• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাজাত ইজৰাইলৰ আক্ৰমণৰ বিৰুদ্ধে লণ্ডনত ৩ লাখ লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2023 10:10 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাজাত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিবাদত ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত কমেও তিনি লাখ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় সময় অনুসৰি শনিবাৰে বিয়লি বিভিন্ন বয়সৰ পুৰুষ-মহিলাই এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

প্ৰতিবাদ আৰম্ভ হোৱাৰ আগতেই প্ৰতিবাদস্থলী হাইড পাৰ্কত প্ৰতিবাদকাৰী লোকসকল সমবেত হ’বলৈ আৰম্ভ কৰে। শনিবাৰটো আছিল দ্বিতীয় বিশ্বযুদ্ধৰ নিহত সৈনিকসকলৰ স্মৃতি দিৱস বা সোঁৱৰণ দিৱস। একেদিনাই প্ৰতিবাদ আৰু স্মৃতিচাৰণ অনুষ্ঠানক কেন্দ্ৰ কৰি সংঘৰ্ষৰ আশংকাৰ মাজতে ইতিমধ্যে হাই এলাৰ্টত আছিল ব্ৰিটেইনৰ আৰক্ষী।

পেলেষ্টাইনৰ বাবে ৰাষ্ট্ৰীয় মাৰ্চ নামৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয় স্থানীয় সময় অনুসৰি দুপৰীয়া ১২ বজাৰ পৰা। ৭ অক্টোবৰৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা ব্ৰিটেইনৰ মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Apply Now

লগতে পঢ়কঃ ICC World Cup 2023: পাক নুঘুৰিল পাকিস্তানৰ! ইডেনতো ইংলেণ্ডৰ হাতত লজ্জাজনক পৰাজয়; হতাশাৰে বিশ্বকাপৰ পৰা ঘুৰিল বাবৰ বাহিনী

শনিবাৰে এই প্ৰতিবাদত ৩ লাখ লোকে অংশগ্ৰহণ কৰে। কিন্তু আৰ্মিষ্টিক ডে’ৰ বাবে ব্ৰিটেইন চৰকাৰৰ ফালৰ পৰা প্ৰতিবাদ বাতিল কৰিবলৈ কোৱা হয়। চেনোটাফত অনুষ্ঠিত হোৱা সৈনিক স্মৃতি দিৱসৰ অনুষ্ঠানৰ আশে-পাশে হাজাৰ হাজাৰ আৰক্ষী মোতায়েন কৰা হয়।

ইপিনে, যুদ্ধ স্মৰণ দিৱসত পেলেষ্টাইন সমৰ্থকৰ প্ৰতিবাদক সমালোচনা কৰে প্ৰধানমন্ত্ৰী সুনাকে। সোঁপন্থী প্ৰতিবাদকাৰীসকলে অৱস্থান গ্ৰহণ কৰে। তাত আৰক্ষী আৰু সোঁপন্থী প্ৰতিবাদকাৰীসকলৰ মাজত সংঘৰ্ষও সংঘটিত হয়।

পেলেষ্টাইন সমৰ্থনৰ প্ৰতিবাদত অংশ লবলৈশুকুৰবাৰে বাৰ্মিংহামৰ পৰা লণ্ডনলৈ আহিছিল আবিদ মাহমুদ। ২৫ বছৰীয়া যুৱকজনে পেলেষ্টাইনৰ পতাকা লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰে। আবিদ মাহমুদে কয়, ‘পেলেষ্টাইনক আমাৰ প্ৰয়োজন, তেওঁলোকে আন কাকো বিচাৰি পোৱা নাই। কোনেও তেওঁলোকক সমৰ্থন কৰা নাই আৰু যি হৈ আছে সেয়া নিষ্ঠুৰ। মানুহৰ মৃত্যু হৈছে। শিশুক হত্যা কৰা হৈছে। তেওঁলোকক আমি সমৰ্থন কৰাটো প্ৰয়োজন।’ আবিদৰ দৰে আন কিছুমান লোকে হাতত ‘মুক্ত পেলেষ্টাইন’ পতাকা আৰু প্লেকাৰ্ড লৈ আহিছিল।

লগতে পঢ়কঃ বেংগালুৰুত বিৰাট কোহলীৰ নামেৰে ৰাস্তাৰ নামকৰণত বিলম্ব; ক্ষুব্ধ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ

শুকুৰবাৰে লণ্ডন আৰক্ষীৰ উপ সহকাৰী আয়ুক্ত লৰেন্স টেইলৰে কয় যে এই সপ্তাহত আৰক্ষীৰ ব্যাপক অভিযান চলি আছে। আৰক্ষীৰ বাবে ই প্ৰত্যাহ্বানমূলক। সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে আৰক্ষীয়ে ৱাটাৰলু, ভিক্টোৰিয়া আৰু কেৰিং ক্ৰছ ৰেলৱে ষ্টেচন বন্ধ কৰি দিয়ে।

পেলেষ্টাইন সমৰ্থনত প্ৰতিবাদৰ আয়োজক পেলেষ্টাইন সংহতি অভিযানে কয় যে এই পদযাত্ৰা চেনোটাফ স্মাৰকৰ পৰা প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ ডাউনিং ষ্ট্ৰীটৰ কাৰ্যালয়লৈ গৈ তিনি কিলোমিটাৰ দূৰৈৰ আমেৰিকাৰ দূতাবাসৰ সন্মুখত শেষ হ’ব।

ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে কয় যে পেলেষ্টাইন সমৰ্থনৰ প্ৰতিবাদে হিংসাত্মক পৰিস্থিতিৰ উচটনি দিব পাৰে বুলি ইয়াক অসন্মানজনক হিচাপে মন্তব্য কৰে।

লগতে পঢ়কঃবিধ্বস্ত উপত্যকা! বিশ্ব স্বাস্থ্য সংস্থাৰ দাবী গাজাত প্ৰতি ১০ মিনিটত নিহত হৈছে এটি শিশু

অৱশ্যে ইয়াৰ পূৰ্বে পি এছ চিয়ে আয়োজন কৰা সকলো প্ৰতিবাদ শান্তিপূৰ্ণ আছিল। কিন্তু পেলেষ্টাইনৰ স্বাধীনতাকামী সংগঠনন হামাছক সমৰ্থন কৰা আৰু আক্ৰমণাত্মক প্লেকাৰ্ড লৈ যোৱা ১০০ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd