• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, পৰীক্ষাৰ্থী, যুৱ সংগঠন, শিক্ষাবিদ আৰু পৰীক্ষাৰ কেলেংকাৰীত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হোৱা সকলোকে একত্ৰিত কৰা হ’ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2026 9:31 am
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত চাকৰি নাই, নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। NEETৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰশ্ন ফাদিল হোৱাটো এতিয়া দৈনন্দিন ঘটনাত পৰিণত হৈছে। বিৰোধী দল কংগ্ৰেছে দেশৰ অৰ্থনীতি সন্দৰ্ভতো অশুভ সংকেতৰ কথা সোঁৱৰাই দিছে।

এই জটিল পৰিস্থিতিত কংগ্ৰেছে দেশৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰি তেওঁলোকৰ হৃদয় জয় কৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰিব। কংগ্ৰেছৰ এই নতুন কাৰ্যসূচী ৰাহুল গান্ধীক আগত লৈ অহা ১৭ জুনৰ পৰা আৰম্ভ কৰা হ’ব।

Apply Now

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে কয় যে কংগ্ৰেছে দেশৰ ছাত্ৰ-ছাত্ৰী, চাকৰি প্ৰত্যাশী, যুৱক-যুৱতী আৰু শিক্ষাবিদসকলক একত্ৰিত কৰাৰ বাবে দেশজোৰা অভিযান আৰম্ভ কৰিব। ১৭ জুনত ৰাহুল গান্ধীৰ উপস্থিতিত কোটাৰ পৰা আৰম্ভ হ’ব এই কাৰ্যসূচী। তাৰ পিছত ১০ জুলাইত এলাহাবাদ, ১১ জুলাইত পাটনা আৰু ১৪ জুলাইত দিল্লীত এই কাৰ্যসূচী অব্যাহত থাকিব।

ভেনুগোপালৰ মতে এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, পৰীক্ষাৰ্থী, যুৱ সংগঠন, শিক্ষাবিদ আৰু পৰীক্ষাৰ কেলেংকাৰীত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হোৱা সকলোকে একত্ৰিত কৰা হ’ব। এই দেশজোৰা কাৰ্যসূচীত ৰাহুলে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীক একত্ৰিত কৰিবলৈ সকলো কংগ্ৰেছ সংগঠনক বাৰ্তা প্ৰদান কৰিছে।

ভেনুগোপালে কয় যে সকলো কংগ্ৰেছ কৰ্মী আৰু সংগঠনক বৃহৎ পৰিসৰত কেম্পাছ, কোচিং চেণ্টাৰ, বিশ্ববিদ্যালয়, বিদ্যালয় আৰু যুৱ কেন্দ্ৰলৈ গৈ মত বিনিময় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ছ’চিয়েল মিডিয়া, লাইভ স্ক্ৰীনিং আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰত্যক্ষ যোগাযোগৰ নিৰ্দেশ দিয়া হৈছে।

ভেনুগোপালে লগতে কয় যে এই কাৰ্যসূচীত ৰাহুল গান্ধীয়ে পূৰ্বে উত্থাপন কৰা দাবীসমূহ লৈ ৰাজপথলৈ ওলাই আহিব। যাৰ ভিতৰত আছে NEET প্ৰশ্ন ফাদিল, পৰীক্ষাৰ মাচুল বাতিল, প্ৰশ্নকাকত ফাদিল চক্ৰৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ লগতে শিক্ষা খণ্ডত চৰকাৰৰ শিথিল মনোভাৱ।

এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে দেশৰ যুৱক-যুৱতীসকল যাতে দুৰ্নীতি, অযোগ্যতা বা ৰাজনৈতিক উদাসীনতাৰ বলি নহয়। ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ এই কাৰ্যসূচী সফল কৰি তুলিবলৈ দেশৰ যুৱক-যুৱতীসকলক আহ্বান জনোৱা হৈছে।

মন কৰিবলগীয়া যে শেহতীয়াকৈ এছ এছ চিৰ ৱেবছাইটত NEET প্ৰশ্নকাকত ফাদিলৰ সমস্যাৰ বাবে সমগ্ৰ দেশতে বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছে। বৃহৎ আন্দোলনৰ অন্তত কেন্দ্ৰই নতুনকৈ NEET পৰীক্ষা অনুষ্ঠিত কৰিছে।

এই বিষয়টোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ইতিমধ্যে ককৰোচ পাৰ্টিয়ে ৰাজপথত নামিছে। শেহতীয়াকৈ দিল্লীৰ যন্তৰ মন্তৰত দেশৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ কাৰ্যসূচীত বৃহৎ সংখ্যাত যোগদান কৰা দেখা গৈছিল। এই অৰাজনৈতিক সংগঠনটোৱে শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ তীব্ৰ দাবী জনাইছে। এতিয়া এই বিষয়টোক লৈ কংগ্ৰেছে ৰাহুল গান্ধীৰ নেতৃত্বত ৰাজনৈতিকভাৱে আন্দোলন আৰম্ভ কৰিবলৈ আগবাঢ়িছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd