• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home গুৱাহাটী

ৰেডিচন ব্লু গুৱাহাটীৰ বাৰ্ষিক ফ্ৰুট মিক্সিং অনুষ্ঠানত নাৰী আৰু ঐতিহ্যক ৰূপত উদযাপন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 25, 2024 9:55 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰেডিছন ব্লু গুৱাহাটীয়ে শনিবাৰৰ দিনটোত তেওঁলোকৰ বহু প্ৰত্যাশিত বাৰ্ষিক ফ্ৰুট মিক্সিং অনুষ্ঠানৰ জৰিয়তে এক উৎসৱমুখৰ পৰিৱেশৰ সূচনা কৰে। এইবাৰ পৰম্পৰা আৰু আধুনিকতাৰ এক আকৰ্ষণীয় সংমিশ্ৰণেৰে মহিলাৰ অৱদানক উদযাপন কৰি এই অনুষ্ঠানটোৱে বিশেষভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ৰেডিচন ব্লুৰ এই বৰ্ণিল আৰু প্ৰাণৱন্ত অনুষ্ঠানৰ কেন্দ্ৰবিন্দু আছিল নাৰী, যাৰ জৰিয়তে ঐক্যৰ সৌন্দৰ্য্য আৰু আনন্দ প্ৰতিফলিত হয়। বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত মহিলাসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক আৰু অধিক সজীৱ কৰি তোলে। এই অনুষ্ঠানৰ জৰিয়তে ৰেডিছন ব্লুৰ বৈচিত্ৰ্য উদযাপনৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শিত হোৱাৰ সমান্তৰালভাৱে অনুষ্ঠানটোৱে প্ৰতিগৰাকী অতিথিৰ বাবে এক স্মৰণীয় অভিজ্ঞতাৰো সৃষ্টি কৰে। চৌদিশে সুৰৰ মায়াজাল বিস্তাৰিত কৰা লাইভ মিউজিক আৰু সুস্বাদু উৎসৱমুখৰ খাদ্যৰ বিবিধ ফুড ষ্টেচনে সমগ্ৰ পৰিৱেশটো অধিক জীপাল কৰি তোলা পৰিলক্ষিত হয়।

Apply Now

অনুষ্ঠান সন্দৰ্ভত ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই কয়, “প্ৰতিদিনে আমাক অনুপ্ৰাণিত কৰা মহিলাসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা জ্ঞাপনৰ এক মাধ্যম হিচাপে এইবাৰৰ ফ্ৰুট মিক্সিং অনুষ্ঠান সজাই তোলা হৈছে। আমি এই মনোমোহা পৰম্পৰাটোক আগবঢ়াই নিয়াৰ সমান্তৰালভাৱে ইয়াক অধিক সৰ্বাংগীন আৰু অৰ্থপূৰ্ণ কৰি তুলিবলৈও চেষ্টা কৰিছোঁ। এই অনুষ্ঠান কেৱল মাথো বৰদিনৰ প্ৰস্তুতি নহয়, এয়া হৈছে সংযোগ স্থাপন, বৈচিত্ৰ্যতাৰ উদযাপন আৰু মধুৰ আনন্দৰ সুখদায়ক ক্ষণবোৰ সকলোৰে মাজত বিলাবলৈ গঢ়ি তোলা এখন মঞ্চ।”

ৰেডিচন ব্লুৰ কাৰ্যবাহী চেফ কাৰ্তিকেয়ানে কয়, “ফ্ৰুট মিক্সিং অনুষ্ঠান সন্মিলন আৰু আনন্দ উদযাপনৰ সাৰমৰ্মেৰে ভৰা এক বিশেষ পৰম্পৰা। এইবাৰ আমি গৌৰৱান্বিত যে নাৰীৰ প্ৰেৰণাদায়ক কাহিনীয়ে এই পৰম্পৰাক অধিক জীপাল কৰি তুলিছে। তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটোত এক অনন্য মাদকতা সানিছে।”

উল্লেখ্য যে, ফ্ৰুট মিক্সিং অনুষ্ঠান কেৱল এক ৰন্ধন প্ৰথাই নহয়; ই হৈছে এক পৰম্পৰাগত উৎসৱৰ অভিজ্ঞতা। অতিথিসকলে হোটেলৰ দলৰ সৈতে একেলগে মিলি সুগন্ধি স্পিৰিটত তিয়াই থোৱা মছলা, শুকান ফল আৰু বাদামৰ মিশ্ৰণ তৈয়াৰ কৰে। উৎসৱমুখৰ সুৰ, বন্ধুত্বপূৰ্ণ পৰিৱেশ আৰু বিশেষভাৱে সৃষ্টি কৰা হাই-টি স্প্ৰেডে গোটেই অনুষ্ঠানটোক অধিক সজীৱ কৰি তোলে।

মন কৰিবলগীয়া যে, উৎসৱৰ কেইসপ্তাহমানৰ পূৰ্বে বৰদিনৰ পুডিং প্ৰস্তুত কৰাৰ পৰম্পৰাৰ সৈতে জড়িত এই ফ্ৰুট মিক্সিং অনুষ্ঠানৰ নিজস্ব বিশেষ তাৎপৰ্য আছে। ইয়াক সমৃদ্ধি, সুখ আৰু ঐক্যবদ্ধতাৰ বাবে শুভেচ্ছাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। প্ৰতিবাৰেই মিশ্ৰণটো মিহলি কৰাৰ মুহূৰ্তটো প্ৰত্যাশা আৰু উদযাপনৰ দ্বাৰা সমৃদ্ধ হয় আৰু সেই বাবেই এই পৰম্পৰা সকলোৰে প্ৰিয় এক চিৰন্তন পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে।

উল্লেখ্য যে, এই অনুষ্ঠানৰ জৰিয়তে ৰেডিচন ব্লু গুৱাহাটীয়ে কেৱল ভৱ্য অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত নিজৰ সুনাম অক্ষুণ্ণ ৰখাই নহয়, বৰঞ্চ সৰ্বাংগীন আৰু অৰ্থপূৰ্ণ উদযাপনৰ পৰম্পৰা গঢ়ি তোলাৰ ক্ষেত্ৰতো এক মাপকাঠী স্থাপন কৰিবলৈ সক্ষম হৈছে।  

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd