NORTHEAST NOW (Assamese)

কা আইন আৰু পৰিবেশ ধ্বংসকাৰী ই আই এ-ৰ খচৰা বাতিলৰ দাবীত বিশ্বনাথত বিশাল প্ৰতিবাদী বাইক ৰেলী

September 21, 2020 2:17 pm · কাজী জেইদুল ইছলাম

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ চাৰিআলি নগৰ পৰা জাতিধ্বংসী কা আইন আৰু পৰিবেশ ধ্বংসকাৰী ই আই এ ৰ খচৰা বাতিল কৰাৰ দাবীত এক প্ৰতিবাদী বিশাল বাইক ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

বিশ্বনাথ চাৰিআলি নগৰৰ ৰাজ্যিক পৰিবহন নিগমৰ আবাসীক আঞ্চলৰ ৰাজহুৱা পথাৰৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী বিশ্বনাথ চাৰিআলিৰ বিভিন্ন গাঁৱ সমুহৰ মাজেৰে অতিক্ৰম পুনৰ আৰম্ভণি কৰা স্থানতে শেষ কৰা হয়।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ চাৰিআলি আঞ্চলিক সমিতি, সদৰ আঞ্চলিক সমিতি আৰু লক্সমনবস্তি আঞ্চলিক সমিতিয়ে সম্পূৰ্ণ সহযোগীতা আগবঢ়ায়।

আজিৰ এই বাইক ৰেলীৰ কাৰ্যসূচীত ক্ৰমে পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা নাচিৰ আহমেদ, বিশ্বনাথ জিলা সমিতিৰ  সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, উপ সভাপতি অমৰজ্যোতি বৰা, প্ৰিয়াংকু ডেকা, যুতিয়া সম্পাদকদ্বয় ক্ৰমে নিহাৰ শইকীয়া, বিশ্বজিত দাস, বিত্ত সম্পাদক দিগন্ত মিত্ৰকে ধৰি বহু কেইজন সদস্য‌ই অংশগ্ৰহণ কৰে।

Related News