এক ব্যতিক্ৰমী ৰায়ত উচ্চতম ন্যায়ালয়ে সংবিধানৰ ১৪২ অনুচ্ছেদৰ ক্ষমতা প্ৰয়োগ কৰি নাবালিকাক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হোৱা এজন ব্যক্তিৰ শাস্তি বাতিল কৰে।
বিচাৰপতি দীপংকৰ দত্ত আৰু আগাস্টিন জৰ্জ মসিহৰ বিচাৰপীঠে জনায় যে এই গোচৰৰ বাস্তৱ পৰিস্থিতিৰ বিচাৰ কৰি ‘সহানুভূতিৰ ভিত্তিত’ এই সিদ্ধান্ত লোৱা হৈছে।
আদালতৰ ভাষাত, ‘এই ক্ষেত্ৰত অপৰাধ লালসাৰ ফল নাছিল, ই আছিল প্ৰেমৰ ফল।’
ঘটনা কেইবছৰমান আগৰ। অভিযুক্তজনক পকসো আইনৰ (POCSO Act) ধাৰা ৬ ৰ অধীনত ১০ বছৰৰ কাৰাদণ্ড আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ নং ধাৰাত ৫ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।
অভিযোগ আছিল যে অভিযুক্তই এগৰাকী নাবালিকাক অপহৰণ কৰি যৌন নিৰ্যাতন কৰিছিল। কিন্তু গোচৰৰ বিচাৰ চলি থকাৰ সময়ত ঘটনাৰ গতি সলনি হয়। আদালতত জমা দিয়া নথি অনুসৰি, অভিযুক্ত আৰু সেই ভুক্তভোগী, বৰ্তমান দুয়োজনেই প্ৰাপ্তবয়স্ক। ২০২১ চনৰ মে’ মাহত বিবাহপাশত আৱদ্ধ হয় দুয়ো। বৰ্তমান তেওঁলোকৰ এটা এবছৰীয়া সন্তান আছে আৰু তেওঁলোকে সুখেৰে সংসাৰ কৰি আছে।
যুৱতীগৰাকীয়ে নিজৰ শপতনামাত জনায় যে তেওঁ স্বামীৰ সৈতে এক শান্তিপূৰ্ণ আৰু স্বাভাৱিক পাৰিবাৰিক জীৱন কটাব বিচাৰে।
বিচাৰপতি দত্তৰ বিচাৰপীঠে মন্তব্য কৰে, ‘আমি জানো যে অপৰাধ কেৱল ব্যক্তিৰ বিৰুদ্ধে নহয়, সমাজৰ বিৰুদ্ধেও। কিন্তু ন্যায় ব্যৱস্থা বাস্তৱৰ পৰা বিচ্ছিন্ন নহয়। বহু সময়ত ন্যায় বিচাৰৰ প্ৰয়োজনত সংবেদনশীল দৃষ্টিভংগী অতি জৰুৰী।’
ৰায়ত কোৱা হয়, ‘এই গোচৰে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যি আইনৰ কঠোৰতা নহয়, ন্যায়ৰ ভাৰসাম্যতা প্ৰধান। অভিযুক্তক কাৰাগাৰলৈ পঠিয়ালে কেৱল সংসাৰেই নহয়, পত্নী, সন্তান আৰু সমাজৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব।’
অৱশ্যে আদালতে স্পষ্ট নিৰ্দেশ দিছে, ‘অভিযুক্তই কোনো পৰিস্থিতিতে পত্নী আৰু সন্তানক এৰি দিব নোৱাৰিব। তেওঁলোকৰ আজীৱন মৰ্যাদা আৰু সুৰক্ষা নিশ্চিত কৰিব লাগিব। অন্যথা ইয়াৰ পৰিণাম সুখকৰ নহ’ব।’
একে সময়তে জনাইছে যে এই ৰায় কোনো নজিৰ বা উদাহৰণ হিচাপে গণ্য নহ’ব। আদালতৰ ভাষাত, ‘এই সিদ্ধান্ত সম্পূৰ্ণৰূপে নিৰ্দিষ্ট আৰু একক পৰিস্থিতিৰ প্ৰেক্ষাপটত লোৱা হৈছে।’





