NORTHEAST NOW (Assamese)

দিল্লী আৰু পশ্চিম বংগতো জ্বলিছে নাগৰিকত্ব (সংশোধন) আইনৰ জুই; বাছ, ট্ৰেইন, গাড়ী ভস্মীভূত

December 15, 2019 8:19 pm · এন ই নাও নিউজ
Updated: December 15, 2019 8:20 pm
দিল্লীত ১৫ ডিচেম্বৰত প্ৰতিবাদৰ এটা দৃশ্য।

অসমৰ সমান্তৰালভাৱে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত আজি দিল্লী আৰু পশ্চিম বংগৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে।

পশ্চিম বংগত প্ৰতিবাদকাৰীয়ে বাছ, ৰেইল জ্বলাই দিয়াৰ পিছত দক্ষিণ দিল্লীতো উন্মত্ত প্ৰতিবাদকাৰীয়ে দুখন বাছ জ্বলাই দিয়ে।

দক্ষিণ দিল্লীৰ মথুৰা পথত ঘটা হিংসাত্মক ঘটনাৰ সময়ত দুজন অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহত হৈছে।

অঞ্চলটোত জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি হয়।

জানিব পৰামতে, প্ৰতিবাদকাৰীসকলে বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিবলৈ এটা সমদল উলিয়াইছিল।

ৰেইলৱেই নিৰ্দিষ্ট কিছুমান ৰেইলৰ ষ্টেইশ্যনৰ উল্লেখ কৰি কয় যে এইবোৰ ষ্টেইশ্যনত ৰেইল ৰখা নহয়।

ইপিনে পশ্চিম বংগতো আজি অভাৱনীয় হিংসাৰ ৰূপ লয় নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতিবাদে।

ৰাজ্যখনৰ ৰাজ্যপালে মমতা বেনাৰ্জীক তেওঁ ৰাজ্যখনত দিয়া NRC আৰু CAA কাৰ্য্যকৰী কৰা নহ’ব বুলি দিয়া বিজ্ঞাপনটো উঠাই ল’বলৈ আহ্বান জনাইছে।

ইপিনে অসম আৰু পশ্চিম বংগৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ বাবে জঁপিয়াই পৰিছে হিন্দুত্ববাদী সংগঠন, ব্যক্তি।

অসমৰ প্ৰতিবাদক ৰাজ্যখনত হিন্দু-মুছলমানৰ মাজত হোৱা সংঘৰ্ষ বুলি প্ৰচাৰ চলোৱা দেখা গৈছে মেইন লেণ্ড ইণ্ডিয়াৰ কিছু সংখ্যক লোকক।

হিংসাত্মক দৃশ্যৰ পুৰণি ফটো কিছুমানক পশ্চিম বংগত মুছলমানে হিন্দুক মৰা দৃশ্য বুলি প্ৰচাৰ চলাইছে একাংশই। বিনীতা হিন্দুস্তানী নামৰ এটা একাউণ্টৰ পৰা চলোৱা এনে কিছুমান ভুৱা ফটো আৰু মনেসজা কথাৰ পোষ্টে AltNews –এ উদঙাই দেখুৱাইছে।

Related News