• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাগ্ৰামক মোক্ষম আঘাত : বিপিএফ এৰি বিজেপিত যোগ দিব ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 11, 2020 3:16 pm
index
422
VIEWS
Share on FacebookShare on Twitter

নতুন মোৰ ল’ব নেকি বড়ো ৰাজনীতিয়ে?

বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে ইয়াৰ পূৰ্ৱাভাস দি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফৰ কাৰ্যকৰী সভাপতিৰ পদৰ পৰা আজি পদত্যাগ কৰিছে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। আজিয়েই দলটোৰ প্ৰাথমিক সদস্য পদো এৰিব সাংসদ দৈমাৰীয়ে।

বিপিএফ এৰি বিজেপিত যোগ দিব বিশ্বজিৎ দৈমাৰীয়ে।

সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিপিএফ এৰি বিজেপিলৈ ধাৱমান হোৱাতো বিটিচি ৰাজনীতিত এক নতুন সমীকৰণ আৰম্ভ হোৱাৰ ইংগিত বহন কৰিছে।

উল্লেখ্য যে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ইতিমধ্যে ৰাজ্য চৰকাৰৰ প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইবাৰ বিজেপিয়ে বিটিচিৰ ক্ষমতা দখল কৰিব বুলি ঘোষণা কৰিছে।

বিপিএফ ত্যাগী বিশ্বজিৎ দৈমাৰী বিজেপি দলৰ পৰা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্ৰক্ষেপ কৰা হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।

ইফালে সাংসদ গৰাকীয়ে ৰাজ্যসভাৰ সাংসদৰ পদো ত্যাগ কৰিব বুলিও ঘোষণা কৰিছে। সংসদীয় যাৱতীয়  কাম কাজবোৰ সমাপন কৰাৰ পিছতে সাংসদ গৰাকীয়ে ৰাজ্যসভাৰ সাংসদৰ পদ ত্যাগ কৰিব বুলি জনাইছে।

ইয়াৰ পৰাই ধাৰণা কৰা হৈছে যে বিশ্বজিৎ দৈমাৰীক বিটিচি পৰষদীয় নিৰ্বাচনৰ মুখ্য কাৰ্যবাহী পদৰ বাবে বিজেপি দলে প্ৰক্ষপ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

বুধবাৰে গুৱাহাটীৰ হোটেল লিলিত সংবাদমেল সম্বোধন কৰি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয়, “এতিয়া বড়ো জাতিৰ কোনো সমস্যা নাই বুলি মই ভাবো। এতিয়া বাহিৰৰ কাম কৰিব লাগে। আমি বিটিচি বা অসমৰ ভিতৰত কাম কৰি থাকিলেই নহ’ব। ৰাজনৈতিকভাৱে আমাক চিনি পাবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিব লাগিব। সেয়ে মই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত যোগ দিয়াৰ কথা চিন্তা কৰিছো।”

বিপিএফ দলৰ কোনো কৰ্মকৰ্তাৰ লগত আখেজ নাই বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে তেওঁৰ এই যাত্ৰাক ‘স্কুলৰ পৰা বিশ্ববিদ্যালয়ত যোগ দিবলৈ যোৱা বুলি’ মন্তব্য কৰে।

‘বিপিএফ আৰু বিজেপিৰ মাজত মিত্ৰতা থকা নথকা একেটাই কথা। আজি যি পৰিস্থিতি চলি আছে তেনে ক্ষেত্ৰত মিত্ৰতা থকা নথকা একে কথা। থাকিলেও থাকিব, নাথাকিব পাৰে।’ সাংসদ গৰাকীয়ে কয়।

‘বিটিচিত ভূমি অধিকাৰক লৈ অন্য জনগোষ্ঠীৰ লোক শংকিত, অসমীয়া ভাষা থাকিব নে নাথাকে তাক লৈ শংকিত। সেই শংকা দূৰ কৰাৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে। বড়ো-অনাবড়োৰ মাজত সংঘাতৰ কথা কোৱা হয়,আৰু এনে বহু কাম কৰিব আছে, যিবোৰ কাম বিপিএফৰ মজিয়াত থাকি কৰাত অসুবিধা আছে।’ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে লগতে কয়।

Recent News

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd