কোন হ’ব বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰীৰ মুখ? ডাঙৰ ঘোষণা ৰাহুল গান্ধীৰ

শুকুৰবাৰে নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ডাঙৰ মন্তব্য, ‘আগন্তুক নিৰ্বাচন গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ যুঁজ’।

লোকসভা নিৰ্বাচন উপলক্ষে আজি কংগ্ৰেছে প্ৰকাশ কৰে ইস্তাহাৰ। এই ইস্তাহাৰৰ নাম দিয়া হৈছে ‘ন্যায়ৰ দস্তাবেজ’। ইস্তাহাৰ প্ৰকাশৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে আগন্তুক নিৰ্বাচন গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ নিৰ্বাচন।

তেওঁ কয়, ‘এফালে এন ডি এ আৰু প্ৰধানমন্ত্ৰী মোডীয়ে সংবিধান আৰু গণতন্ত্ৰ ধ্বংস কৰাৰ বাবে অহৰহ কাম কৰি আছে। আনহাতে, সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে অহৰহ প্ৰাণেপণে চেষ্টা কৰিছে ইণ্ডিয়া মিত্ৰজোঁট।

লগতে পঢ়কঃ বিশ্বৰ আটাইতকৈ বয়সীয়াল মানুহজনৰ মৃত্যু! মৃত্যুৰ সময়ত তেওঁৰ বয়স কিমান আছিল জানেনে?

আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ইস্তাহাৰ প্ৰকাশ কৰা সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিক লক্ষ্য কৰি লৈছিল। একে সময়তে বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰীৰ মুখৰ বিষয়ে সোধাত তেওঁ কয় যে নিৰ্বাচনৰ পিছত মিত্ৰজোঁটৰ ফালৰ পৰা আলোচনাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ মুখখন ঠিক কৰা হ’ব।

তেওঁ লগতে কয়, ‘দেশৰ ৰাজনৈতিক গাঁথনিত কি ঘটি আছে আমি বুজিব লাগিব। আৰ এছ এছ, বিজেপি আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰস্তুত কৰা কৌশলৰ আধাৰ কি সেয়া আমি বুজিব লাগিব। বন্দৰ, আন্তঃগাঁথনি আৰু প্ৰতিৰক্ষাৰ ওপৰত যেনেকৈ আদানীৰ একচেটিয়া আধিপত্য আছে, ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী মোদীয়ে ইডি, চিবিআই আৰু আয়কৰ বিভাগ ব্যৱহাৰ কৰি ৰাজনৈতিক বিত্তীয় সংগ্ৰহৰ একচেটিয়া আধিপত্য সৃষ্টি কৰিছে।’

লগতে পঢ়কঃ তিহাৰ জে’লৰ পৰা দিল্লীবাসীলৈ চিঠি মনীষ চিছ’দিয়াৰ; কি লিখিলে কাৰাৰুদ্ধ আপ নেতাগৰাকীয়ে?

ৰাহুলে কয় যে মল্লিকাৰ্জুন খাৰ্গে কৈছে যে যিসকলে দুৰ্নীতি কৰি আছে তেওঁলোকে বিজেপিত যোগদান কৰিছে কাৰণ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনৈতিক ধন সংগ্ৰহ একচেটিয়া কৰিব বিচাৰে। প্ৰধানমন্ত্ৰীৰ মুখৰ বিষয়ে সোধাত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয় যে ইণ্ডিয়া মিত্ৰজোঁটে সিদ্ধান্ত লৈছে যে আমি এই নিৰ্বাচনত একত্ৰিত হৈ যুঁজ দিছো। নিৰ্বাচনৰ পিছত মিত্ৰজোঁটে একেলগে সিদ্ধান্ত ল’ব কোন নেতা আৰু কোন প্ৰধানমন্ত্ৰী হ’ব।