DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ কাৰ্য্যসূচী দিনটোৰ বাবে স্থগিত; উত্থাপিত নহ’ল নাগৰিকত্ব বিধেয়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2019 3:35 pm
Rajya Sabha
2k
VIEWS
Share on FacebookShare on Twitter

সমাজবাদী পাৰ্টীৰ সাংসদসকলৰ প্ৰবল প্ৰতিবাদৰ মাজত আজি দিনটোৰ বাবে ৰাজ্যসভাৰ কাৰ্য্যসূচী স্থগিত ৰখা হৈছে। কাইলৈ ১১ বজাতহে পুনৰ ৰাজ্যসভাৰ কাৰ্য্যসূচী আৰম্ভ হ’ব। সমাজবাদী পার্টীৰ মুৰব্বী অখিলেশ যাদৱক লক্ষ্ণৌ এয়াৰ পৰ্টত আবদ্ধ কৰাৰ প্ৰতিবাদত দলটোৰ সাংসদসকলে ৰাজ্যসভা স্তব্ধ কৰি দিয়ে।

আজিৰ কাৰ্য্যসূচীমতে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন তথা আলোচনা হোৱাৰ কথা আছিল যদিও সেয়া সম্ভৱ কৰিব নোৱাৰিলে শাসকীয় দলে। গতিকে ইয়াক লৈ অতিশয় উৎকণ্ঠিত অসমৰ ৰাইজে সাময়িক স্বস্তি লাভ কৰিছে।

ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত আলোচনা আৰু ধন্যবাদ জ্ঞাপনেই সম্ভৱ নহ’ল আজিৰ হুলস্থূলীয়া পৰিৱেশৰ বাবে। আনহাতে কেইবাখনো বিধেয়ক গৃহীত কৰাবলৈও বাকী আছে। গতিকে যদিও পূৰ্ব নিৰ্ধাৰিত সূচীমতে কাইলৈ সংসদৰ এই বাজেট অধিৱেশনৰ অন্তিম দিন, ইয়াক আৰু দুদিন বৃদ্ধি কৰা হ’ব পাৰে বুলি খবৰ ওলাইছে। “বাজেট সন্দৰ্ভত আলোচনা কৰিবলৈ বাকী আছে। লগতে কেইবাখনো বিধেয়ক এতিয়াও গৃহীত হোৱা নাই।“ সংবাদ মাধ্যমৰ আগত এই মন্তব্য সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী বিজয় গোৱেলৰ। গোৱেলেও ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা বৃদ্ধিৰ সম্ভাৱনাৰ কথা কয়।

ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন হোৱাটো নিশ্চিত হোৱাৰ পিছত অসমৰ দল-সংগঠন, ৰাজনৈতিক দলবোৰ দিল্লীত অধিক তৎপৰ হৈছে বিধেয়কখন ৰাজ্যসভাত প্ৰতিৰোধ কৰিবলৈ। কাৰণ ৰাজ্যসভাত ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি বাধা দিয়াৰ বাদে আন একো উপায় হাতত নাই দল-সংগঠনবোৰৰ। গতিকে দিল্লীত অসম তথা উত্তৰ-পূবৰ দল-সংগঠনবোৰে পৃথকে পৃথকে বিৰোধী দল আৰু শাসকীয় মিত্ৰজোঁটৰো বিধেয়কখনৰ বিৰোধ কৰা ৰাজনৈতিক দলবোৰৰ নেতৃত্বত সাক্ষাৎ কৰি বিধেয়কখনক প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছে।

Recent News

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd