• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2026 4:44 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৫৬ বছৰত ভৰি দিয়ে। তেওঁৰ জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে তেওঁক শুভকামনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁক সুস্বাস্থ্যৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে। সমগ্ৰ দেশত কংগ্ৰেছ কৰ্মীসকলে তেওঁৰ জন্মদিন উদযাপন কৰাৰ সময়তে বাৰাণসীৰ যুৱ কংগ্ৰেছে আয়োজন কৰা এক বিশেষ কাৰ্যসূচীক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

বাৰাণসীৰ যুৱ কংগ্ৰেছৰ কৰ্মীসকলে গংগা নদীৰ পাৰত ৰাহুল গান্ধীৰ এখন বিশেষ পোষ্টাৰ লৈ পূজা অৰ্চনা কৰে। এই পোষ্টাৰখনত ৰাহুল গান্ধীক ভগৱান পৰশুৰামৰ ৰূপত দেখুওৱা হৈছিল। পোষ্টাৰখনত তেওঁৰ এহাতত এখন কুঠাৰ আৰু আনখন হাতত ভাৰতৰ সংবিধানখন থকা দেখা গৈছে। কংগ্ৰেছ কৰ্মীসকলে বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাহুল গান্ধীৰ এই পোষ্টাৰখনত গাখীৰ ঢালি ৰুদ্ৰাভিষেক সম্পন্ন কৰে। ইয়াৰ লগতে তেওঁলোকে ১১ কিলোগ্ৰাম ওজনৰ এটা লাডু কাটি নেতাগৰাকীৰ দীৰ্ঘায়ু আৰু সফলতা কামনা কৰি প্ৰাৰ্থনা জনায়।

Apply Now

ৰাহুল গান্ধীক ভগৱান পৰশুৰামৰ সৈতে তুলনা কৰা এই কাৰ্যই সমগ্ৰ দেশতে এক ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰি ইয়াক গ্ৰহণযোগ্য নহয় আৰু ভগৱান পৰশুৰামৰ লগতে হিন্দু ধৰ্মৰ প্ৰতি অপমান বুলি অভিহিত কৰিছে। উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে কংগ্ৰেছ নেতাসকলে নিজৰ জ্ঞান হেৰুৱাই পেলাইছে। তেওঁ লগতে কয় যে ভগৱান পৰশুৰাম হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ, সেয়েহে ৰাহুল গান্ধীক তেওঁৰ সৈতে তুলনা কৰাটো অসম্ভৱ। সনাতন ধৰ্মক বিৰোধিতা কৰাসকলে নিজকে ভগৱান পৰশুৰামৰ সৈতে তুলনা কৰাৰ কথা ভাবিবও নোৱাৰে বুলি তেওঁ মন্তব্য কৰে।

বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়েও অভিযোগ কৰি কয় যে কংগ্ৰেছ কৰ্মীসকলে ৩৬৪ দিন সনাতন ধৰ্মক অপমান কৰে আৰু এদিন ভগৱান পৰশুৰামক মনত পেলোৱাৰ ভাও জোৰে, যিটো মানুহে কেতিয়াও পাহৰি নাযায়।

আনহাতে, কংগ্ৰেছ দলে তেওঁলোকৰ এই কাৰ্যক সমৰ্থন কৰিছে। গংগাৰ পাৰত পূজাৰ আয়োজন কৰা বাৰাণসী যুৱ কংগ্ৰেছৰ সভাপতি বিকাশ সিঙে কয় যে এয়া কেৱল তেওঁলোকৰ নেতাৰ প্ৰতি থকা আৱেগৰ প্ৰকাশ। তেওঁৰ মতে, যিদৰে ভগৱান পৰশুৰামে পৃথিৱীৰ পৰা অশুভ শক্তিক বিনাশ কৰিছিল, ঠিক তেনেদৰে ৰাহুল গান্ধীয়েও অশুভ শক্তিৰ বিৰুদ্ধে যুঁজি আছে। কংগ্ৰেছৰ মুখপাত্ৰ অলোক শৰ্মায়ো এই পূজাক সমৰ্থন কৰি কয় যে আয়োজকসকল নিজেই ব্ৰাহ্মণ আৰু ভগৱান পৰশুৰামৰ বংশধৰ, তেওঁলোকে কেৱল নিজৰ অনুভৱহে প্ৰকাশ কৰিছে। উল্লেখ্য যে, হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি ভগৱান পৰশুৰাম হৈছে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁক এজন বীৰ যোদ্ধা ঋষি হিচাপে জনা যায়, যিজনে পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ অন্যায়কাৰী ৰজাসকলক বিনাশ কৰিছিল আৰু তেওঁ হিন্দু ধৰ্মৰ সাতজন চিৰঞ্জীৱীৰ ভিতৰত এজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd