• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোনো ভাৰতীয়ই দেশ এৰিব নালাগে : এন আৰ চি প্ৰসংগত মুখ খুলিলে প্ৰধানমন্ত্ৰী মোডীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2018 8:03 am
This Sunday, thinking of giving up my social media accounts: PM Modi

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ছবি।

104
VIEWS
Share on FacebookShare on Twitter

এন আৰ চি উন্নীতকৰণৰ বিষয়ক লৈ মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এন আৰ চি উন্নীতকৰণক লৈ ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোডীয়ে। এন আৰ চিৰ চূড়ান্ত খচৰাত ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পিছত দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰাৰ সময়তে প্ৰধানমন্ত্ৰী মোডীয়ে এন আৰ চিক লৈ কোনো ভাৰতীয় নাগৰিকে ভয় খোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস প্ৰদান কৰিছে।

এন আৰ চিৰ পিছত কোনো ভাৰতীয় নাগৰিকে দেশ এৰি যাব নালাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ব্যক্ত কৰে যে এন আৰ চি উন্নীতকৰণৰ কাম উচ্চতম ন্যায়ালয়ৰ এক সুনিৰ্দিষ্ট প্ৰক্ৰিয়াৰে চলিছে। খচৰাত বাদ পৰা লোকসকলে যাতে তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্বুক্ত কৰিব পাৰে তাৰ বাবে সকলো সুবিধা প্ৰদান কৰা হ’ব। সকলো বৈধ নাগৰিকৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব বুলিও তেওঁ সদৰী কৰে।

সংবাদ সংস্থা এ এন আইক দিয়া এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোডীয়ে এন আৰ চিক লৈ নিজৰ অবিমত ব্যক্ত কৰাৰ লগতে এন আৰ চিৰ বিৰোধিতা কৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো তীব্ৰভাৱে সমালোচনা কৰে। এন আৰ চিক লৈ দেশত গৃহযুদ্ধ আৰু ৰক্তপাত হ’ব বুলি কৰা মমতাৰ মন্তব্য সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কটাক্ষ কৰে যে যিসকলে আত্মবিশ্বাস হেৰুৱাইছে, যাৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ ভয় হৈছে, যিসকলৰ ৰাষ্ট্ৰৰ ওপৰত বিশ্বাস নাই তেওঁলোকেহে গৃহযুদ্ধ, ৰক্তপাত তথা দেশক বিভাজনৰ কথা ক’ব পাৰে।

এন আৰ চিক লৈ বিৰোধী দলসমূহে ৰাজনীতি কৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এন আৰ চি জনসাধাৰণৰ সুৰক্ষাৰ বাবেহে, ৰাজনীতিৰ বাবে নহয়। ইয়াক লৈ কোনোবাই ৰাজনীতি কৰাটো দুৰ্ভাগ্যজনক।

সুদীৰ্ঘ দিন শাসনত থকা কংগ্ৰেছ দলে অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে আঙুলিয়াই দিয়ে অসম চুক্তি স্বাক্ষৰ কৰিছিল তদানীত্বন কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে। কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছে চুক্তি ৰূপায়ন কৰাতকৈ অধিক ভোটৰ ৰাজনীতিহে কৰিলে। যাৰ বাবে বিগত তিনি দশকে এন আৰ চি উন্নীতকৰণ নহ’ল।

কংগ্ৰেছৰ লগতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়েও বিদেশীক লৈ ভোটৰ ৰাজনীতি কৰা বুলি অভিযোগ তুলি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ২০০৫ চনত এইগৰাকী মমতা বেনাৰ্জীয়েই সংসদত অবৈধ বিদেশী বহিস্কাৰৰ দাবী উত্থাপন কৰিছিল। তেতিয়া তেওঁ পশ্চিমবংগৰ বাবে অবৈধ বিদেশী এক দুৰ্যোগ বুলি কৈছিল। এতিয়া ক্ষমতালৈ অহাৰ পিছত তেওঁ বিদেশীৰ পক্ষ লৈছে।

উল্লেখযোগ্য এন আৰ চিক লৈ দেশৰ ৰাজনীতি উত্তপ্ত হৈ থকাৰ সময়ত প্ৰধানমন্ত্ৰী নীৰৱ হৈ থকা বুলি বিৰোধী পক্ষই অভিযোগ কৰি আহিছিল। এতিয়া প্ৰধানমন্ত্ৰী মোডীয়ে এন আৰ চি সম্পৰ্কত নিজৰ বক্তব্য দাঙি ধৰাৰ পিছত বিৰোধীসকলে কি প্রতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ’ব।

 

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd