প্ৰতিযোগিতামূলক পৰীক্ষাত বাৰে বাৰে প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল আৰু নিযুক্তি প্ৰক্ৰিয়াত বিলম্ব হোৱাৰ ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয় যে এই ঘটনাসমূহ কেৱল প্ৰশাসনিক ব্যৰ্থতা নহয়, ই দেশৰ লাখ লাখ যুৱক-যুৱতীৰ সপোন আৰু ভৱিষ্যতৰ ওপৰত প্ৰত্যক্ষ আঘাত।
সামাজিক মাধ্যম এক্সত দিয়া এটা পোষ্টত ৰাহুল গান্ধীয়ে দেশৰ যুৱ সমাজক উদ্দেশ্যি কয় যে আজিৰ দিনত কঠোৰ পৰিশ্ৰমৰ মূল্য দিয়া হোৱা নাই আৰু সপোন দেখা মানুহকেই যেন শাস্তি দিয়া হৈছে। তেওঁৰ ভাষাত, প্ৰতিটো পেপাৰ লিক, প্ৰতিটো বাতিল পৰীক্ষা আৰু অসম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া কেৱল ব্যৱস্থাৰ ব্যৰ্থতা নহয়, ই লাখ লাখ সপোনৰ ওপৰত আক্ৰমণ।
ৰাহুল গান্ধীয়ে লগতে কয় যে তেওঁ যুৱ সমাজৰ হতাশা আৰু ক্ষোভ বুজি পায়। কিন্তু এই ক্ষোভক একেলগে শক্তিশালী কণ্ঠত প্ৰকাশ কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয়, যেতিয়া চৰকাৰে শুনিবলৈ ইচ্ছুক নহয়, তেতিয়া জনতাই অধিক জোৰেৰে মাত মাতিব লাগে।
এই উদ্দেশ্যেই ১৭ জুনত ৰাজস্থানৰ কোটাত অনুষ্ঠিত হ’বলগীয়া ‘ষ্টুডেণ্টছ ইকো’ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজক যোগদান কৰিবলৈ ৰাহুল গান্ধীয়ে আহ্বান জনাইছে। তেওঁ কয় যে এই আন্দোলন কোটাৰ পৰা আৰম্ভ হৈ দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিব।
ৰাহুল গান্ধীয়ে যুৱ সমাজক একত্ৰিত হৈ এনে এক কণ্ঠ সৃষ্টি কৰিবলৈ আহ্বান জনায়, যাক চৰকাৰে উপেক্ষা কৰিব নোৱাৰে। তেওঁ কয় যে এই সংগ্ৰাম যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ বাবে, আৰু তেওঁ তেওঁলোকৰ সৈতে আছে।
ইফালে, কংগ্ৰেছে নীট আৰু ইউজিচি-নেটকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত হোৱা অনিয়মৰ বিৰুদ্ধে নিজৰ আন্দোলন তীব্ৰতৰ কৰিছে। দলটোৰ অভিযোগ, চৰকাৰে ছাত্ৰ-ছাত্ৰী আৰু চাকৰিপ্ৰাৰ্থীৰ স্বাৰ্থ সুৰক্ষিত কৰাত ব্যৰ্থ হৈছে।
দিল্লী, মুম্বাই, জয়পুৰ, গুৱাহাটীকে ধৰি দেশৰ কেইবাখনো চহৰত কংগ্ৰেছ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে পৰীক্ষা সম্পৰ্কীয় অনিয়মৰ বাবে দায়ী লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
কংগ্ৰেছৰ মতে, বাৰে বাৰে পেপাৰ লিক আৰু নিযুক্তি প্ৰক্ৰিয়াৰ বিঘিনিয়ে দেশৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিছে।





