• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেনমাৰ্কৰ সিংহাসন এৰিলে দ্বিতীয় ৰাণী মাৰ্গাৰেটে; এইবাৰ দায়িত্বত কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2024 2:32 pm
ডেনমাৰ্কৰ বিদায়ী ৰাণী মাৰ্গাৰেট দ্বিতীয় আৰু নতুন ৰাণী মেৰী ড’নাল্ডছন। ফটোঃ সংগ্ৰহীত।

ডেনমাৰ্কৰ বিদায়ী ৰাণী মাৰ্গাৰেট দ্বিতীয় আৰু নতুন ৰাণী মেৰী ড’নাল্ডছন। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেনমাৰ্কৰ ৰাণী মাৰ্গাৰেট দ্বিতীয়ই নতুন বছৰত পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে তেওঁৰ পিছত তেওঁৰ পুত্ৰ ৰাজকুমাৰ ফ্ৰেডেৰিক আহিব। দেওবাৰে নৱবৰ্ষৰ পূৰ্বে ডেনমাৰ্কৰ এটা চেনেলত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মাৰ্গাৰেটে। তাতেই ৮৩ বছৰীয়া মাৰ্গাৰেটে ৰাণী পদৰ পৰা পদত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

অহা ১৪ জানুৱাৰীত তেওঁৰ পুত্ৰ ৰাজকুমাৰ ফ্ৰেডেৰিকক দায়িত্ব অৰ্পণ কৰি মাৰ্গাৰেটে (দ্বিতীয় মাৰ্গাৰেট) পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। আনহাতে, ফ্ৰেডেৰিকৰ পত্নী হিচাপে মেৰীয়ে পৰৱৰ্তী ৰাণী হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰা মেৰীক প্ৰায়ে বিশ্বৰ অন্যতম ৰজাঘৰীয়া হিচাপে গণ্য কৰা হয় আৰু তেওঁৰ শৈলী আৰু আড়ম্বৰৰ বাবে প্ৰশংসা কৰা হয়। ২০০০ চনত গ্ৰীষ্মকালীন অলিম্পিকৰ সময়ত ছিডনীৰ স্লিপ ইন বাৰত বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱাৰ ছবি পোহৰলৈ অহাৰ সময়ত অষ্ট্ৰেলিয়াত বিজ্ঞাপন কাৰ্যবাহী হিচাপে কাম কৰি আছিল মেৰী ড’নাল্ডছনে।

Apply Now

লগতে পঢ়কঃ ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নেতানিয়াহুৰ ন্যায়িক সংস্কাৰ

ৰাণী মাৰ্গাৰেটে কয় যে তেওঁ অসুস্থতাৰ বাবে কৰ্তব্যৰ পৰা মুক্তি পাব বিচাৰে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ সফল অস্ত্ৰোপচাৰ হৈছিল। এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, অস্ত্ৰোপচাৰৰ পিছত তেওঁ ভৱিষ্যতকলৈ চিন্তা ভাৱনা বৃদ্ধি পায়। সেই সময়তে তেওঁ এই দায়িত্ব পৰৱৰ্তী প্ৰজন্মৰ ওপৰত এৰি পদত্যাগ কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে মাৰ্গাৰেটৰ জন্ম হৈছিল ১৯৪০ চনত। তেওঁৰ পিতৃ আছিল ডেনমাৰ্কৰ প্ৰাক্তন ৰজা নৱম ফ্ৰেডেৰিক। মাতৃৰ নাম আছিল ইংগ্ৰিড। ১৯৭২ চনত পিতৃৰ মৃত্যুৰ সময়ত তেওঁ ৩১ বছৰ বয়সত ডেনমাৰ্কৰ সিংহাসনৰ উত্তৰাধিকাৰী হয়। ডেনমাৰ্কৰ সংবিধান সংশোধন কৰি দ্বিতীয় মাৰ্গাৰেট সিংহাসনত বহে। প্ৰায় ৫২ বছৰ ৰাণী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ পদত্যাগ কৰিছে। ইউৰোপৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাণীৰ অভিলেখ গঢ়িছে দ্বিতীয় মাৰ্গাৰেট।

মন কৰিবলগীয়া যে ডেনমাৰ্কত সকলো ক্ষমতা নিৰ্বাচিত সংসদ আৰু তেওঁলোকৰ চৰকাৰৰ ওপৰত ন্যস্ত। এজন ৰজা বা ৰাণী দলীয় ৰাজনীতিৰ ওপৰত। ব্ৰিটিছ ৰজা বা ৰাণীৰ দৰে তেওঁৰ অধিকাৰ ডেনমাৰ্কৰ সংবিধানত সুৰক্ষিত।

লগতে পঢ়কঃ `পৰেশ বৰুৱাৰ সৈতে যোগাযোগত আছো যদিও তাৎক্ষণিক আলোচনাৰ সম্ভাৱনা নাই’; মন্তব্য মুখ্যমন্ত্ৰীৰ

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেড্ৰিক্সনে দ্বিতীয় ৰাণী মাৰ্গাৰেটে পদত্যাগ কৰাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছে। তেওঁ আজীৱন সেৱাৰ বাবে ৰাণীক ধন্যবাদ জনায়। তেওঁ ৰাণীক ডেনমাৰ্কৰ ব্যক্তিত্ব বুলি অভিহিত কৰে। লগতে প্ৰধানমন্ত্ৰী ফ্ৰেড্ৰিকছনে কয় যে ডেনমাৰ্কে তেওঁৰ জাতি সেৱাত কৰা কামক মনত ৰাখিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd