• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ নিৰিখৰ মাচুল : শিক্ষণৰ গুণ-মান নহয়, ডিগ্ৰী বিক্ৰীৰ ৰমৰমীয়া ব্যৱসায়ত পৰিণত হৈছে ব্যক্তিগত খণ্ডৰ বি এড কলেজবোৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 19, 2018 10:55 pm
B. Ed College Photo
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে মাধ্যমিক স্তৰৰ শিক্ষকতাৰ বাবে বি এড ডিগ্ৰী বাধ্যতামূলক কৰাৰ পিছতে ৰাজ্যখনত কাঠফুলাৰ দৰে হঠাতে যেনি-তেনি গজি উঠিল বি এড কলেজবোৰ।

ফলত ইয়াক লৈ এটা ৰমৰমীয়া ব্যৱসায় চলাইছে এচামে। পৰিস্থিতি এতিয়া এনেকুৱা হৈছেগৈ যে এইবোৰ এতিয়া উপযুক্ত গুণ-মানৰ শিক্ষণৰ পাঠ দিয়াৰ পৰিৱৰ্তে হৈছেগৈ টকাৰ বিনিময়ত ডিগ্ৰী দিয়া অনুষ্ঠান।

Apply Now

উল্লেখযোগ্য যে আজি আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ চৰকাৰী অথবা বেচৰকাৰী বি এড শিক্ষাৰ প্ৰতিষ্ঠানসমূহে ১০ হাজাৰ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা বুলি গুৰুতৰ অভিযোগ তোলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মহানগৰ জিলা সমিতিৰ সভাপতি মৃন্ময় বৰুৱাই।

সংবাদমেলত মৃণ্ময় বৰুৱাই কয় যে যোৱা ৫ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা তালিকা মতে ৰাজ্যৰ মুঠ বি এড কলেজৰ সংখ্যা ৩৭খন। ইয়াৰে ৩৫খনেই ব্যক্তিগত খণ্ডৰ।

ব্যক্তিগত খণ্ডৰ ৩৫খনত মুঠ আসনৰ সংখ্যা ৩৪৫০খন হোৱাৰ বিপৰীতে চৰকাৰী বি এড মহাবিদ্যালয়ৰ আসনৰ সংখ্যা কেৱল ৬৫০খন বুলিহে প্ৰকাশ কৰিছিল উক্ত তালিকাত।

আনহাতে বৰুৱাই কয়, “যোৱা ১০ আগষ্টত প্ৰকাশ কৰা তালিকাত ৰহস্যজনকভাৱে ৩৪৫০খন আসনৰ পৰা হ্ৰাস পাই বেচৰকাৰী প্ৰতিষ্ঠানবোৰত আসনৰ সংখ্যা হ’লগৈ ২৯৮৮খন আৰু চৰকাৰী বি এড মহাবিদ্যালয়ত আসন মাত্ৰ ১৮৮খন হ’ল।”

ইয়াৰোপৰি তেওঁ চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, “এইবেলি যিহেতু চৰকাৰী বি এড কলেজত ১৮৮গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে অধ্যয়নৰ সুবিধা লাভ কৰিব, তেনে স্থলত বাকী দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে বেচৰকাৰী বি এড প্ৰতিষ্ঠানত ৫০-৬০ হাজাৰ টকা খৰচ কৰি কেনেকৈ অধ্যয়ন কৰিব?

আনহাতে, চৰকাৰে বেচৰকাৰী বি এড প্ৰতিষ্ঠানসমূহে নামভৰ্তিৰ নামত  প্ৰয়োজনতকৈ বেছি মাচুল সংগ্ৰহেৰে শিক্ষাৰ্থীসকলক মাধমাৰ শোধোৱা ব্যৱস্থাটোক সমৰ্থন কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে।

তেওঁ লগতে কয় “এখন ব্যক্তিগত বি এড কলেজৰ আসনৰ সংখ্যা ১০০খন থাকিলে এগৰাকী শিক্ষাৰ্থীৰ পৰা ৫০ হাজাৰকৈ দুবছৰত ১লাখ টকা আদায় কৰে। সেইদৰে আৰু ১০০গৰাকী শিক্ষাৰ্থীৰ পৰা দুবছৰত প্ৰতিষ্ঠানটোৱে ১ কোটি টকা পৰ্য্যন্ত লাভ কৰে।

মৃণ্ময় বৰুৱাই উক্ত সংবাদমেলতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ প্ৰতি কেইটামান দাবীও তোলে। সেই দাবীসমূহ ক্ৰমে :

১. ৰাজ্যখনত অতি শীঘ্ৰে ৫০খন চৰকাৰী বি এড প্ৰতিষ্ঠান গঢ়ি তোলা।

২. ব্যক্তিগত খণ্ডৰ বি এড কলেজসমূহত চলি থকা বেমেজালি বন্ধ কৰা।

৩. বি এড কলেজসমূহত নুন্যতম ২০ হাজাৰ টকাৰ ভিতৰত পাঠ্যক্ৰম প্ৰদান কৰা।

৪. শিক্ষকসকলৰ বাবে সুকীয়া বি এড কলেজ প্ৰতিষ্ঠা কৰা।

৫. বি  এডৰ পাঠ্যক্ৰম এবছৰীয়া কৰা।

উপৰোক্ত দাবীসমূহ গ্ৰহণ নকৰিলে পৰৱৰ্তী পৰ্য্যায়ত শিক্ষাবিভাগৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

সংগঠনটোৰ মতে, ৰাজ্যৰ চাকৰি প্ৰত্যাশী দুখীয়া নিবনুৱাই ভৱিষ্যতে শিক্ষকৰ চাকৰিত সোমাম বুলি ভাবিলেও এই বি এড কলেজৰ উৎকট ব্যৱসায় এক অন্তৰায় হৈ দেখা দিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd