• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যদি চৈয়দ আব্দুল মালিক, ইমৰাণ শ্বাহ সাহিত্য সভাৰ সভাপতি হ’ব পাৰে, মুছলমান এজনে মুখ্যমন্ত্ৰী কিয় হ’ব নোৱাৰে?

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 18, 2020 10:15 am
20201018_030332
11k
VIEWS
Share on FacebookShare on Twitter

চৈয়দ আব্দুল মালিক, ইমৰাণ শ্বাহ যদি অসম সাহিত্য সভাৰ সভাপতি হ’ব, তেন্তে তেওঁলোকৰ দৰে মুছলমান এজন মুখ্যমন্ত্ৰী কিয় হ’ব নোৱাৰে কিয়? এই প্ৰশ্ন অজিত কুমাৰ ভূঞাৰ।

শনিবাৰে শিৱসাগৰৰ প্ৰেছ ক্লাৱত অনুষ্ঠিক মত বিনিময় অনুষ্ঠানত সদ্য নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এইদৰে।

কবি সাহিত্যিক চামচুল বাৰিকে আঁতধৰা উক্ত মত বিনিময় অনুষ্ঠানত অজিত কুমাৰ ভূঞাৰ লগতে মনজিৎ মহন্ত, লাচিত বৰদলৈ আৰু ৰাছেল হুছেইন উপস্থিত থাকে।

মত বিনময় অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ‘বৰ্তমান নিৰ্বাচন সমাগত। গতিকে বিজেপিয়ে পুনৰ গাদী দখল কৰিবলৈ ৰাজনৈতিক ৰণকৌশল হিচাপে উজনিত হিন্দু হিন্দু আৰু নামনিত মুছলমান মুছলমান চিঞৰি ৰাজনীতি আৰম্ভ কৰিছে।’

‘নিৰ্বাচন আহিলেই দাড়ি আৰু টুপি দেখুৱাই ভোট লোৱাৰ বাহিৰে তেওঁলোকৰ আন এজেণ্ডা নাই।’ সাংসদ ভূঞাৰ মন্তব্য।

বৰ্তমান সময়ত আজমলৰ বাহিৰে বিজেপিৰ আন একো এজেণ্ডা নাই। স্বাস্থ্যত কি হ’ল, শিক্ষাত কি হ’ল, নিৱনুৱা সমস্যা সমাধানত কি হ’ল, মূল্যবৃদ্ধি ৰোধত কি হ’ল?  সেইবোৰৰ উত্তৰ নাই। সকলো ফালে কেৱল আজমল আজমল আৰু আজমল।

তেওঁ লগতে কয়, ‘এনআৰচিৰ ভিত্তিবৰ্ষ যদি ১৯৫১ চন হয় তেতিয়াও বদৰুদ্দিন আজমল বিদেশী বুলি চিনাক্ত নহয়।’

তেওঁ কয়,  বিজেপি চৰকাৰৰ দিনত যিমান বিলাক নিযুক্তি হ’ল সকলোতেই দুৰ্নীতি। আৰু এই দূৰ্নীতিৰ নায়কসকল বিজেপি আৰু আৰএচএচৰ নেতা।

‘আটাইতকৈ ভয়ংকৰ কথাটো হ’ল বিজেপি চৰকাৰে আৰক্ষী বিভাগটো গেৰুৱাকৰণ কৰিব বিচাৰিছে। সেইবাবেই নিযুক্তিৰ কেলেংকাৰীৰ নামত যি তদন্ত হৈছে সকলো ভেকুভাওনা।’ বিজেপি চৰকাৰক কটাক্ষ কৰি ভূঞাই কয়।

‘ৰাজ্যসভাৰ সাংসদ হোৱাটো মোৰ জয় নহয়। ই কা বিৰোধী শক্তিৰ জয়। সকলো কা বিৰোধী শক্তি একত্ৰিত হৈ মোক নিৰ্বাচিত কৰিছ।’ ভূঞাৰ মন্তব্য।

আঞ্চলিক দল সন্দৰ্ভত ভূঞাই কয়, ‘আজি অসমত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে। ইয়াৰ বাবে অসমৰ ৰাইজ আজি বিভ্ৰান্ত আৰু অসন্তুষ্ট হৈছে। ২১ৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ হ’লে উমৈহতীয়া কাৰ্যসূচীৰ ভিত্তিত সকলো ৰাজনৈতিক দল এক হৈ যুঁজিবলৈ আহ্বান জনায় অজিত কুমাৰ ভূঞাই।’

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd