• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰতি বছৰে অজুহাত সলনি হয়’, দিল্লীৰ প্ৰদূষণক লৈ ‘ডাবল ইঞ্জিন’ বিজেপিক কটাক্ষ ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2025 11:45 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে দিল্লীৰ বায়ুৰ গুণাগুণ পুনৰ ‘অত্যন্ত বেয়া’ স্তৰত উপনীত হয়। মঙলবাৰেও ধোঁৱাৰ পৰা কোনো সকাহ পোৱা নাই। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি আজি দিল্লীত বতাহ উশাহ লোৱা দিনটোত সাতটাতকৈ অধিক চিগাৰেট খোৱাৰ ফলত হাওঁফাওঁৰ ক্ষতিৰ দৰেই হ’ব পাৰে।

আনহাতে, উচ্চতম ন্যায়ালয়ত দিল্লী প্ৰদূষণ গোচৰৰ শুনানিৰ সময়ত পোহৰলৈ আহিছে যে দীপাৱলীত দিল্লীৰ প্ৰদূষণৰ সঠিক তথ্য প্ৰশাসনৰ হাতত নাই! দেশ-বিদেশত প্ৰশ্নৰ সন্মুখীন হোৱা বিজেপি চৰকাৰৰ অস্বস্তি আৰু অধিক বৃদ্ধি কৰিছে ৰাহুল গান্ধীয়ে।

Apply Now

সোমবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে ছ’চিয়েল মিডিয়া পোষ্টত অভিযোগ কৰি কয় যে, “দিল্লীৰ প্ৰদূষণ প্ৰতি বছৰে একেই থাকে, কেৱল বিজেপিয়েহে অজুহাত সলনি কৰে।” অৱশ্যে গেৰুৱা শিবিৰে দোষ কংগ্ৰেছ আৰু আপৰ ওপৰত জাপি দিলে।

মঙলবাৰে লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে এক্স হেণ্ডেলৰ পোষ্টত পোনপটীয়াকৈ আক্ৰমণ কৰি কয়, “দিল্লীৰ বায়ু প্ৰতি বছৰে অধিক বিষাক্ত হৈ আহিছে, আৰু বিজেপি চৰকাৰে অজুহাত সলনি কৰি আছে। বৰ্তমান যেতিয়া বিজেপিয়ে কেন্দ্ৰ আৰু দিল্লী দুয়ো স্থানতে শাসন চলাইছে, তেতিয়া অজুহাতে কাম নিদিয়ে। মানুহে প্ৰতিশ্ৰুতি নিবিচাৰে, তেওঁলোকে প্ৰদূষণমুক্ত বায়ু বিচাৰে।”

এই বক্তব্যৰ সৈতে ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ পোষ্ট কৰিছে। ইয়াত তেওঁ এজন পৰিৱেশবিদৰ সৈতে দিল্লীৰ বিষাক্ত বায়ুৰ বিষয়ে কথা পতা দেখা গৈছে।

আনহাতে, ৰাজধানী চহৰত প্ৰদূষণৰ বাবে কংগ্ৰেছ আৰু আপক দোষাৰোপ কৰিছে গেৰুৱা শিবিৰে। বিজেপি নেতা মঞ্জিন্দৰ সিং ছিৰছাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে দিল্লীৰ প্ৰদূষণৰ পৰিস্থিতিৰ বাবে ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰ আৰু ১০ বছৰীয়া আপ চৰকাৰ দায়ী। আনকি তেওঁ দাবী কৰে যে, “বিগত ১০ বছৰৰ ভিতৰত বিজেপি চৰকাৰৰ অধীনতে এই বছৰ বায়ুৰ সৰ্বোত্তম মান ৰেকৰ্ড কৰা হৈছে।”

साल दर साल दिल्ली की हवा ज़हरीली होती जा रही है, लेकिन BJP सरकारें बस बहाने बदलती हैं।

अब तो केंद्र और दिल्ली – दोनों जगह उनकी ही सरकार है।

अब बहाने नहीं, जनता को साफ़ हवा चाहिए।pic.twitter.com/oMeUdoVvhK

— Rahul Gandhi (@RahulGandhi) November 3, 2025

দিল্লীৰ প্ৰদূষণক লৈ বিভিন্ন দলৰ নেতাসকলে ৰাজনীতি কৰি থকাৰ সময়তে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ৱেবছাইটে প্ৰদান কৰা তথ্য অনুসৰি মঙলবাৰে পুৱা ৭ বজাত ৰাজধানীখনৰ গড় বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) আছিল ৩০৯, অৰ্থাৎ ‘অতি বেয়া’।

আনকি আলিপুৰ, আনন্দ বিহাৰ, বুৰাৰী আৰু ৱাজিৰপুৰ অঞ্চলত বায়ুৰ মানদণ্ড ৪০০ অতিক্ৰম কৰিছে। যিটো ‘ভয়ংকৰ’ পৰ্যায়ত আছে। ইটোৱে সিটোক দোষাৰোপ কৰিলে সমস্যাৰ সমাধান নহ’ব বুলি সকীয়াই দিছে পৰিৱেশবিদসকলে। বৰঞ্চ জৰুৰীভাৱে ব্যৱস্থা ল’ব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd