• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দক্ষিণ গাৰো পাহাৰত অবৈধ কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2025 9:35 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ গাৰো পাহাৰৰ চক’পট অঞ্চলৰ নাগৰিক সমাজৰ লগতে কেইবাটাও সংগঠনে এলাকটোত কয়লা খননৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে। ১৮ অক্টবৰত যৌথ পৰিদৰ্শনত পৰিৱেশৰ ভয়াৱহ ক্ষতি পোহৰলৈ অহাৰ পিছত গাৰো ষ্টুডেণ্টছ ইউনিয়ন (জিএছইউ), আচিক হোলিষ্টিক এৱেকেনিং মুভমেণ্ট (এএইচএএম), চক’পট এৰিয়া ৱিজিলেন্স কমিটী (চিএভিচি), গাৰো ষ্টেট মুভমেণ্ট কমিটী (জিএছএমচি), আচিক কনচাচ ইন্টিগ্ৰেটেড ক্ৰিমা (এচআইকে), ফেডাৰেচন অৱ খাচী জয়ন্তিয়া আৰু গাৰো পিপল (এফকে জে জি পি) আৰু আচিক য়ুথ ৱেলফেয়াৰ অৰ্গানাইজেচন (এয়ুডব্লিউও)ৰ দৰে সংগঠনে খনন শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে। তেওঁলোকে কয় যে এই খননে কাষৰীয়া নদী আৰু নোক্ৰেক বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰিব পাৰে।

সংগঠনসমূহে উল্লেখ কৰিছে যে পৰিদৰ্শনত পোহৰলৈ অহা তথ্য অনুসৰি খনন চলি থকা অঞ্চলটো ৰোম্পা, ৰংডিক, খাকিজা আৰু ৰংমাৰ দৰে গুৰুত্বপূৰ্ণ নদীৰ ওচৰত অৱস্থিত, যিবোৰ দৈনন্দিন জীৱন নিৰ্বাহৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইতিমধ্যে নদীসমূহত খননৰ ঋণাত্মক প্ৰভাৱ দৃশ্যমান হৈছে। যদি খনন অব্যাহত ৰাখা হয় তেন্তে নদীৰ প্ৰাকৃতিক প্ৰবাহক প্ৰভাৱিত কৰাৰ লগতে চিৰদিনৰ বাবে নদীৰ পানী কলুষিত হৈ পৰিব। যিয়ে জৈৱ প্ৰকৃতি আৰু মানৱ জীৱনক বিপন্ন কৰিব। তেওঁলোকে অতিৰিক্তভাৱে নোক্ৰেক ৰিজাৰ্ভৰ ওচৰত খননৰ ফলত ঘন বনাঞ্চল ধ্বংস, মাটিৰ খহনীয়া, বাসস্থান হেৰুৱা আৰু বিপন্ন প্ৰজাতি যেনে হুলক গিবন, হিমালয়ৰ ক’লা ভালুক আৰু বিৰল পক্ষীপ্ৰজাতিৰ বাবে প্ৰাণঘাতী হ’ব পাৰে বুলি সতৰ্ক কৰি দিছে।

Apply Now

জিএছইউৰ সাধাৰণ সম্পাদক স্পেন্সৰ মাৰাকে কয় যে এই পৰিৱেশ সংবেদনশীল অঞ্চলত অনিয়ন্ত্ৰিত খননে মাটিৰ খহনীয়া, বাসস্থান ধ্বংস আৰু উপনদী শুকাই যোৱাৰ ফলত মাছ ধৰা, খেতি, পৰ্যটন উদ্যোগ সৈতে জড়িত স্থানীয়লকৰ জীৱিকা বিপন্ন হৈ উঠিব পাৰে। আবং চিগাট, ৰেডিংছনি, ৱাৰী চোৰা আৰু টেংটে ৰংগ্ৰেপৰ দৰে সুন্দৰ প্ৰাকৃতিক স্থানসমূহৰ সৌন্দৰ্য্য ধ্বংস হ’লে পৰ্যটকক নিৰুৎসাহিত কৰিব যাৰফলত স্থানীয় সম্প্ৰদায়ে অৰ্থনৈতিক সুযোগ হেৰুৱাব। ই কেৱল প্ৰকৃতিক বিপন্ন কৰাই নহয়, গাৰো সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক অস্তিত্বকো ক্ষতি কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে।

উদ্বেগ প্ৰকাশ কৰি চিএছঅ’ সংগঠনসমূহে টুৰাৰ সাংসদ ছালেং এ চাংমা আৰু বিজেপিৰ এমডিচি বাৰ্নাৰ্ড মাৰাকৰ পূৰ্বৰ বক্তব্য উদ্ধৃতি দি কয় যে কয়লা খননৰ নামত ইউৰেনিয়াম অনুসন্ধান চলাই থকা সন্দেহ দৃঢ় হৈ পৰিছে। তেওঁলোকে সকীয়াই দি কয় যে ইউৰেনিয়ামৰ সন্ধানত চলা এই খননে মাটি, পানী আৰু বায়ু ভয়ংকৰভাবে দূষিত কৰিব পাৰে, যাৰ ফলত বহু প্ৰজন্ম ধৰি মানৱ সংকটৰ সন্মুখীন হ’ব। সংশ্লিষ্ট গোটসমূহে ৰাজ্য চৰকাৰ, বন বিভাগ আৰু দূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক তৎক্ষণাত এই কার্যকলাপৰ বিষয়ে জনতাক স্পষ্ট ব্যাখ্যা দিবলৈ আহ্বান জনায়। লগতে অবৈধ অনুজ্ঞাপত্ৰ বাতিল কৰি স্থিতিশীল তথা বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ আহ্বান জনায়। ইয়াৰ উপৰিও, দাবী উপেক্ষা কৰিলে গণআন্দোলন গঢ়ি তোলাৰ লগতে আইনী পথ অবলম্বন কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd