NORTHEAST NOW (Assamese)

যোগীৰাজ্যত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত দুৰ্বৃত্তৰ আঁচোৰ: প্ৰতিবাদত নামিল স্থানীয় জনতা

January 2, 2023 9:03 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ সংবিধান প্ৰণেতা তথা দলিত অধিকাৰ কৰ্মী বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ এক প্ৰতিমূৰ্তিত পৰিছে দুৰ্বৃত্তৰ আঁচোৰ। বিজেপি শাসিত উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। ৰাজ্যখনৰ গাজিয়াবাদ জিলাৰ ভূপখেৰি নামৰ জিলাত এই ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে গাঁওখনত থকা বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ এটা প্ৰতিমূৰ্তি কিছু অচিনাক্ত লোকে ক্ষতিগ্ৰস্ত কৰে। নৱবৰ্ষৰ প্ৰথম দিনটোতে এই কু-কাৰ্যত লিপ্ত হয় অচিনাক্ত লোকসকল।

এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে প্ৰতিবাদত উত্তাল কৰি তোলে অঞ্চলটো। প্ৰতিবাদী জনতাই পথ ঘেৰাও কৰি বিক্ষোভ প্ৰদৰ্শন কৰে আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

এই প্ৰতিবাদৰ পাছতে স্থানীয় কৰ্তৃপক্ষ প্ৰতিবাদস্থলীত উপস্থিত হৈ এক নতুন প্ৰতিমূৰ্তি স্থাপনৰ আশ্বাস দি প্ৰতিবাদী জনতাক সন্তুষ্ট কৰে।

ঘটনা সন্দৰ্ভত স্থানীয় চক্ৰ বিষয়া গৰাকীয়ে কয় যে ক্ষতিগ্ৰস্ত মূৰ্তিটোৰ স্থানত এক নতুন মূৰ্তিৰ স্থাপন কৰা হ’ব আৰু এনে অসামাজিক কাৰ্যকলাপৰ ওপৰত দৃষ্টি ৰাখিবলৈ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব বুলিও তেওঁ দোহাৰে।

তেওঁ লগতে কয় যে অচিনাক্ত ব্যক্তিসকলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে এক অনুসন্ধান অভিযান চলাই থকা হৈছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বুলি তেওঁ লগতে কয়।

Related News