DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সদ্যোজাত নাতিনীক ঘৰলৈ নিবলৈ হেলিকপ্টাৰ ভাড়া কৰিলে কৃষকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2022 1:26 pm
Pune Farmer Hires Helicopter
163
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতেই এখন গৃহত নতুনকৈ কোনো শিশুৰ জন্ম হ’লে সমগ্ৰ গৃহতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। নাতি-নাতিনীৰ আগমণত বিশেষভাৱে উৎফুল্লিত হৈ পৰে নৱজাতকৰ ককাক-আইতাক।

পিছে পুনেৰ এজন কৃষক নাতিনীৰ জন্মত ইমানেই উৎফুল্লিত হৈ পৰে যে, এই আনন্দতে তেওঁ কৰা এক বিৰল কৰ্ম সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

নাতিনীৰ জন্মত উৎফুল্লিত হৈ পুনে জিলাৰ এই কৃষকজনে মঙলবাৰে সদ্যোজাত নাতিনীক ঘৰলৈ অনাৰ বাবে ভাড়া কৰে এখন হেলিকপ্টাৰ।

পুনেৰ উপকণ্ঠত থকা বালেৱাড়ী অঞ্চলৰ বাসিন্দা অজিত পাণ্ডুৰাং বলৱাদকাৰে কয় যে তেওঁ পৰিয়ালৰ নৱতম সদস্য ক্ৰুশিকাক এক চমকপ্ৰদ আদৰণি জনাব বিচাৰে।

সেয়েহে মাতৃৰ সৈতে সদ্যোজাত কন্যা শিশুটিক ঘৰলৈ অনাৰ সময় হৈছিল তেতিয়া তেওঁ এখন হেলিকপ্টাৰ ভাড়া কৰিছিল।

কেৱল সেয়াই নহয়, শিশুটিক গৃহলৈ আদৰণি জনোৱাৰ বাবেও সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছিল। ঘৰলৈ অহা গোটেই পথটো জাক-জমকতাৰে সজাই তোলা হৈছিল। লগতে শিশুটিৰ গৃহ প্ৰৱেশৰ সময়ত সমগ্ৰ পৰিৱেশ আতচবাজীৰে উজলাই তোলা হৈছিল।

সাম্প্ৰতিক সময়ত কেৱল পুত্ৰ সন্তানৰ আশাত দেশত সততে কন্যা শিশুৰ ভ্ৰূণহত্যা কৰাৰ ঘটনা পোহৰলৈ আহে। বহুক্ষেত্ৰত জন্মৰ পিছতো নৱজাতক কন্যাৰ হত্যাৰ ঘটনা ঘটিছে।

এনে পৰিস্থিতিত পুনেৰ বলৱদকাৰ নামৰ এই কৃষকজনে কন্যা শিশুৰ জন্মৰ আনন্দত এনেদৰে ব্যয়বহুলভাৱে উদযাপন কৰা দৃশ্যক সকলোৱে প্ৰশংসা কৰিছে।

দেশৰ আগশাৰীৰ সংবাদ সংস্থা ANI- এ টুইটাৰত পৰিয়ালটোৰ এই আনন্দ উদযাপনৰ কেইখনমান ফটো প্ৰচাৰ কৰিছিল। ANI- ৰ এই টুইট এতিয়া বহুলভাৱে ভাইৰেল হৈ পৰিছে।

 

Maharashtra | Ajit Pandurang Balwadkar, a farmer from Balewadi hired a helicopter to bring his newborn granddaughter and daughter-in-law to his house in Balewadi from the maternal house of the daughter-in-law in Shewalwadi in Pune. (26.04) pic.twitter.com/T9dR8gxVqe

— ANI (@ANI) April 26, 2022

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd