অনন্য দ্ৰাবিড়! সকলো সহকৰ্মীকেই দিব লাগিব সমান টকা; পুৰস্কাৰৰ ৫ কোটি ঘূৰাই দিলে ৰাহুলে!

ৰাহুল দ্ৰাবিড়ে পুনৰ নিজকে টিমমেন হিচাপে প্ৰমাণ কৰিলে। ৰোহিত শৰ্মা বাহিনীৰ বিজয়ৰ পিছত টিম ইণ্ডিয়াৰ বাবে ১২৫ কোটি টকাৰ পুৰস্কাৰ ধন ঘোষণা কৰে ব’ৰ্ডৰ সচিব জয় শ্বাহে। বিশ্বকাপৰ মূল দলত থকা ১৫ জনে লাভ কৰিছে ৫ কোটিকৈ টকা। মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ পুৰস্কাৰৰ ধন আছিল ৫ কোটি টকা। ছাপোৰ্ট ষ্টাফসকলে লাভ কৰিব আঢ়ৈ কোটিকৈ টকা।

কিন্তু ৰাহুল দ্ৰাবিড়ে সেই পুৰস্কাৰ মূল্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। ব’ৰ্ডে দিয়া অতিৰিক্ত পুৰস্কাৰ তেওঁ গ্ৰহণ নকৰে, দলৰ বাকী কোটিং ষ্টাফসকলৰ দৰে একেটা পুৰস্কাৰ মূল্যৰ ধন তেওঁ ল’ব।

 প্ৰতিবেদন অনুসৰি বিচিচিআইৰ এজন বিষয়াই কয়, ‘দ্ৰাৱিড়েও তেওঁৰ ছাপোৰ্ট ষ্টাফৰ দৰে আঢ়ৈ কোটি টকা পুৰস্কাৰৰ ধন হিচাপে ল’ব বিচাৰে। আমি তেওঁৰ ইচ্ছাক সমৰ্থন কৰিছো।’

লগতে পঢ়কঃ শ্বুটিঙৰ সময়ত আহত অভিনেত্ৰী উৰ্বশী ৰাউটেলা! ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে হাস্পাতালত

ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল জুন মাহৰ শেষৰ ফালে শেষ হৈছে। গৌতম গম্ভীৰ সেই পদলৈ আহিছে। কলকাতা নাইট ৰাইডাৰ্ছৰ এটা ডাঙৰ অফাৰ ইতিমধ্যে ৰোহিতৰ প্ৰাক্তন মুৰব্বী গুৰুৰ ওচৰলৈ গৈছে।

ইয়াৰ পূৰ্বে ২০১৮ চনত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰিছিল। সেই সময়ত ব’ৰ্ডে দ্ৰাবিড়ক ৫০ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছিল। সেই সময়ত ছাপোৰ্ট ষ্টাফসকলে ২০ লাখ টকা পাইছিল। খেলুৱৈসকলক আবণ্টন দিয়া হৈছিল ৩০ লাখকৈ টকা। সূত্ৰ অনুসৰি দ্ৰাবিড়ে এনে বিভাজন নাকচ কৰি বিচিচিআইক সকলোকে সমানে পুৰস্কৃত কৰিবলৈ কৈছিল।

লগতে পঢ়কঃ প্ৰভাৱৰ অভাৱ দেখা গ’ল এমবাপেৰ! ফ্ৰান্সক পৰাস্ত কৰি ইউৰো কাপৰ ফাইনেলত স্পেইন

২০১২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দ্ৰাবিড়ে। ২০১৪ আৰু ২০১৫ চনত ৰাজস্থান ৰয়েলছৰ মেন্টৰ আছিল। দিল্লী কেপিটেলছৰ দায়িত্বও চম্ভালিছে। কিন্তু দ্ৰাবিড়ৰ ভাষাত সদ্যহতে তেওঁ নিবনুৱা। অৱশ্যে ইতিমধ্যে কেকেআৰ দলৰ প্ৰশিক্ষক হোৱাৰ প্ৰস্তাৱ লাভ কৰিছে।