ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে অতি গুৰুত্বপূৰ্ণ বিষয়ত সদনত বক্তব্য ৰাখিবলৈ বাধা দিয়াৰ অভিযোগ তুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। মঙলবাৰে প্ৰেৰণ কৰা এই পত্ৰখনত গান্ধীয়ে তেওঁক বক্তব্য ৰাখিবলৈ নিদিয়া কাৰ্যক ভাৰতীয় গণতন্ত্ৰৰ বাবে এক “কলংক” বুলি অভিহিত কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অধ্যক্ষলৈ লিখা পত্ৰখনত কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰিছে যে সোমবাৰে, ২ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কত অংশ লৈ তেওঁ যেতিয়া ২০২০ চনৰ ভাৰত-চীন সীমান্ত সংঘাতৰ প্ৰসংগ উত্থাপন কৰিবলৈ বিচাৰিছিল, তেতিয়া অধ্যক্ষই তেওঁক এখন আলোচনীৰ তথ্যসমূহ প্ৰমাণীকৰণ (authenticate) কৰিবলৈ নিৰ্দেশ দিছিল।
ৰাহুল গান্ধীয়ে কয় যে সংসদৰ দীৰ্ঘদিনীয়া পৰম্পৰা আৰু পূৰ্বৰ অধ্যক্ষসকলৰ ৰায়দান অনুসৰি, কোনো সদস্যই সদনত কোনো নথিৰ উল্লেখ কৰিব বিচাৰিলে সেইখন প্ৰমাণিত কৰি তাৰ বিষয়বস্তুৰ দায়িত্ব স্বীকাৰ কৰিব লাগে। গান্ধীৰ মতে, তেওঁ ইতিমধ্যে সেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল।
ইয়াৰ পিছত গান্ধীয়ে পত্ৰখনত উল্লেখ কৰে যে এবাৰ সদস্যজনে নথিখন প্ৰমাণিত কৰাৰ পিছত অধ্যক্ষই তেওঁক উদ্ধৃতি দিবলৈ অনুমতি দিয়া উচিত আৰু তাৰ উত্তৰ দিয়াটো চৰকাৰৰহে দায়িত্ব; তাত অধ্যক্ষৰ কোনো ভূমিকা নাথাকে। তেওঁ কয়, “আজি মোক লোকসভাত ভাষণ দিবলৈ বাধা দিয়াটোৱে কেৱল সংসদীয় পৰম্পৰা উলংঘা কৰাই নহয়, বৰঞ্চ ই এক গুৰুতৰ সন্দেহৰো সৃষ্টি কৰিছে যে বিৰোধী দলপতি হিচাপে মোক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত কথা কোৱাত বাধা দিবলৈ এক ইচ্ছাকৃত প্ৰচেষ্টা চলিছে।”
গান্ধীয়ে অধ্যক্ষক সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰপতিৰ ভাষণৰ এটা মূল অংশ আছিল ৰাষ্ট্ৰীয় নিৰাপত্তা, যাৰ ওপৰত সংসদত আলোচনা হোৱাটো অত্যন্ত জৰুৰী। তেওঁ কয় যে সদনৰ এক নিৰপেক্ষ অভিভাৱক হিচাপে বিৰোধী দলকে ধৰি প্ৰতিজন সদস্যৰ অধিকাৰ সুৰক্ষিত কৰাটো অধ্যক্ষৰ সাংবিধানিক দায়িত্ব।
কংগ্ৰেছ নেতাগৰাকীয়ে পত্ৰখনত কঠোৰ ভাষাৰে উল্লেখ কৰে যে, “এই মৌলিক গণতান্ত্ৰিক অধিকাৰসমূহ অস্বীকাৰ কৰাৰ ফলত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে। সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে চৰকাৰৰ নিৰ্দেশত অধ্যক্ষই ৰাষ্ট্ৰপতিৰ ভাষণৰ বিতৰ্কত বিৰোধী দলপতিক কথা কোৱাত বাধা দিবলৈ বাধ্য হৈছে। এয়া আমাৰ গণতন্ত্ৰৰ ওপৰত এটা চেকা বা কলংক।”
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে লোকসভাত প্ৰাক্তন সেনা প্ৰধান এম. এম. নৰৱণেৰ অপ্ৰকাশিত স্মৃতিগ্ৰন্থৰ (memoir) উদ্ধৃতি থকা এটা প্ৰবন্ধৰ কপি জমা দিছিল। কিন্তু ইয়াৰ পিছতো চীন সীমান্তৰ বিষয়টো উত্থাপন কৰাক লৈ সদনত সৃষ্টি হোৱা অচলাৱস্থাৰ অন্ত নপৰিল, যাৰ ফলত সদন কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।
ৰাহুল গান্ধীয়ে বিষয়টো উত্থাপন কৰিবলৈ জোৰ দি থকাৰ মাজতে কাৰ্যবাহী অধ্যক্ষ কৃষ্ণা প্ৰসাদ তেন্নেটিয়ে পৰৱৰ্তী বক্তাসকলৰ নাম ঘোষণা কৰে। ৰাহুল গান্ধীৰ প্ৰতি সংহতি জনাই তিনিজন বিৰোধী সাংসদে ভাষণ দিবলৈ অস্বীকাৰ কৰাৰ পিছত, অধ্যক্ষই এন. ডি. এ.ৰ সহযোগী দল টি. ডি. পি.ৰ হৰিশ বালযোগীকে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনায়।





