• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আঠজন লোকৰ হৈ কোনো অধিবক্তাই আদালতত থিয় নিদিয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 7:46 pm
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আঠজন লোকৰ হৈ কোনো অধিবক্তাই আদালতত থিয় নিদিয়ে। সোমবাৰে ফৈজাবাদ বাৰ এছ‘চিয়েশ্যনে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে ৰাম মন্দিৰৰ বিষয়ববীয়া চম্পত ৰায়, অনিল মিশ্ৰ আৰু গোপাল ৰাওক তিনি দিনৰ ভিতৰত অযোধ্যা চহৰ এৰি যাবলৈ কঠোৰ সকীয়নি দিয়া হৈছে। যদি তেওঁলোকে এই নিৰ্দেশ মানি চলিবলৈ অস্বীকাৰ কৰে, তেন্তে সমগ্ৰ অযোধ্যা চহৰ অৱৰোধ কৰা হ‘ব আৰু মানুহক চহৰখনত প্ৰৱেশ কৰাত বাধা দিয়া হ‘ব বুলি অধিবক্তাসকলে স্পষ্ট কৰি দিছে।

বাৰ এছ‘চিয়েশ্যনৰ সাধাৰণ সভাৰ এখন বৈঠকত এই প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। সংস্থাটোৰ সভাপতি কালিকা প্ৰসাদ মিশ্ৰই কয় যে তেওঁলোকৰ কোনো সদস্যই অভিযুক্তৰ হৈ গোচৰ নলয়। যদি কোনো অধিবক্তাই তথাপিও অভিযুক্তক প্ৰতিনিধিত্ব কৰিব বিচাৰে, তেন্তে তেওঁ প্ৰথমে এখন আবেদন পত্ৰ দিব লাগিব আৰু বাৰ এছ‘চিয়েশ্যনত প্ৰতিজন অভিযুক্তৰ নামত পাঁচ লাখ টকাকৈ জমা দিব লাগিব। এই জমা দিয়া ধনৰাশি গোচৰটোৰ আইনী প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা হ‘ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Apply Now

চম্পত ৰায়, অনিল মিশ্ৰ আৰু গোপাল ৰাওৰ নাম বৰ্তমানলৈকে এজাহাৰত উল্লেখ নাই যদিও বাৰ এছ‘চিয়েশ্যনে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই তিনিজনৰ বিৰুদ্ধে বি এন এছ এছৰ ১৫৬ (৩) ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰিবলৈ সংস্থাটোৱে দাবী জনাইছে। প্ৰথমে তেওঁলোকে আৰক্ষীৰ কাষ চাপিব আৰু যদি আৰক্ষীয়ে কোনো ব্যৱস্থা নলয়, তেন্তে আদালতৰ কাষ চাপিব বুলি সিদ্ধান্ত লৈছে। লগতে এই সমগ্ৰ ধন আত্মসাতৰ ঘটনাৰ চিবিআই তদন্ত বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয় আৰু প্ৰয়োজনত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও অধিবক্তাসকলে ঠিক কৰিছে। বাৰ এছ‘চিয়েশ্যনৰ সম্পাদক শৈলেন্দ্ৰ জয়ছোৱালে কয় যে মন্দিৰৰ ধন আত্মসাতৰ ঘটনাই আইনী সমাজৰ আৱেগত গভীৰ আঘাত হানিছে, যাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

ৰাম মন্দিৰত ভক্তই দান কৰা নগদ ধন আৰু মূল্যৱান সামগ্ৰী গণনা কৰা কামত জড়িত আঠজন লোকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ২৯ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দেওবাৰে আৰক্ষীয়ে এই আঠোজন অভিযুক্তৰ বাসগৃহত তদন্তৰ খাতিৰত তালাচী চলায়। ইফালে, সংবাদ মাধ্যমৰ ফালৰ পৰা চম্পত ৰায় আৰু অনিল মিশ্ৰৰ পৰা এই বিষয়ে জানিবলৈ চেষ্টা কৰা হৈছিল যদিও কোনো প্ৰতিক্ৰিয়া পোৱা নগ‘ল। অৱশ্যে অনিল মিশ্ৰৰ পুত্ৰই তেওঁৰ পিতৃক নিৰ্দোষী বুলি দাবী কৰিছে আৰু তেওঁ মন্দিৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছে বুলি মন্তব্য কৰিছে। আনহাতে, চৰকাৰী নিৰ্দেশৰ কথা উল্লেখ কৰি সোমবাৰে পুৱাৰে পৰা ৰাম মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ বাহিৰত সংবাদ মাধ্যমৰ প্ৰৱেশ আৰু বাতৰি সংগ্ৰহ নিষিদ্ধ কৰা হৈছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd