NORTHEAST NOW (Assamese)

সঞ্জীতা চানুৰ ওপৰত থকা সাময়িক নিলম্বন প্ৰত্যাহাৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন সংস্থাৰ

January 23, 2019 4:48 pm · এন ই নাও নিউজ
Updated: January 25, 2019 9:18 am
ভাৰোত্তোলক সঞ্জীতা চানুৰ ফাইল ফটো

আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন সংস্থাই কমনৱেলথ গেইমছৰ স্বৰ্ণ পদক বিজয়ী মণিপুৰৰ ভাৰোত্তোলক সঞ্জীতা চানুৰ ওপৰত থকা অস্থায়ী নিলম্বন ২২ জানুৱাৰিত প্ৰত্যাহাৰ কৰে। ২০১৮ বৰ্ষৰ ৩১ মে’ত খেলুৱৈগৰাকীৰ শৰীৰত নিষিদ্ধ ষ্টেৰইড ধৰা পৰাত তেওঁক এই খেলবিধৰ পৰা সাময়িকভাৱে নিলম্বিত কৰিছিল।

চানুৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাৰ আইনী পৰামৰ্শদাতা ইভা নিৰফাই ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনক এক পত্ৰযোগে নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

‘এই সমগ্ৰ বিষয়টো নিষ্পত্তি হোৱাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন সংস্থাই ২২ জানুৱাৰিৰ পৰাই কাৰ্যকৰী হোৱাকৈ  চানুৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে’। আইনী পৰামৰ্শদাতা নিৰফাই এই কথা পত্ৰযোগে ভাৰতীয় ভাৰোত্তোলন সংস্থাক জনায়।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাই মণিপুৰৰ এইগৰাকী প্ৰতিভাৱান ভাৰোত্তোলকক সাময়িকভাৱে নিলম্বিত কৰাৰ পিছৰে পৰা তেওঁ এই খেলবিধৰ পৰা আঁতৰি থাকিব লগীয়া হৈছিল।

‘মই আজি কিমান সুখী তথা সকাহ অনুভৱ কৰিছো এই কথা ব্যক্ত কৰিব নোৱাৰো। এতিয়া মই নিজৰ খেল আৰু অনুশীলনত গুৰুত্ব দিব পাৰিম। নিজকে নিৰ্দোষী হিচাপে প্ৰমাণ কৰাৰ এই যুঁজখনত মোক সহায়-সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো’। ইংৰাজী দৈনিক বাতৰি আছাম ট্ৰিবিউনত প্ৰকাশিত চানুৰ এই মন্তব্য।

ইফালে আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন সংস্থাই সঞ্জীতা চানুৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ এই সিদ্ধান্তক ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ সকলোৱে আদৰণি জনাইছে।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত যোৱা বছৰ অনুষ্ঠিত হোৱা কমনৱেলথ গেইমছত ৫৩ কেজি শাখাত অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক জয় কৰিছিল সঞ্জীতা চানুৱে। তদুপৰি ২০১৪ বৰ্ষত গ্লাছগ’ত অনুষ্ঠিত হোৱা কমনৱেল্থ গেইমছতো চানুৱে ৪৮ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

Related News