• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজেন গোহাঁইৰ নাম ধৰ্ষণত অভিযুক্ত বিজেপিৰ ৪২জন জনপ্ৰতিনিধিৰ তালিকাত যোগ হ’ল : কংগ্ৰেছ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 11, 2018 5:06 pm
Rajen-Gohian-570x320

কেন্দ্রীয় মন্ত্রী ৰাজেন গোঁহাই : ফাইল ফটো

104
VIEWS
Share on FacebookShare on Twitter

২০০৯ চনৰ পৰা এতিয়ালৈ ভাৰতৰ বিভিন্ন ৰাজ্যত ধৰ্ষণত অভিযুক্ত হোৱা বিজেপিৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ তালিকাত অন্তৰ্ভুক্ত হ’ল অসমৰ জ্যেষ্ঠ বিজেপি নেতা, সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ নাম। শেহতীয়াভাৱে মন্ত্ৰী গোহাঁইৰ নাম যোগ হোৱাৰ পাছত বিগত ১০বছৰত এই তালিকাখন ৪২জনীয়া হ’ল।

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল যোগে এই তথ্য দাঙি ধৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই।

বৰাই লগতে ধৰ্ষণত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক পদত্যাগ কৰাৰ নিৰ্দেশ দিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনায়।

‘‘সবকা সাথ সবকা বিকাশ’ৰ কথা কোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত এই নিৰ্যাতিত মহিলাগৰাকী সেই ‘সবকা সাথ সবকা বিকাশ’ৰ তালিকাত নোসোমায় নেকি? যদি সোমায় তেওঁ মন্ত্ৰী ৰাজেন গোহাঁইক স্বচ্চ প্ৰশাসনৰ খাতিৰত পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ক। তেওঁ ক্ষমতাৰ পৰা আঁতৰি যাব লাগে আৰু আৰক্ষীক নিৰপেক্ষভাৱে আৰু কোনো হেঁচা নপৰাকৈ তদন্ত কৰাৰ সুযোগ দিব লাগে।” এইদৰে কয় ৰাজ্যিক কংগ্ৰেছৰ সভাপতিজনে।

ৰিপুণ বৰাই লগতে কেইমাহমান পূৰ্বে উত্তৰ প্ৰদেশৰ উন্নাওত এগৰাকী যুৱতী স্থানীয় বিজেপি বিধায়ক এজনৰ ধৰ্ষণৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হোৱা প্ৰসংগ আনি সমগ্ৰ ভাৰতত সাংবিধানিক পদমৰ্যাদাৰে বিভূষিত বিজেপিৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ দ্বাৰা যৌন নিৰ্যাতনৰ ঘটনা এটাৰ পাছত আনটো ঘটি থকা বুলি মন্তব্য কৰে। কেৱল ইমানেই নহয় বিজেপিৰ আমোলত ভাৰতবৰ্ষৰ যুৱতী-মহিলা সুৰক্ষিত নহয় বুলিও মন্তব্য প্ৰকাশ কৰে।

“প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ আমোলত ভাৰতবৰ্ষই বিশ্বত এটা সন্মান পাইছে যে এইখন পৃথিৱীৰ ভিতৰত মহিলাৰ বাবে সকলোতকৈ অসুৰক্ষিত আৰু ভয়ংকৰ দেশ। অতি লজ্জাজনক বিষয় যে সদনত উত্থাপন হোৱা ‘ক্ৰাইম ব্যুৰ’ৰ তথ্য অনুসৰি ভাৰতত প্ৰতি ৭ ঘণ্টাত এগৰাকী যুৱতী-মহিলা ধৰ্ষিতা হয়”, ৰিপুণ বৰাই কয়।

ইপিনে, কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ অনা মহিলাগৰাকীয়ে গোচৰ উঠাই লোৱা শুনা বুলি কৈ বিষয়টোত আশ্চৰ্য্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

বৰাই কয়, “২ আগষ্ট তাৰিখে ভুক্তভোগী মহিলাগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰিছে। সেইদিনাই থানাত গোচৰ পঞ্জীয়ন হৈছে। তাৰ পাছতেই ১৬১ ধাৰা অনুসৰি আৰক্ষীয়ে মহিলাগৰাকীৰ জবানবন্দি লৈছে। ইয়াৰ পাছত আকৌ ১৬৪ ধাৰা মতে দণ্ডাধীশে গোচৰীয়া মহিলাগৰাকীৰ জবানবন্দি লৈছে। তাৰ পাছত শুনিবলৈ পাইছো অভিযোগকাৰীয়ে আভিযোগ উঠাই লৈছে। কিন্তু নিয়মমতে গোচৰ এটা পঞ্জীয়ন হোৱাৰ পাছত ১৬১ আৰু ১৬৪ ধাৰাত জবানবন্দি লোৱাৰ পাছত গোচৰ উঠাই ল’ব নোৱাৰে। তাৰ তদন্ত হ’ব, হয়তো তদন্তত নিৰ্দোষী প্ৰমাণিত হ’ব পাৰে, সেইটো বেলেগ কথা। কিন্তু গোচৰ উঠাই ল’ব নোৱাৰে।”

বৰাই লগতে কয় যে ৰাজেন গোহাঁয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত হ’বলৈ দিব লাগে। যদি গোহাঁইৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা প্ৰমাণিত হয় তেতিয়া তেওঁক ৰিপুণ বৰাই আদৰণী জনাব বুলিও মন্তব্য কৰে।

তেওঁ লগতে অসমৰ মুখ্য মন্ত্ৰী আৰু আৰক্ষী প্ৰশাসনক এই অভিযোগৰ উচিত তদন্ত কৰি ‘শূন্য সহনশীলতা’ৰ নীতিক প্ৰমাণ কৰি দেখুৱাবলৈও আহ্বান জনায়।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd