• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 12:16 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰক্ষকেই যদি ভক্ষক হয়, তেন্তে সাধাৰণ ৰাইজক কোনে ৰক্ষা কৰিব? উত্তৰ প্ৰদেশৰ আমৰোহাত আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে এক ভয়ংকৰ অভিযোগ। এগৰাকী মহিলাক গণ ধৰ্ষণ কৰাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীৰ দুজন আৰু চি আৰ পি এফৰ দুজন জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকী হাৰিয়ানাৰ ফতেহাবাদৰ বাসিন্দা। ইতিমধ্যে চাৰিওজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমান আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Apply Now

 যোৱা ২০ ছেপ্টেম্বৰত এগৰাকী চিনাকি মহিলাৰ জৰিয়তে ভুক্তভোগী যুৱতীগৰাকী চি আৰ পি এফৰ পৰিদৰ্শক মোহিতৰ সৈতে যোগাযোগলৈ আহিছিল। আমৰোহাৰ বিভিন্ন ধৰ্মীয় স্থান দৰ্শন কৰোৱাৰ চলেৰে যুৱতীগৰাকীক তালৈ মাতি নিয়া হৈছিল বুলি অভিযোগ উঠিছে। পিছদিনা অৰ্থাৎ ২১ ছেপ্টেম্বৰত হাৰিয়ানাৰ সোণিপতত মোহিতৰ সৈতে যুৱতীগৰাকী মিলিত হয়। তাৰ পৰা তেওঁলোক মীৰাটলৈ যায় আৰু তাত চি আৰ পি এফৰ হেড কনিষ্টবল লালাৰাম যাদৱ তেওঁলোকৰ লগত যোগ দিয়ে।

২২ ছেপ্টেম্বৰৰ সন্ধিয়া গাড়ীত উঠি হাছানপুৰৰ দিশে গৈ থকাৰ সময়তে উত্তৰ প্ৰদেশ আৰক্ষীৰ উপ-পৰিদৰ্শক সঞ্জয় তোমৰো তেওঁলোকৰ সৈতে সংলগ্ন হয়। পৰৱৰ্তী সময়ত আটাৰাচী-হাছানপুৰ পথৰ এখন ফাৰ্ম হাউচলৈ গৈ তেওঁলোকে দুটা কোঠা ভাড়ালৈ লয়। তাত আৰক্ষীৰ হেড কনিষ্টবল প্ৰমোদে মদ আৰু আন খোৱাবস্তুৰ যোগাৰ কৰিছিল। ভুক্তভোগী যুৱতীগৰাকীৰ ভাষ্য অনুসৰি, সেই নিশা মোহিত, লালাৰাম আৰু সঞ্জয়ে তেওঁক ইজনৰ পিছত সিজনকৈ ধৰ্ষণ কৰে। তাৰ পিছত প্ৰমোদেও কোঠাত সোমাই তেওঁক ধৰ্ষণৰ চেষ্টা চলায় যদিও যুৱতীগৰাকীয়ে তেওঁক ধাক্কা মাৰি কোঠাৰ বাহিৰলৈ উলিয়াই দিয়ে আৰু দুৱাৰ বন্ধ কৰি দিয়ে। লগে লগে তেওঁ ম’বাইলত আৰক্ষীৰ হেল্পলাইন নম্বৰ বিচাৰি সহায়ৰ বাবে যোগাযোগৰ চেষ্টা কৰে।

 বুধবাৰে পুৱা প্ৰায় ৬ বজাত যুৱতীগৰাকীয়ে আৰক্ষীলৈ ফোন কৰিবলৈ সক্ষম হয়। খবৰ পোৱাৰ লগে লগে হাছানপুৰ আৰু ৰজবপুৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে। এই ঘটনাৰ লগত জড়িত চাৰিওজন অভিযুক্তকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, অপহৰণ, প্ৰলোভন আৰু গণ ধৰ্ষণৰ ধাৰাত এই গোচৰ ৰুজু কৰা হৈছে।

 ঘটনাৰ পিছতে হাছানপুৰ থানাৰ উপ-পৰিদৰ্শক সঞ্জয় তোমৰক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে আৰু সমগ্ৰ ঘটনাটোৰ এক ন্যায়িক তদন্ত আৰম্ভ কৰা হৈছে। চি আৰ পি এফৰ জোৱান দুজনকো যাতে কঠোৰ শাস্তি প্ৰদান কৰা হয়, তাৰ বাবে আৰক্ষীয়ে উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে যিখন ফাৰ্ম হাউচত এই জঘন্য ঘটনা সংঘটিত হৈছে, সেইখন উত্তৰাখণ্ডৰ এজন নিৰ্দলীয় বিধায়কৰ এলেকাত পৰে আৰু বৰ্তমান সেই সম্পত্তিৰ পৰিচালকজনক জেৰা চলোৱা হৈছে। আনহাতে এই সমগ্ৰ ঘটনাক লৈ বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে যোগী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি ছচিয়েল মিডিয়াত এই ঘটনাক এক ডাঙৰ কলংক বুলি আখ্যা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd