• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ১৫০০ জনতকৈ কম জনসংখ্যা থকা ইউক্ৰেইনৰ এখন চহৰ দখলৰ লক্ষ্য পুটিনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2025 2:56 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই নতুন পাক লৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ চকু এতিয়া ডনেটস্কৰ ওচৰৰ এখন প্ৰায় নিৰ্জন চহৰৰ ওপৰত। পক্ৰ‘ভস্ক (Pokrovsk) নামৰ এই চহৰখনত তিনিবছৰীয়া যুদ্ধ তথা অহৰহ বোমাবৰ্ষণৰ ফলত জনসংখ্যা ৬০ হাজাৰৰ পৰা এতিয়া ১৫০০ লৈ হ্ৰাস পাইছে। ধ্বংসস্তূপেৰে ভৰ্তি চহৰখনত প্ৰায় নাগৰিক শূন্য অৱস্থা, অট্টালিকা, পথ, শিক্ষা প্ৰতিষ্ঠান— সকলোতে যুদ্ধৰ প্ৰভাৱ স্পষ্ট। তথাপিও ৰাছিয়াই এই চহৰখন দখল কৰিবলৈ প্ৰায় ১ লাখ সৈনিক মোতায়েন কৰিছে। প্ৰশ্ন উত্থাপন হৈছে যে এই প্ৰায় নিৰ্জন চহৰখনত কি আছে যাৰ বাবে পুটিন যিকোনো মূল্যত ইয়াক দখল কৰিবলৈ উদ্ধত হৈছে?

সংবাদ সংস্থা ৰয়টাৰ্ছৰ তথ্য অনুসৰি, পক্ৰ’ভস্ক হৈছে পূব ইউক্ৰেইনৰ ডনেটস্ক অঞ্চলৰ এক গুৰুত্বপূৰ্ণ পথ তথা ৰে’ল সংযোগস্থল। এই এলেকা ৰাছিয়াৰ বাবে কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাছিয়াই বৰ্তমান ডনেটস্ক আৰু লুহানস্ক মিলি গঠিত ডনবাছ অঞ্চল সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ লক্ষ্য কৰি লৈছে, আৰু পক্ৰ’ভস্কক সেই দিশত প্ৰৱেশদ্বাৰ বুলি গণ্য কৰা হয়।

Apply Now

যদিহে ৰাছিয়াই পক্ৰ‘ভস্ক দখল কৰিবলৈ সক্ষম হয়, তেন্তে ই ক্ৰাইমাটৰ্ছক আৰু স্লোভিয়ানস্কৰ দৰে বৃহৎ চহৰৰ দিশে আগবাঢ়িব পাৰে। সামৰিক বিশ্লেষকসকলৰ মতে, ই হ’ব ২০২৪ চনৰ ফেব্ৰুৱাৰীত আভডিভকাৰ পতনৰ পিছত ৰাছিয়াৰ সৰ্বাধিক ডাঙৰ সামৰিক সফলতা।

উল্লেখযোগ্য যে চহৰখনৰ কৌশলগত গুৰুত্বৰ লগতে ইয়াৰ অৰ্থনৈতিক দিশতো গুৰুত্বপূৰ্ণ ভূমিকা আছে। পক্ৰ‘ভস্কত অৱস্থিত ইউক্ৰেইনৰ একমাত্ৰ কয়লা খনি, যিটো দেশখনৰ তীখা উদ্যোগৰ মেৰুদণ্ড। ৰাছিয়াই এই খনিটোৰ নিয়ন্ত্ৰণ লাভ কৰি ইউক্ৰেইনৰ অৰ্থনীতি আৰু উদ্যোগিক সামৰ্থ্য দুৰ্বল কৰিব বিচাৰিছে। যদিও জানুৱাৰীত ইউক্ৰেইনীয় সংস্থা Metinvest-এ খনন বন্ধ কৰিছিল, তথাপিও ৰাছিয়াই অঞ্চলটোত পুনৰ প্ৰৱেশৰ চেষ্টা আৰম্ভ কৰিছে।

এইবাৰ ৰাছিয়াই পূৰ্বৰ দৰে প্ৰত্যক্ষ যুদ্ধৰ পথ অৱলম্বন কৰা নাই। সৰু সৰু ইউনিট আৰু ড্ৰোন ব্যৱহাৰ কৰি ইউক্ৰেইনৰ যোগান লাইন বিচ্ছিন্ন কৰিছে। ৰাছিয়াৰ পক্ষৰ পৰা দাবী কৰা হৈছে যে তেওঁলোকে নিজৰ সৈন্যৰ লোকচান কমাই আনিছে, যদিও ইউক্ৰেইনৰ দাবী অনুসৰি, চহৰখনৰ বহু অংশ এতিয়াও তেওঁলোকৰ নিয়ন্ত্ৰণত আছে।

কিয়েভৰ মতে, ৰাছিয়াৰ বাহিনীয়ে চহৰখনৰ কিছু অংশত অগ্ৰগতি সাধন কৰিছে যদিও সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিব পৰা নাই। ৰাছিয়াৰ প্ৰচণ্ড আক্ৰমণ সত্ত্বেও ইউক্ৰেইনৰ সেনাই প্ৰতিৰোধ অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd