• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাগ্যই কৰিলে কোটিপতি; কৰ্মক্ষেত্ৰই আনিছে অশনি সংকেত: চিন্তিত আৰক্ষী বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2023 9:22 pm
Pune Cop Won ₹ 1.5 Crore on DREAM11
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি সমগ্ৰ দেশতে ফেণ্টাচি গেমিঙে লাভ কৰিছে ব্যাপক জনপ্ৰিয়তা। এইসমূহৰ ভিতৰত Dream11 হৈছে অন্যতম আগশাৰীৰ অনলাইন ফেণ্টাচি গেমিং প্লেটফৰ্ম। Dream11 ৰ জৰিয়তে আকৰ্ষণ অৰ্থ পুৰস্কাৰ লাভ কৰিছে বহু লোকে।

এই Dream11ত গেম খেলিয়ে এগৰাকী আৰক্ষী বিষয়া হৈ পৰিল কোটিপতি। লাভ কৰিলে ১.৫ কোটি টকা। নাম তেওঁৰ সোমনাথ জেণ্ডে। পুনেৰ পিম্পৰী চিঞ্চৱাড়ৰ এই উপ পৰিদৰ্শকগৰাকীৰ একাউণ্টত শেহতীয়াকৈ Dream11ত লাভ কৰা ধনৰ অংশ সোমাবলৈ আৰম্ভ কৰিছিল।

Apply Now

কোটি টকা জয়ী হ’লেও অৱশ্যে জেণ্ডেই ভবা নাছিল, এই ধন যে তেওঁ লাভ কৰিব! পিছে শেহতীয়াকৈ তেওঁলৈ আহিলে এই পুৰস্কাৰৰে অংশৰূপে ২ লাখ টকা। ইয়াৰে ৬০ হাজাৰ টকা কৰ হিচাপে কৰ্তন হয় আৰু তেওঁৰ একাউণ্টত সোমায় এক লাখ চল্লিশ হাজাৰ টকা।

এই ধন লাভ কৰাৰ পিছতে পাবলগীয়া বাকী ধনৰাশিও লাভ কৰিব নিশ্চিত হৈছিল জেণ্ডে। এই সুখতে জেণ্ডেৰ মুখত ফুটি উঠিছিল সুখানুভূতিৰ হাঁহি; দেখিছিল নানা স্বপ্ন। ভাবিছিল, পৰিশোধ কৰিব ঘৰৰ ঋণ।

লগতে তেওঁ পৰিকল্পনা কৰিছিল, ধনৰাশিৰে এক অংশ ফিক্সড ডিপ’জিটত বিনিয়োগ কৰিব আৰু তাৰ পৰা পোৱা সুত ল’ৰা-ছোৱালীৰ শিক্ষাৰ খৰচ বহন কৰিব।

অৱশ্যে জেণ্ডেৰ এই আনন্দ আছিল খন্তেকীয়া। ভাগ্যই আনি দিয়া এই বিপুল ধনৰাশিয়ে এতিয়া বিপদত পেলাইছে তেওঁক। এতিয়া তদন্তৰ সন্মুখীন হৈছে বিষয়াগৰাকী। প্ৰশ্ন উঠিছে, আৰক্ষী সেৱাত সক্ৰিয়ভাৱে নিয়োজিত হৈ কিদৰে তেওঁ এনে খেলত অংশগ্ৰহণ কৰিব পাৰিলে!

সমান্তৰালভাৱে প্ৰশ্ন উত্থাপন হৈছে, এই গেমটোৰ বৈধতা আছে নে? এনেদৰে লাভ কৰা ধনৰ বিষয়ে সংবাদ মাধ্যমত ক’ব পাৰিনে? এই সকলোবোৰ নিয়ম অনুসাৰে হৈছে নে? এই সকলোবোৰ প্ৰশ্নৰে এতিয়া তদন্ত কৰা হ’ব।

উল্লেখ্য যে, বিভিন্ন ক্ৰীড়াৰ বাবে ফেণ্টাচি গেমিং প্লেটফৰ্ম প্ৰদান কৰা Drea11 হৈছে ভাৰতৰ প্ৰথমটো গেমিং ষ্টাৰ্টআপ, যাৰ মূল্য ১ বিলিয়ন ডলাৰৰ ওপৰত (প্ৰায় ৭,৫৩৫ কোটি টকা)। জুৱাৰ সৈতে ফেণ্টাচি গেমিঙৰ সাদৃশ্যৰ বাবে ই বিগত সময়ত আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।

অৱশ্যে Dream11 এ নিজকে জুৱাৰ লগত ৰিজাবলৈ মান্তি নহয়। কোম্পানীটোৰ মতে, ইয়াৰ প্লেটফৰ্মত অন্তৰ্ভুক্ত বাজিসমূহ দক্ষতাৰ খেল, জুৱাৰ দৰে নহয়। এই সন্দৰ্ভত মন্তব্য কৰি উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হিমাংশু শেখৰেও ফেণ্টাচি লীগক দেশৰ আদালতে স্বীকৃতি দিছে বুলি উল্লেখ কৰে।

তেওঁৰ ভাষ্য মতে, ফেণ্টাচি লীগসমূহৰ অধীনতো জিএছটি আৰু কৰ আহে। গতিকে এই প্লেটফৰ্মসমূহৰ বৈধতাক লৈ কোনো সন্দেহ বাকী নাই। এনেধৰণৰ তিনিটা-চাৰিটা গোচৰ ইতিপূৰ্বে উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল বুলিও তেওঁ দোহাৰে।

এতিয়া এই Dream11 এ মুকলি কৰা কোটিপতি হোৱাৰ সৌভাগ্য জেণ্ডেৰ ক্ষেত্ৰত অটুট থাকে নে নাথাকে, তথা ইয়াৰ বাবে তেওঁ শাস্তিৰহে সন্মুখীন হ’বলগীয়া হয় নেকি, সেয়া লক্ষণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd