Ram Madhav seeks probe বিজেপিৰ জ্যেষ্ঠ নেতা ৰাম মাধৱে দেওবাৰে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হিচাপে থকা সময়ছোৱাত সত্য পাল মালিকে অনুমোদন জনোৱা সকলো ফাইলৰ এক তদন্তৰ বাবে আহ্বান জনাইছে।
যোৱা ১৭ অক্টোবৰত ৰাজস্থানৰ এখন সভাত বৰ্তমান মেঘালয়ৰ ৰাজ্যপাল সত্য পাল মালিকে কৈছিল যে ২০১৮ৰ আগষ্টৰ পৰা ২০১৯ৰ অক্টোবৰলৈ কাশ্মীৰৰ ৰাজ্যপাল হৈ থকাৰ সময়তে আম্বানী আৰু আৰএছএছৰ এজন বৰমূৰীয়াৰ দুটা ফাইলত অনুমোদন জনাবলৈ তেওঁক হেঁচা প্ৰদান কৰা হৈছিল।
ৰাজ্যপালগৰাকীয়ে এই কামৰ বাবে তেওঁক উপঢৌকন যঁচা হৈছিল বুলিও উল্লেখ কৰিছিল।
ইয়াৰ পাছতে এইবাৰ মালিকৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাম মাধৱ। জম্মু-কাশ্মীৰত বিজেপিৰ তত্ত্বাৱধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাম মাধৱে দেওবাৰে ৰাজকোটলৈ অহাৰ সময়ত সাংবাদিকৰ আগত বক্তৱ্য আগবঢ়ায়।
‘’মেঘালয়ৰ ৰাজ্যপাল সত্য পাল মালিকে পৰোক্ষভাৱে অভিযোগ আনিছে যে জম্মু-কাশ্মীৰত মোৰ নামত এটা ফাইল আছিল আৰু এই সন্দৰ্ভত উৎকোচ দিয়াৰ বিষয়ে কোৱা হৈছে। এই ধৰণৰ অভিযোগ মিছা। তাত মোৰ নামত এটা ফাইল থকাৰ কোনো প্ৰশ্নই নাহে। এইটো এটা মিছা অভিযোগ… ‘এগৰাকী আৰএছএছৰ কাৰ্যকৰ্তা বুলি তেওঁ মোক পৰোক্ষভাৱে বাৰে বাৰে মোক আঙুলিয়াইছে। দিল্লীলৈ উভতি অহাৰ পাছতে এইক্ষেত্ৰত মই আইনী ব্যৱস্থাৰ কথা চিন্তা কৰিম,’’-ৰাম মাধৱে কয়।
Also Read: IND vs PAK in T-20 World Cup ভাৰতৰ ‘বিৰাট’ পৰাজয়; শাপমুক্ত পাকিস্তান
ৰাম মাধৱে লগতে কয়,’’আমি নিশ্চিতভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু মই লগতে তেওঁৰ কাৰ্যকালৰ সকলো ফাইলৰ তদন্ত বিচাৰো য’ত তেওঁ দুটা ফাইল নাকচ কৰা বুলি কৈছে। সেয়া কিয় নাকচ কৰিছিল? যদি চৰকাৰে কোনো চুক্তি চূড়ান্ত কৰিছিল সেয়া কিয় নাকচ কৰা হৈছিল তাৰ এক তদন্ত হোৱা উচিত। মই নাজানো তেওঁ কি চুক্তিৰ কথা কৈছে কিন্তু সকলোবোৰৰ লগতে সেই চুক্তিবোৰৰ এক তদন্ত হ’ব লাগে।‘’
তদুপৰি, বৰ্তমান আৰএছএছৰ এগৰাকী ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য ৰাম মাধৱে কয়, ‘’মই এই অভিযোগবোৰৰ তদন্ত বিচাৰো… কিয়নো ৰাজ্যপাল সন্দৰ্ভত মই জনা মতে কোনো বিষয়াই এগাৰীক ৰাজ্যপালৰ ওচৰলৈ গৈ তেওঁক ফাইলত চহী কৰিবলৈ ক’ব নোৱাৰে।‘’
তেওঁ অভিযোগ অনুসৰি মালিকক উৎকোচ দিবলৈ বিচৰা ‘বিষয়াগৰাকীৰ’ ওপৰতো এক তদন্ত হ’ব লাগে বুলি কয়।
‘’তেওঁ যদি ৰাজ্যপালৰ ওচৰলৈ গৈ তেওঁক এনে প্ৰস্তাৱ দিয়াৰ সাহস কৰিব পাৰে, তেনেহ’লে ৰাজ্যপালৰ মৰ্যাদা ক’ত? মই এই সকলোবোৰ দিশৰ তদন্ত বিচাৰো,’’-ৰাম মাধৱে কয়।
Also Read: গোৱালপাৰাত হাতী-মানুহৰ সংঘাতত জৰ্জৰিত বহু গাঁও; নিশা গভীৰলৈ পৰ দি কটাইছে উজাগৰী নিশা
উল্লেখ্য যে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে এই বুলি কৈছিল যে আম্বানী আৰু আৰএছএছে ফাইল পাছ কৰাৰ বাবে তেওঁক ৩০০ কোটি টকাৰ উপঢৌকন যাঁচিছিল।
কাশ্মীৰৰ ৰাজ্যপাল হৈ থকাৰ সময়তে আম্বানী আৰু আৰএছএছৰ এজন বৰমূৰীয়াৰ দুটা ফাইলত অনুমোদন জনাবলৈ তেওঁক হেঁচা প্ৰদান কৰা হৈছিল।
ইয়াৰ বিনিময়ত ৰাজ্যপাল মালিকক তেওঁৰ সচিবৰ জৰিয়তে প্ৰতিটো ফাইলত ডেৰশ কোটিকৈ মুঠ তিনিশ কোটি টকা উৎকোচ হিচাবে দিব বিচৰা হৈছিল বুলি মালিকে মন্তব্য কৰিছিল।
তেওঁ লগতে কৈছিল যে আম্বানী আৰু আৰএছএছৰ পৰা পোৱা এনে টোপ তেওঁ পোনচাটেই প্ৰত্যাখান কৰিছিল আৰু সচিবক কৈছিল যে কাশ্মীৰলৈ তেওঁ পাঁচযোৰ কুৰ্তা-পায়জামা লৈ আহিছিল আৰু সেই খিনি লৈয়েই তেওঁ কাশ্মীৰৰ পৰা বিদায়ো ল’ব বিচাৰে।
Also Read: Ola-ৰ প্ৰথম হাইপাৰচৰ্জাৰ ষ্টেশ্যন মুকলি! ১৮ মিনিট চাৰ্জ কৰিলেই ৭৫কি:মি: দৌৰিব ই-স্কুটাৰ
ৰাজ্যপাল মালিকে লগতে কয় যে পাছ কৰিবলৈ উপঢৌকন যঁচা ফাইল দুটাৰ এটা ফাইল আছিল মেহবুবা মুফটিৰ এগৰাকী ঘনিষ্ঠ ব্যক্তিৰ। তেওঁ আম্বানীৰ মানুহ আছিল। আনটো ফাইল আছিল আৰএছএছৰ এজন বৰমূৰীয়াৰ, যাৰ সৈতে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠতা আছিল।
ৰাজ্যপাল মালিকৰ কাষলৈ অনুমোদনৰ বাবে অনা আম্বানীৰ ফাইলটো হয়তো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ স্বাস্থ্য বীমা সমপৰ্কীয় ফাইল আছিল।
আম্বানীৰ ৰিলায়েন্সৰ এই আঁচনিৰ এখন চুক্তি ৰাজ্যপালে ২০১৮ চনত বাতিল কৰিছিল। অৱশ্যে মালিকে তেওঁৰ ওচৰলৈ অনুমোদনৰ বাবে অনা ফাইল দুটা দৰাচলতে কি ফাইল আছিল সেই বিষয়ে বিশেষ কোনো কথা উল্লেখ কৰা নাই।