মোডীক মুখামুখি বিতৰ্কলৈ নিমন্ত্ৰণ জনাই ৰাহুল ক’লে, `মই সাজু, মোডীজী মান্তি নহ’ব’

কাজিয়া কৰাৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোডী আৰু ৰাহুল গান্ধীয়ে মুখামুখিকৈ ​​বহি দেশৰ জ্বলন্ত সমস্যাক লৈ কথা ক’ব লাগে। সমাধানৰ বাবে কোনে কি কৰিব বিচাৰে দেশবাসীক কওক।

মদন লোকুৰ, এছ এম শ্বাহৰ দৰে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ এটা দলে দিয়া এই প্ৰস্তাৱ ৰাহুল গান্ধীয়ে গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় যে `যদি আপুনি কোনো কাৰণত মোৰ লগত বহিব নিবিচাৰে তেন্তে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে বহিব পাৰে।‘

এইখিনিতে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কয়, ‘মই জানো আপুনি মোৰ লগত বিতৰ্ক কৰিবলৈ মান্তি নহ’বা।’

লগতে পঢ়কঃ যমুনোত্ৰীত দীঘলীয়া শাৰীত ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিল তীৰ্থযাত্ৰী

লক্ষ্ণৌত কংগ্ৰেছৰ অনুষ্ঠানত ৰাহুলে লগতে কয়, `মাননীয় নৰেন্দ্ৰ মোদীজী, যিকোনো বিষয়ত মই আপোনালোকৰ সৈতে এশ শতাংশ বিতৰ্ক কৰিবলৈ সাজু।‘

ভাষণত ৰাহুলে কেইটামান জ্বলন্ত বিষয়ৰ কথা উল্লেখ কৰে। তেওঁ নিবনুৱা সমস্যা, দলিত, জনজাতীয় আৰু সংখ্যালঘুৰ দুৰ্দশাৰ কথা কয়।

বহু দেশত নিৰ্বাচনত অংশগ্ৰহণ কৰা দলসমূহৰ আগশাৰীৰ নেতাসকলে মূল বিষয়সমূহৰ ওপৰত বিতৰ্ক কৰি নিজৰ বক্তৱ্য শুনায়। ভাৰততো একে ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে বিভিন্ন পক্ষৰ পৰা প্ৰস্তাৱ আহিছে। কিন্তু বেছিভাগ শীৰ্ষ নেতাই এই প্ৰস্তাৱ এৰাই চলিছে।

 ৰাহুল গান্ধীয়ে অৱশ্যে ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীক একেই প্ৰস্তাৱ আগবঢ়াইছিল। এইবাৰ তেওঁ অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।

লগতে পঢ়কঃIPL 2024: বৰ্ষাবিঘ্নিত মেচত ইডেনত সেমেকিল মুম্বাই; প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ ইস্তাহাৰক লৈ অভিযোগ কৰিছিল যে যদিহে দলটো ক্ষমতালৈ আহে তেন্তে দেশৰ ধন-সম্পত্তি মুছলমানসকলৰ মাজত বিতৰণ কৰা হ’ব। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিোগ তুলি কংগ্ৰেছ সভাপতি খাৰ্গেই পত্ৰ লিখি তেওঁক মুখামুখি আলোচনাত বহাৰ প্ৰস্তাৱ দিছিল। সেই পত্ৰৰ উত্তৰ নিদিলে প্ৰধানমন্ত্ৰীয়ে।