NORTHEAST NOW (Assamese)

‘কা’ আৰু ‘EIA 2020’ ৰ বিৰুদ্ধে বিশ্বনাথৰ ৰাজপথত গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

August 17, 2020 3:15 pm · কাজী জেইদুল ইছলাম

পুনৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জাৰি কৰা পৰিবেশ প্ৰভাৱ  নিৰূপণ অধিসূচনা, ২০২০ৰ জৰিয়তে।

কেন্দ্ৰীয় চৰকাৰে অতি কৌশলেৰে ক’ৰ’ণাৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজত অধিসূচনাখন জাৰি কৰি সকলোকে পুনৰ কা আন্দোলনৰ দৰে বাধ্য কৰিলে ৰাজপথত প্ৰতিবাদ কৰিবলৈ।

তাৰেই জ্বলন্ত উদাহৰণ হিচাপে আজি বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত দেখা পোৱা গ’ল এক প্ৰতিবাদী মিছিল।

উত্তৰ পূব বিশেষকৈ অসমলৈ EIAৰ জৰিয়তে ভাবুকি কঢ়িয়াই আনিছে।

আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে EIA 2020 খচৰা গৃহীত কৰিবলৈ বিচৰা হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত বিশ্বনাথ চাৰিআলিৰ পুলিচ প‌ইন্টত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী তথা মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

এই EIA অধিসূচনাৰ অধীনত পৰিবেশ তথা অন্যান্য বিধি ভংগ কৰি অনুমতি বিহীনভাৱে উদ্যোগ স্থাপন আৰু চলাই যোৱাৰ বাবে অনুমতি প্ৰদান কৰিব।

ইফালে এই অধিসূচনাই সামৰি লোৱা ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ, নিউক্লিয়াৰ প্ৰকল্প, জলবিদ্যুৎ প্ৰকল্প, তাপবিদ্যুৎ প্ৰকল্পকে ধৰি আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ ১০০ কি:মি: পৰ্যন্ত জনসাধাৰণৰ সকলো বাধাকো নেওচি প্ৰকল্প স্থাপন কৰাৰ বিষয়টোৱে নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া জনসাধাৰণলৈ ভয়াবহতা নমাই আনিব।

সেয়ে এই অধিসূচনা বিৰোধিতা কৰি সমগ্ৰ অসসত ইতিমধ্যে বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহল প্ৰতিবাদ মুখৰ হৈ পৰিছে।

আজিৰ বিশ্বনাথৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ সদৰ আঞ্চলিক, দক্ষিণ চাৰিআলি আঞ্চলিক, লছমনবস্তি আঞ্চলিক , পশ্চিম ছয় দুৱাৰ আঞ্চলিক, গহপুৰ আঞ্চলিক, পূৱ ছয় দুৱাৰ আঞ্চলিক, মধ্য ছয় দুৱাৰ আঞ্চলিকৰ সদস্য আৰু বিষয়ববীয়াসকলে।

Related News