• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় ঘাইপথত চিচিটিভি বহুৱাই সেনাৰ গতিবিধি নিৰীক্ষণ! পাঠানকোটত উৎখাত পাক চোৰাংচোৱা চক্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 11:30 am
72
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ পাঠানকোটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা বৃহৎ চোৰাংচোৱা চক্ৰ। পাকিস্তানলৈ সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ চলাচলৰ তথ্য সৰবৰাহৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত ব্যক্তিজনৰ নাম বলজিৎ সিং ওৰফে বিট্টু। তেওঁ পাঠানকোটৰ চক ধৰিৱাল গাঁৱৰ বাসিন্দা।

পাঠানকোট-জম্মু ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ৰ এখন দলঙৰ সমীপৰ এখন দোকানত ইণ্টাৰনেট ভিত্তিক চিচিটিভি কেমেৰা স্থাপন কৰা হৈছিল। সেই কেমেৰাৰ জৰিয়তে ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ গতিবিধি অবিৰতভাৱে নিৰীক্ষণ কৰা হৈছিল বুলি অভিযোগ উঠিছে। এই ফুটেজসমূহ পাকিস্তান আৰু বিদেশৰ হেণ্ডলাৰলৈ ইলেক্ট্ৰনিকভাৱে প্ৰেৰণ কৰা হৈছিল।

Apply Now

আৰক্ষীৰ জেৰাৰ সময়ত বলজিতে স্বীকাৰ কৰে যে চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁ সুজানপুৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন দোকানত কেমেৰা স্থাপন কৰিছিল। তদন্তকাৰীয়ে জনোৱা মতে, ডুবাইৰ এজন অচিনাকি ব্যক্তিৰ পৰাও তেওঁ এই কামৰ নিৰ্দেশনা লাভ কৰিছিল। এই কামৰ বাবে তেওঁক ৪০ হাজাৰ টকা দিয়া বুলিও দাবী কৰা হৈছে।

চোৰাংচোৱাৰ সূত্ৰৰ পৰা সন্দেহজনক গতিবিধিৰ তথ্য লাভ কৰি তদন্ত আৰম্ভ কৰা হয়। ধৃত ব্যক্তিজনৰ পৰা আৰক্ষীয়ে এটা চিচিটিভি কেমেৰা আৰু ইণ্টাৰনেট ৱাই-ফাই ৰাউটাৰ জব্দ কৰে। ইয়াৰ পিছতে চাৰিজন লোকৰ বিৰুদ্ধে সুজানপুৰ থানাত গোচৰ ৰুজু হয়।

বলজিতৰ উপৰিও অভিযুক্তৰ তালিকাত বিক্ৰমজিৎ সিং ওৰফে বিক্কা, বলৱিন্দৰ সিং ওৰফে বিকি আৰু তৰণপ্ৰীত সিং ওৰফে তন্নু আছে। আৰক্ষীয়ে দাবী কৰিছে যে তেওঁলোক ৰাষ্ট্ৰ বিৰোধী আৰু অপৰাধমূলক কাম-কাজত জড়িত।

ইতিমধ্যে সমগ্ৰ ঘটনাৰ প্ৰতিবেদন উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে। তদন্তকাৰীয়ে এতিয়া সীমাৰ সিপাৰৰৰ সৈতে যোগসূত্ৰ আৰু ধনৰ উৎসৰ তদন্ত আৰম্ভ কৰিছে। বাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও স্থানত তালাচী অব্যাহত আছে।

উল্লেখযোগ্য যে যোৱা মাহতো পঞ্জাৱ আৰক্ষীয়ে পাকিস্তানৰ আই এছ আইৰ সমৰ্থিত দুটা চোৰাংচোৱা চক্ৰ উৎখাত কৰিছিল। তাৰ পাছত তদন্তত প্ৰকাশ পায় যে চীনত নিৰ্মিত সৌৰশক্তিচালিত চিচিটিভি কেমেৰা ব্যৱহাৰ কৰি সেনা ঘাটি আৰু গুৰুত্বপূৰ্ণ সামৰিক স্থানৰ লাইভ ফুটেজ পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছে।

জলন্ধৰৰ চোৰাংচোৱা বিৰোধী শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন অভিযুক্তক। তেওঁৰ পৰা চীনত নিৰ্মিত চিচিটিভি কেমেৰা, ইউএছবি সংযুক্ত সৌৰ পেনেল আৰু ৪জি সংযোগী যন্ত্ৰ উদ্ধাৰ কৰা হয়।

আনহাতে, কেন্দ্ৰীয় সংস্থাৰ সৈতে যৌথ অভিযানত কাপুৰথালা আৰক্ষীয়ে আন এটা মডিউল ভাঙি পেলায়। তাত দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। উদ্ধাৰ হৈছে ৪টা মোবাইল ফোন, চিম ভিত্তিক চিচিটিভি কেমেৰা আৰু ৱাই-ফাই চেট।

পঞ্জাৱ আৰক্ষীৰ ডিজিপি গৌৰৱ যাদৱে কৈছিল যে এই গেংসমূহে সেনাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ আশে-পাশে কৌশলগতভাৱে সৌৰ আৰু চিম ভিত্তিক কেমেৰা স্থাপন কৰি আছে। এটা মোবাইল এপৰ জৰিয়তে পাকিস্তানী হেণ্ডলাৰলৈ প্ৰেৰণ কৰা হৈছে এই লাইভ ফুটেজ।

তদন্তত পাকিস্তানত বাস কৰা ‘ফৌজী’ নামৰ এজন হেণ্ডলাৰে অভিযুক্তক কেমেৰা লগোৱাৰ বাবে ৩৫ হাজাৰ টকা দিয়াৰ কথাও পোহৰলৈ আহিছে। একে সময়তে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগতো তেওঁলোক জড়িত বুলি অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd