• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধ্বস্ত উপত্যকা! বিশ্ব স্বাস্থ্য সংস্থাৰ দাবী গাজাত প্ৰতি ১০ মিনিটত নিহত হৈছে এটি শিশু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2023 12:43 pm
ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত গাজা। ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত গাজা। ফটোঃ সংগ্ৰহীত।

2.1k
VIEWS
Share on FacebookShare on Twitter

পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত গড়ে প্ৰতি ১০ মিনিটৰ মূৰে মূৰে এটি শিশু নিহত হৈছে। এই কথা সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰিয়াছুছে। শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত তেওঁ কয় যে গাজাত কোনো ঠাই নিৰাপদ নহয় আৰু কোনোৱেই নিৰাপদ নহয়।

গাজাৰ ৩৬খন চিকিৎসালয়ৰ আধা আৰু অঞ্চলটোৰ প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰৰ দুই তৃতীয়াংশই এতিয়া কাম কৰা নাই বুলি গেব্ৰিয়াছুছে কয়। আৰু যিবোৰ চিকিৎসালয় আৰু প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ এতিয়াও সক্ৰিয় হৈ আছে, সেইবোৰৰ সক্ষমতাও শেষ হৈ গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে গাজাৰ স্বাস্থ্যসেৱা ব্যৱস্থা “পতনৰ পথত” বুলি অভিহিত কৰে।

১৫ জনীয়া সদস্যৰ নিৰাপত্তা পৰিষদক গেব্ৰিয়াছুছে কয় যে আনকি গাজাৰ চিকিৎসালয়ৰ কৰিড’ৰবোৰো মৃত, আহত আৰু অসুস্থ লোকেৰে ভৰি আছে। মৰ্গ উফন্দি উঠিছে। অস্ত্ৰোপচাৰ এনাস্থেচিয়া নোহোৱাকৈ কৰা হৈছে। হাজাৰ হাজাৰ গৃহহীন লোকে চিকিৎসালয়ত আশ্ৰয় লৈছে।

লগতে পঢ়কঃ বয়স আছিল মাত্ৰ ২৪ বছৰ; কোৰিয়ান গায়িকা কিম নাহিৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

যোৱা ৭ অক্টোবৰত পেলেষ্টাইনৰ স্বাধীনতাকামী হামাছে ইজৰাইলক আক্ৰমণ কৰে। তেতিয়াৰ পৰাই ইজৰাইলৰ বাহিনীয়ে গাজাত আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলে কয় যে হামাছৰ সদস্যই কমেও ১২০০ লোকক হত্যা কৰিছে। তেওঁলোকে ২৪০ৰো অধিক লোকক পণবন্দী কৰি লৈছিল। ইয়াৰ পিছত ইজৰাইলে গাজাত বিমান আক্ৰমণ চলায়। পিছত তেওঁলোকে স্থলপথতো অভিযান আৰম্ভ কৰে।

গেব্ৰিয়াছুছে কয় যে ৭ অক্টোবৰৰ পৰা গাজা আৰু পশ্চিম পাৰৰ স্বাস্থ্যসেৱাৰ সুবিধাসমূহত ২৫০টাতকৈও অধিক আক্ৰমণ বিশ্ব স্বাস্থ্য সংস্থাই পৰ্যবেক্ষণ কৰিছে। আনহাতে, ইজৰাইলত স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত ২৫টা আক্ৰমণ সংঘটিত হৈছে। ইজৰাইলে দাবী কৰিছে যে হামাছে চিকিৎসালয়খনৰ তলৰ সুৰংগসমূহত অস্ত্ৰ-শস্ত্ৰ লুকুৱাই ৰাখিছে, যদিও এই অভিযোগ হামাছে অস্বীকাৰ কৰিছে।

ইথিওপিয়াৰ টিগ্ৰেৰ বাসিন্দা গেব্ৰিয়াছুছে কয় যে গাজাত শিশুসকলৰ কেনেকুৱা অৱস্থা, সৰুতে মোৰো এই অভিজ্ঞতা হৈছিল।

লগতে পঢ়কঃ বিপৰ্যয়! বিশ্বকাপৰ পৰা বিদায় লোৱাৰ মুহূৰ্ততে আইচিচিয়ে নিলম্বন কৰিলে কুশল মেণ্ডিছৰ শ্ৰীলংকাক

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে কয়, ‘এতিয়া স্বাস্থ্যকৰ্মী আৰু সাধাৰণ লোকক সহায় কৰাৰ সৰ্বোত্তম উপায় হ’ল তেওঁলোকক প্ৰয়োজনীয় স্বাস্থ্য সেৱা প্ৰদান কৰা। তেওঁলোকক ঔষধ, চিকিৎসা সামগ্ৰী দিয়া আৰু চিকিৎসালয়সমূহ চলি থাকিবলৈ জেনেৰেটৰলৈ ইন্ধন যোগান নিশ্চিত কৰা।’ 

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd