• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ চকুত ধূলি দি নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে দিল্লীতো ক’লা পতাকা উৰুৱালে প্ৰতিবাদাকাৰীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 27, 2019 10:12 pm
Delhi Protest
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’লা পতাকাৰ আতংকই ইতিমধ্যে দিল্লীক স্পৰ্শ কৰিছেগৈ। ক’লা পতাকাৰ বাবে ভীতিগ্ৰস্ত হৈ অসমৰ পৰা যোৱা ৭গৰাকী প্ৰতিবাদকাৰীক হোটেলত থকাৰ সময়তে ২৫ জানুৱাৰিৰ নিশাই দিল্লীৰ সংসদমাৰ্গ আৰক্ষীয়ে আটক কৰি লৈ গৈছিল।

কিন্তু প্ৰতিবাদকাৰীকেইজনক আটক কৰিও তেওঁলোকৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰা বাৰণ কৰিব নোৱাৰিলে দিল্লীৰ শক্তিশালী আৰক্ষী!

Apply Now

সকলো ষড়যন্ত্ৰ বিফল কৰি আজি ৭০টা সংগঠনৰ হৈ দিল্লীলৈ যোৱা সাতোজন প্ৰতিবাদকাৰীয়ে দিল্লীৰ অসম ভবনৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলি থকাৰ পাছতো ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ অন্য মন্ত্ৰী-বিধায়কসকলে বিধেয়কৰ সপক্ষে স্থিতিত অটল আছে।

“সেয়েহে দিল্লীলৈকে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ বোৱাই নিবলৈ চেষ্টা কৰা হৈছে”, নৰ্থ-ইষ্ট নাওক জানিবলৈ দিলে দিল্লীত ক’লা পতাকা দেখুওৱা প্ৰতিবাদকাৰীসকলৰ নেতৃত্বত থকা ৰুবুল দাসে।

আৰক্ষী-প্ৰশাসন তথা কেন্দ্ৰীয় চৰকাৰৰ বাধা-বিঘিনি সত্ত্বেও বিধেয়কখন বাতিল নকৰা পৰ্য্যন্ত ৭০সংগঠনৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি আমাৰ আগত সদৰী কৰে দাসে।

“৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে সকলোবোৰ বাধা-বিঘিনি তথা চৰকাৰৰ ষড়যন্ত্ৰক ওফৰাই আজি অসম চৰকাৰৰ দিল্লীত থকা অসম ভৱনৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন তথা উত্তোলন কৰা হ’ল।”, নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত এইদৰে কয় ৰুবুল দাসে।

যিকোনো মূল্যৰ বিনিময়ত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল হ’বই লাগিব বুলিও দাসে দাবী কৰি লগতে কয়, “অসমবাসীয়ে এই দাবী বাৰেপতি কৰি আহিছে, কিন্তু কেন্দ্ৰীয় তথা অসম চৰকাৰৰ এই দাবীৰ প্ৰতি গুৰুত্ব দিবলৈ আহৰি নাই।”

ইয়াৰোপৰি, আগন্তুক দিনসমূহত বিলখন প্ৰত্যাহাৰ নকৰিলে ৭০টা সংগঠনৰ ফালৰ পৰা সৰ্বতোপ্ৰকাৰৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে ৰুবুল দাসে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, দেওবাৰে ৭০টা সংগঠনে দিল্লীৰ যন্তৰ-মন্তৰত বিধেয়কখনৰ বিৰুদ্ধে ২ ঘণ্টীয়া প্ৰতীকী অনশন কৰাৰ কথা আছিল যদিও দিল্লী আৰক্ষীয়ে অনুমতি প্ৰদান নকৰাত সেয়া কৰিব নোৱাৰিলে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd