DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

“কৰ্তব্যতকৈ নিজৰ জীৱনৰ বিষয়ে চিন্তিত লোকে ভাৰতৰ দৰে দেশত ডাঙৰ দায়িত্ব ল’ব নালাগে” চৰ্দাৰ পেটেলৰ উদ্ধৃতিৰে বিজেপিক কটাক্ষ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2022 3:16 pm
Channi Hits BJP With Quote From Sardar Patel
402
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনক লৈ বিজেপিৰ সৈতে ৰাজনৈতিক বিতৰ্কত লিপ্ত হোৱা পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ উদ্ধৃতিৰে তাচ্ছিল্য কৰিছে বিজেপিক।

স্বাধীনতা সংগ্ৰামীগৰাকীৰ ফটোসহ এটা উদ্ধৃতিৰে চান্নীয়ে টুইট কৰি কয়, “যিজনে তেওঁৰ কৰ্তব্যতকৈ নিজৰ জীৱনৰ বিষয়ে বেছি চিন্তিত, তেওঁ ভাৰতৰ দৰে দেশত ডাঙৰ দায়িত্ব ল’ব নালাগে।”

সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎকাৰত শ্ৰীযুত চান্নীয়ে ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে প্ৰধানমন্ত্ৰী মোডীৰ জীৱন হত্যাৰ অভিপ্ৰায়েৰে বিপদাপন্ন কৰাৰ প্ৰচেষ্টা চলোৱা বুলি বিজেপিয়ে তোলা অভিযোগৰ তীব্ৰ নিন্দা কৰে।

 

जिसे कर्त्तव्य से ज़्यादा जान की फ़िक्र हो, उसे भारत जैसे देश में बड़ी जिम्मेदारी नहीं लेनी चाहिए !

– सरदार वल्लभभाई पटेल pic.twitter.com/zefpEroVAF

— Charanjit S Channi (@CHARANJITCHANNI) January 7, 2022

“তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি ক’ত আছিল? তেওঁৰ কনভয়ৰ এক কিলোমিটাৰ ভিতৰত কোনেও প্ৰৱেশ কৰা নাছিল। কোনো শিল নিক্ষেপ কৰা হোৱা নাছিল, কোনো গুলী নিক্ষেপ কৰা হোৱা নাছিল, কোনো শ্ল’গান দিয়া হোৱা নাছিল। ইয়াৰ পিছতো ইমান ডাঙৰ নেতাৰ এনে এক সংবেদনশীল মন্তব্য শোভা নাপায়। মানুহে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে ভোট দিছিল। তেওঁ দায়িত্বশীল বিবৃতি দিয়া উচিত।” তেওঁ কয়।

কংগ্ৰেছে বাৰে বাৰে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী মোডীৰ কনভয় উৰণীয়া সেঁতুত আৱদ্ধ হৈ পৰা ঘটনাটোৰ দ্বাৰা বিজেপিয়ে ৰাজনৈতিক লাভালাভ কৰিবলৈ চেষ্টা কৰি আছে।

কংগ্ৰেছে লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে হেলিকপ্টাৰেৰে ফিৰোজপুৰলৈ যাত্ৰা কৰিব বুলি আশা কৰা হৈছিল। কিন্তু বতৰৰ বাবে পৰিকল্পনা সলনি কৰিব লগা হৈছিল।

“পঞ্জাৱ আৰু পাঞ্জাৱ বাসীক বদনাম কৰাটো এটা গভীৰ ষড়যন্ত্ৰ। এইয়া ৰাজ্যখনৰ পৰিস্থিতিক বিকৃত কৰাৰ এটা প্ৰয়াস। লগতে এইয়া পঞ্জাৱত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ এটা প্ৰয়াস।”— শ্ৰীযুত চান্নীয়ে লগতে কয়।

“স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত সৰ্বাধিক সংখ্যক লোক আছিল পঞ্জাৱৰ। সেয়েহে পঞ্জাৱ আৰু পাঞ্জাৱীসকলৰ ওপৰত এনে ধৰণৰ কাৰ্য্যৰ অভিযোগ উত্থাপন কৰাটো ভুল।” তেওঁ লগতে কয়।

Recent News

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Chit fund fraud in Assam: চিটফাণ্ড গোচৰত পৰিপূৰক অভিযোগনামা দাখিল কৰিলে চিবিআইয়ে

Chit fund fraud in Assam: চিটফাণ্ড গোচৰত পৰিপূৰক অভিযোগনামা দাখিল কৰিলে চিবিআইয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd