শ্বহীদ কৃষক সন্দৰ্ভত চৰকাৰৰ স্থিতিক সমালোচনা ৰাহুল গান্ধীৰ

Rahul Gandhi

কৃষক আন্দোলনত শ্বহীদ কৃষক সন্দৰ্ভত চৰকাৰৰ কোনো তথ্য নাই বুলি কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

আজি ৰাহুল গান্ধীয়ে কেন্দ্ৰৰ মোডী চৰকাৰক অহংকাৰী বুলি অভিযোগ কৰি কৃষি আইন আন্দোলনৰ শ্বহীদ কৃষকৰ তথ্য নথকা আৰু কৃষকৰ পৰিয়ালক ক্ষতিপূৰণৰ অস্বীকাৰ কৰা কাৰ্যক অসংবেদনশীল আখ্যা দিয়ে।

গান্ধীয়ে কয় যে কৃষি আইন আন্দোলনৰ সময়ত কৃষকসকলৰ মৃত্যুৰ বাবে পঞ্জাৱ চৰকাৰ দায়বদ্ধ নহয়। কিন্তু তথাপিও ৰাজ্যখনৰ ৪০৩ জন মৃত কৃষকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিছিল।

তেওঁ কয় যে কংগ্ৰেছৰ ওচৰত পাঞ্জাৱৰ বাহিৰৰ ১০০ জন কৃষকৰ এখন তালিকা আছে, যিসকলে কৃষি আইন আন্দোলনৰ সময়ত মৃত্যুবৰণ কৰিছিল আৰু ৰাজহুৱা ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি প্ৰায় ২০০ জন মৃত কৃষকৰ আন এখন তালিকা সংকলিত কৰা হৈছে।

সোমবাৰে তালিকাসমূহ সংসদত প্ৰকাশ কৰিব বুলি তেওঁ লগতে উল্লেখ কৰে।

কৃষি আইন বাতিল হোৱাৰ পিছত কৃষকসকলৰ আন দাবীৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত গান্ধীয়ে কয়, “মই নাভাবো যে চৰকাৰে কৃষকৰ দাবী মানি ল’ব”। চৰকাৰৰ উদ্দেশ্য সঠিক নহয় বুলিও তেওঁ দৃঢ়তাৰে কয়।

উল্লেখ্য যে বিৰোধীয়ে সংসদত এক লিখিত প্ৰশ্নৰ জৰিয়তে আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰই কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল।

ইয়াৰ উত্তৰত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে শ্বহীদ কৃষকৰ তথ্য কৃষি মন্ত্ৰালয়ৰ ওচৰত নথকাৰ দোহাই দি ক্ষতিপূৰণৰ বিষয়টো অস্বীকাৰ কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছৰে পৰা বিৰোধীয়ে দাবী কৰিছিল যে কেন্দ্ৰীয় চৰকাৰৰ কৃষকৰ প্ৰতি কোনো সৎ অভিপ্ৰায় নাই। মাত্ৰ আগন্তুক নিৰ্বাচনৰ স্বাৰ্থতহে চৰকাৰে কৃষি আইন বাতিলৰ সিদ্ধান্ত লৈছে।

কৃষি মন্ত্ৰীৰ বক্তব্যৰ পিছত বিৰোধীৰ এই দাবীয়েই এতিয়া সত্যত পৰিণত হোৱাৰ উপক্ৰম হৈছে।