• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পোতাশালত বন্দী জাতীয়তাবাদ! : চৈয়দ আব্দুল মালিক আৰু ইমৰাণ শ্বাহৰে আজমলক ৰিজালে বুদ্ধিজীৱী-সাংসদে

কেনেকৈ ৰাজনৈতিক-ব্যৱসায়ীৰে দুগৰাকী বৰেণ্য ব্যক্তিৰ তুলনা হ’ব পাৰে? প্ৰশ্ন গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 20, 2020 6:34 am
Ajit Ajmal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত অসমত জাতীয়তাবাদক লৈ জনসাধাৰণে স্বাভিমান ৰক্ষাৰ স্বাৰ্থত উদ্বিগ্নতাত দিন কটাবলগীয়া হৈছে সেই সময়ত ৰাষ্ট্ৰীয় দলবিলাকে অসমীয়াৰ স্বাভিমানক উপেক্ষা কৰা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে।

পূৰ্বতে একাংশ বুদ্ধিজীৱীয়ে এই অসমীয়া জাতীয়তাবাদক লৈয়ে তেওঁলোকৰ ‘গ্লেমাৰ’ গঢ়ি তুলিছিল। আনকি সেই সময়ত তেওঁলোকে জাতীয়তাবাদৰ সপক্ষেই বিভিন্ন মন্তব্যৰে উদগনি যোগাইছিল।

Apply Now

সময়ৰ লগে লগে এই তথাকথিত জাতীয়তাবাদীসকলে জাতীয়তাবাদ এৰি প্ৰতিক্ৰিয়াশীল চক্ৰৰে সম্পৰ্ক গঢ়ি তুলি তাৰ ধৃষ্টতা দেখুৱাবলৈ আৰম্ভ কৰিলে।

এসময়ৰ আগশাৰীৰ বুদ্ধিজীবী বুলি পৰিচিত তথা বিশিষ্ট সাংবাদিক হিচাপে অসমৰ জনসাধাৰণৰ মনত আলোড়নৰ সৃষ্টি কৰা অজিত কুমাৰ ভুঞাই এতিয়া ৰাজনৈতিক নেতা বা ব্যৱসায়ী বদৰুদ্দিন আজমলক বৰেণ্য সাহিত্যিক চৈয়দ আব্দুল মালিক আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহৰে ৰিজোৱা দেখিবলৈ পোৱা গ’ল।

‘আজমলক মুখ্যমন্ত্ৰী পতাত আপত্তি ক’ত?’ এই কথাষাৰ পতিপন্ন কৰিবলৈ ভুঞাৰ শিৱসাগৰৰ মত বিনিময় অনুষ্ঠানত মন্তব্য ‘চৈয়দ আব্দুল মালিক, ইমৰাণ শ্বাহ যদি অসম সাহিত্য সভাৰ সভাপতি হ’ব, তেন্তে তেওঁলোকৰ দৰে মুছলমান এজন মুখ্যমন্ত্ৰী কিয় হ’ব নোৱাৰে কিয়? স্বাস্থ্যত কি হ’ল, শিক্ষাত কি হ’ল, নিৱনুৱা সমস্যা সমাধানত কি হ’ল, মূল্যবৃদ্ধি ৰোধত কি হ’ল?  সেইবোৰৰ উত্তৰ নাই। সকলো ফালে কেৱল আজমল আজমল আৰু আজমল।‘

তেওঁ লগতে কয়, ‘এনআৰচিৰ ভিত্তিবৰ্ষ যদি ১৯৫১ চন হয় তেতিয়াও বদৰুদ্দিন আজমল বিদেশী বুলি চিনাক্ত নহয়।’

ৰাজনৈতিকভাৱে যিকোনো ব্যক্তিয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হ’ব পাৰে তেন্তে তাত আপত্তি থাকিবলগীয়া একো নাথাকে। কিন্তু যি সময়ত অসমৰ গৰিষ্ঠসংখ্যক জনসাধাৰণ এক প্ৰবল জাতীয়তাবাদৰ সপক্ষে বৃহৎ জাগৰণ সৃষ্টি কৰি আহিছে সেই সময়ত এনেধৰণৰ শক্তিৰ সপক্ষে যুক্তি দিয়া বা বুজাপৰা কৰাটো কোনো অসমীয়াই স্বীকাৰ কৰিব নোখোজে।

বৰেণ্য দুগৰাকী ব্যক্তিৰ সৈতে এজন ৰাজনৈতিক নেতাক তুলনা কৰি মন্তব্য কৰাৰ পাছতে এতিয়া প্ৰশ্ন হৈছে ‘পোতাশালত বন্দী হৈছে নেকি জাতীয়তাবাদ?’

ইপিনে, ভুঞাই শিৱসাগৰত কৰা এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি চাহ নাৱাজ হুছেইনে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হুছেইনে কয় ‘অজিত ভুঞাৰ এই মন্তব্য অতিকৈ ধিক্কাৰৰ যোগ্য। কেতিয়াও আজমলৰ সৈতে এই দুগৰাকী বৰেণ্য ব্যক্তিৰ তুলনা কৰিব নোৱাৰি। আজমল এজন ব্যৱসায়ী। বিভিন্ন সময়ত তেওঁ ৰাজনৈতিকভাৱে এক ব্যৱসায় চলাই আহিছে। তেওঁ কেনেকৈ চৈয়দ আব্দুল মালিক আৰু ইমৰাণ শ্বাহৰ একে শাৰীত পৰিব?’

ইপিনে, অজিত ভুঞাৰ মন্তব্য ‘ৰাজনৈতিক’ আখ্যা দি হুছেইনে লগতে কয় ‘এই মন্তব্যবোৰ আমাৰ দৰে খিলঞ্জীয়া মুছলমানৰ বাবে বহু ক্ষতিকাৰক। আজমলৰ নিচিনা সাম্প্ৰদায়িক ব্যক্তিক কেনেকৈ দুগৰাকী স্বনামধন্য লোকৰ সৈতে তুলনা কৰিব পাৰি? আইএমডিটি আইন বাতিল কৰাৰ দিনা এআইয়ুডিএফ দলৰ সৃষ্টি হৈছে। তেওঁৰ উদ্দেশ্য হৈছে পূৰ্ববংগীয় মূলৰ লোকক সুৰক্ষা প্ৰদান কৰা।‘

উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ অজিত ভুঞাই কৰা এই মন্তব্যৰ পাছতে ইয়াক লৈ ছ’চিয়েল মেডিয়াতো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd