দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভিডিঅ’ কনফাৰেঞ্চৰ মাধ্যমেৰে বৃহস্পতিবাৰে দেশৰ প্ৰথমটো কোভিদ-১৯-ৰ নমুনা সংগ্ৰহ কৰা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ দেশৰ নামত উৎসৰ্গা কৰে।
দেশৰ প্ৰথমটো ভ্ৰাম্যমাণ কোভিদ-১৯-ৰ নমুনা সংগ্ৰহ কৰা পৰীক্ষাগাৰৰ নাম ৰাখা হৈছে ‘মোবাইল বি এছ এল-৩ ভি আৰ ডি এল লেব’।
পৰীক্ষাগাৰটো ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা বিকাশ মন্ত্ৰ্যালয়ে(ডি আৰ ডি অ’) হায়দৰাবাদৰ ই এছ আই চি মেডিকেল কলেজ এণ্ড হস্পাতালৰ সহযোগত নিৰ্মাণ কৰি উলিয়াই।
পৰীক্ষাগাৰটো মুকলি অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ আৰু ই এছ আই চিক কৃতজ্ঞতা জ্ঞাপন কৰে।
এই পৰীক্ষা পদ্ধতিৰ সহায়ত এদিনতে ১,০০০ কৈ অধিক সংখ্যক লোকক কোভিদ-১৯-ৰ নমুনা সংগ্ৰহ কৰিব পৰা যাব যাৰ ফলত দেশৰ ক’ৰ’নাৰ বিৰুদ্ধে যুঁদ্ধ অধিক শক্তিশালী হ’ব বুলি সিঙে লগতে কয়।
অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ কুমাৰ গংগৱাৰে ডি আৰ ডি অ’ আৰু ই এছ আই চিয়ে কম সময়ৰ ভিতৰতে ভ্ৰম্যমাণ পৰীক্ষাগাৰটো প্ৰস্তুত কৰি উলিওৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।