NORTHEAST NOW (Assamese)

একে নিশাতে বিক্ৰীৰ অভিলেখ গঢ়িলে ৰাজকুমাৰ হেৰীৰ বিতৰ্কিত আত্মজীৱনীমূলক গ্ৰন্থ ‘স্পেয়াৰ’-এ

January 11, 2023 3:45 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত ব্ৰিটেইনত প্ৰকাশ পালে ৰাজকুমাৰ হেৰীৰ বিতৰ্কিত আত্মজীৱনীমূলক গ্ৰন্থ  স্পেয়াৰবিশ্বৰ মুঠ ১৬টা ভাষাত প্ৰকাশ পালে এই গ্ৰন্থখন।

উল্লেখ্য যে লণ্ডনত বৃহৎ সংখ্যক লোকে এই গ্ৰন্থখন কিনিবলৈ শাৰী পাতি ৰৈ আছিল। তেওঁলোকৰ চাহিদা পূৰণৰ বাবেই সমগ্ৰ দেশৰ কিতাপৰ দোকানসমূহ খুলি ৰখা হৈছিল মাজনিশাৰ পৰা

ৰাজকুমাৰ হেৰীৰ জীৱনৰ কাহিনী নিজৰ মুখৰ পৰা শুনিবলৈ তেওঁৰ অনুৰাগীসকলে প্ৰচণ্ড শীতকো নেওচি শাৰী পাতিছিল লণ্ডনত।

উল্লেখ্য যে এই গ্ৰন্থখনৰ বহু অংশ ইতিমধ্যে বিভিন্ন আলোচনীত প্ৰকাশ পাইছে। লণ্ডনৰ পূৰ্বে যোৱা সপ্তাহত এই গ্ৰন্থখন স্পেইনত বিক্ৰী আৰম্ভ হৈছিল।

জানিব পৰা মতে এই গ্ৰন্থখন এ দশকৰ ভিতৰত সৰ্বাধিক প্ৰি-অৰ্ডাৰ কৰা কিতাপৰ ভিতৰত অন্যতম।

ইয়াৰ মাজতে এই স্মৃতিগ্ৰন্থখনে আমাজনত ব্ৰিটেইনৰ বেষ্টচেলাৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।

স্মৃতিগ্ৰন্থখনত ৰাজকুমাৰ হেৰীয়ে কেনেকৈ আৰু কাৰ হাতত কুমাৰীত্ব হেৰুৱাইছিল সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাজকুমাৰ উইলিয়ামে তেওঁক কেনেদৰে আক্ৰমণ কৰিছিল তাৰ বৰ্ণনাও আছে।

আফগানিস্তানৰ যুদ্ধত ২৫ জন তালিবান যোদ্ধাক হত্যা কৰাৰ কথা স্বীকাৰোক্তিও উল্লেখ আছে গ্ৰন্থখনত।  ইয়াৰ উপৰিও তেওঁৰ নিজৰ ড্ৰাগছ আসক্তিকে ধৰি ৪১০ পৃষ্ঠাৰ এই স্মৃতিগ্ৰন্থখনে তেওঁৰ ব্যক্তিগত জীৱনৰ সংঘাত আৰু উত্তেজনাক উন্মোচন কৰিছে। বৃটিছ ৰাজপৰিয়ালৰ লগত তেওঁৰ সংঘাত-সংঘৰ্ষৰ কথাও উল্লেখ আছে এই গ্ৰন্থখনত।

Related News