে যে সশস্ত্ৰ সংগঠনে মুছলমান আৰু খ্ৰীষ্টান উভয়কে লক্ষ্য কৰি লয় আৰু এনে দাবীয়ে জটিল নিৰাপত্তা পৰিস্থিতি অতি সৰল কৰি তোলে। দেশখনৰ জনসংখ্যা মোটামুটিভাৱে উত্তৰে মুছলমান প্ৰধান আৰু দক্ষিণে খ্ৰীষ্টান প্ৰধান হিচাপে বিভক্ত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd