• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰণবীৰ সিঙক বলীউডৰ পৰা বয়কট চলচ্চিত্ৰ সন্থাৰ! কিন্তু এনে কৰাৰ অধিকাৰ আছেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 5:06 pm
263
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং আৰু নিৰ্মাতা-অভিনেতা ফাৰহান আখতাৰৰ মাজত চলি থকা বিবাদ অধিক তীব্ৰতৰ হৈ পৰিছে। ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজ চমুকৈ এফ ডব্লিউ আই চি ই নামৰ চলচ্চিত্ৰ কৰ্মীসকলৰ সন্থাই ৰণবীৰ সিঙৰ বিৰুদ্ধে অসহযোগৰ নিৰ্দেশনা জাৰি কৰিছে। ফাৰহান আখতাৰৰ আগন্তুক ছবি ‘ডন ৩’ৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ কেইদিনমান আগতে ৰণবীৰ সিঙে ছবিখনৰ পৰা আঁতৰি অহাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে সন্থাই নিজৰ সদস্যসকলক ৰণবীৰৰ কোনো ছবিত কাম নকৰিবলৈ আহ্বান জনাইছে, যাৰ অৰ্থ হ’ল তেওঁক একপ্ৰকাৰে বলীউডৰ পৰা বয়কট কৰা হৈছে। কিন্তু প্ৰশ্ন হয়, এনেদৰে কোনো সন্থাই এজন অভিনেতাক বয়কট কৰাৰ অধিকাৰ ৰাখেনে বা ইয়াৰ আঁৰৰ আইনী ব্যৱস্থাটো কি?

২০২৩ চনত ফাৰহান আখতাৰৰ এক্সেল এন্টাৰটেইনমেন্টে ‘ডন ৩’ ছবিখনৰ কথা ঘোষণা কৰিছিল, য’ত ৰণবীৰ সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল। কিন্তু যোৱা মাহত ফাৰহানে সন্থাক অভিযোগ দিয়ে যে দৃশ্যগ্ৰহণৰ ঠিক আগমুহূৰ্তত ৰণবীৰে ছবিখন এৰি দিয়ে। এই প্ৰজেক্টটোৰ প্ৰি-প্ৰডাকচনত ইতিমধ্যে প্ৰায় ৪৫ কোটি টকা খৰচ হৈছে বুলি নিৰ্মাতাই অৱগত কৰিছে আৰু শেষ মুহূৰ্তত এনেদৰে আঁতৰি গ’লে প্ৰযোজকৰ বৃহৎ আৰ্থিক লোকচান হ’ব পাৰে। সোমবাৰে এখন সংবাদমেলত সন্থাৰ সভাপতি অশোক পণ্ডিতে জনায় যে তেওঁলোকে ৰণবীৰক কেইবাখনো জাননী দিছিল যদিও কোনো সঁহাৰি পোৱা নগ’ল। সেয়েহে তেওঁলোকে নিজৰ কৰ্মীসকলক ৰণবীৰৰ লগত কাম নকৰিবলৈ কয় আৰু প্ৰযোজকসকলকো তেওঁলোকৰ লগত থিয় দিবলৈ অনুৰোধ জনায়।

Apply Now

এফ ডব্লিউ আই চি ই হৈছে মুম্বাইৰ হিন্দী চিনেমা আৰু দূৰদৰ্শন উদ্যোগৰ কৰ্মীসকলৰ এক ছাতি-সন্থা, কিন্তু ই কোনো নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষ নহয়। এখন সন্থা হিচাপে ই সদস্যসকলক কাৰ লগত কাম কৰিব লাগে বা নালাগে তাৰ পৰামৰ্শ দিব পাৰে, কিন্তু কাকো বাধ্য কৰিব নোৱাৰে। ২০১৭ চনত প্ৰযোজক বিপুল অমৃতলাল শ্বাহৰ এক গোচৰত ভাৰতীয় প্ৰতিযোগিতা আয়োগে স্পষ্ট কৰি দিছিল যে কেৱল সন্থাৰ সদস্যকহে কামত ল’ব লাগিব বুলি বাধ্য কৰোৱাটো আইন বিৰোধী। তদুপৰি, সন্থাই এই নিয়ম নামানিলে কাকো জৰিমনা বিহিব নোৱাৰে।

ইয়াৰ অৰ্থ হ’ল, সন্থাই বয়কটৰ আহ্বান জনাইছে যদিও তেওঁলোকৰ সদস্যসকলে ৰণবীৰ সিঙৰ লগত কাম কৰিবলৈ সিদ্ধান্ত ল’ব পাৰে আৰু সন্থাই তেওঁলোকক কোনো শাস্তি দিব নোৱাৰে। লগতে ৰণবীৰৰ ছবিৰ বাবে সন্থাৰ বাহিৰৰ পৰাও লোকক নিয়োগ কৰিব পৰা যাব। অৰ্থাৎ এই বয়কটে ৰণবীৰৰ বাবে অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে যদিও ই এক সম্পূৰ্ণ নিষেধাজ্ঞা নহয়। ইফালে, ৰণবীৰ সিঙৰ মুখপাত্ৰই এক বিবৃতি যোগে জনাইছে যে অভিনেতাগৰাকীয়ে চলচ্চিত্ৰ জগতক অতিকৈ সন্মান কৰে। তেওঁ এই বিষয়ত নীৰৱতা অৱলম্বন কৰিছে কাৰণ তেওঁ বিশ্বাস কৰে যে পেছাদাৰী বিষয়বোৰ পাৰস্পৰিক সন্মান আৰু মৰ্যাদাৰে চম্ভালিব লাগে। বৰ্তমান তেওঁ কেৱল নিজৰ কামত মনোনিৱেশ কৰিব বিচাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd