• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ই-ৰিক্সা পঞ্জীয়নৰ নামত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ : গৌৰীপুৰত আছু-ই-ৰিক্সা চালকৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গৌৰীপুৰ , September 8, 2018 6:41 am

2 min read

Dhubri-1

ধুবুৰীৰ ৰাজপথত চলি থকা ই-ৰিক্সা। ফাইল ফটো : নৰ্থইষ্ট নাও

104
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ গৌৰীপুৰ নগৰ সমিতিৰ বিৰুদ্ধে ই-ৰিক্সা চালকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। পৰিবহন বিভাগক নেওচি সমিতিয়ে অবৈধভাৱে ই-ৰিক্সা পঞ্জীয়নৰ নামত ১৫০০ টকা কৈ বলপূৰ্বক আদায় কৰাৰ অভিযোগৰ পিছত শুকুৰবাৰে আছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

বৰ্তমান বিজেপিৰ দখলত থকা গৌৰীপুৰ নগৰ সমিতিৰ সভানেত্ৰী জিমলী দত্তৰ নেতৃত্বত ই-ৰিক্সা চালক সকলৰ পৰা পাৰ্কিং নোহোৱাকৈয়ে প্ৰতিদিনে পাৰ্কিঙৰ নামত ১০ টকাকৈ সমিতিয়ে অবৈধভাবে আদায় কৰি আহিছে।

আনহাতে, প্ৰায় ৫০০ জন ই-ৰিক্সা চালকৰ পৰা অকৰ্তৃত্বশীলভাৱে পঞ্জীয়নৰ নামত ১৫০০ টকাকৈ সংগ্ৰহ কৰা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে। ইপিনে ধুবুৰী জিলা পৰিবহন বিভাগে এই পঞ্জীয়নক অবৈধ বুলি ঘোষণা কৰাত ই-ৰিক্সা চালক সকল বিপাঙত পৰিছে।

ভুক্তভোগীসকলে নগৰ সমিতিখনক এই সন্দৰ্ভত বাৰে বাৰে অভিযোগ দি অহাৰ পিছতো কোনো সমিধান নোপোৱাৰ বাবে শুকুৰবাৰে আছুৰ সহযোগত ই-ৰিক্সা চালকসকলে ৰাজপথত প্ৰতিবাদ সাৱ্যস্ত কৰে।

নগৰ সমিতিখনৰ কৰ সংগ্ৰহৰ নামত এইদৰে হাৰাশাস্তিৰ সন্মুখীন হোৱা ই-ৰিক্সা চালকসকলে শীঘ্ৰেই এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে গণতান্ত্ৰিকভাৱে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিয়ে।

আনহাতে, ৰাজ্যখনৰ কেইবা ঠাইতো পৰিবহন বিভাগে শুকুৰবাৰে পঞ্জীয়নবিহীন তথা নথিপত্ৰ নোহোৱা ই-ৰিক্সাৰ বিৰুদ্ধে এলানি অভিযান আৰম্ভ কৰিছে। শুকুৰবাৰে বোকাখাতত শতাধিক এনেকুৱা উপযুক্ত নথি পত্ৰবিহীন ই-ৰিক্সা জব্দ কৰা হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd