• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰত জন্ম হ’ল গৰু পোৱালী! মৰমেৰে নাম দিলে ‘দীপজ্যোতি’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2024 5:20 pm
252
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিয়ালত আগমন হ’ল এজন নতুন সদস্যৰ। মোদীয়ে নিজেই মৰমেৰে নাম ৰাখিলে ‘দীপজ্যোতি’।

স্বাধীন ভাৰতত প্ৰৱেশ কৰা প্ৰথম গৰু ৰাজনীতি কংগ্ৰেছৰ হাতত আছিল। ইন্দিৰা কংগ্ৰেছৰ দিনত যেতিয়া নিৰ্বাচনী প্ৰতীক কেইবাবাৰো সলনি হৈছিল, তেতিয়া এসময়ত গৰু আৰু পোৱালীৰ ছবি আছিল। ইন্দিৰা গান্ধীয়েই নিজৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুণ্ণ ৰাখিবলৈ নিৰ্বাচনী প্ৰতীকটো হাতৰ প্ৰতীকলৈ সলনি কৰিছিল। কিন্তু, বিজেপিয়ে কেতিয়াও গৰু ৰাজনীতি পৰিত্যাগ কৰা নাই।

প্ৰধানমন্ত্ৰীৰ গোপূজাৰ দৃশ্যও যোৱা মকৰ সংক্ৰান্তিত দেখা গৈছিল। তেওঁ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পিছফালে থকা বাৰীত গৰু এটাক খুৱাই দিয়াৰ ভিডিঅ’ পোষ্ট কৰে৷ ২০২৩ চনৰ ৩১ ডিচেম্বৰত প্ৰায় একেধৰণৰ ছবি মুক্তি লাভ কৰে। প্ৰধানমন্ত্ৰীয়ে কেইবাবাৰো গোমাতা সনাতন ধৰ্মৰ অভিভাৱক মাতৃ বুলি কোৱা শুনা গৈছে। ২০২১ চনত কাশীত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ কয় যে গৰু-প্ৰেম একাংশৰ বাবে অপৰাধ। কিন্তু আমাৰ বাবে গৰু মাতৃৰ সমান।

বিগত বৰ্ষত ৱাৰংগলৰ ভদ্ৰকালি মন্দিৰ পৰিদৰ্শন কৰাৰ সময়ত মোদীয়ে গৰুক ঘাঁহ খুৱাই থকা দেখা গৈছিল। আনকি ৰামলালাৰ মন্দিৰ আৰু প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পূৰ্বেও মোদীয়ে ভক্তিমূলক সাত্ত্বিক দিনত গৰুটোক নিয়মিতভাৱে খুৱাইছিল। প্ৰধানমন্ত্ৰীৰ এই আচৰণৰ বাবে বিৰোধী ৰাজনৈতিক মহলে কেইবাবাৰো সমালোচনা কৰাৰ পিছতো মোদীৰ গৰুৰ প্ৰতি থকা প্ৰেম একেবাৰে কমি যোৱা নাই।

মোদীৰ ঘৰত কেইবাটাও গৰু পালন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে সময় পালে সিহঁতক খুৱাই, যত্ন লয়। গৰুবোৰ অন্ধ্ৰ প্ৰদেশৰ পুংগানুৰ জাতৰ। এইবিধ গৰুৰ উচ্চতা ডেৰ-দুই ফুটৰ পৰা তিনিফুট।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd