• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভুক্তভোগীক বিয়া কৰালে ধৰ্ষণৰ অভিযোগত অভিযুক্তই : ‘অপৰাধ প্ৰেমৰ ফল, লালসাৰ নহয়’, ক’লে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2025 7:27 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক ব্যতিক্ৰমী ৰায়ত উচ্চতম ন্যায়ালয়ে সংবিধানৰ ১৪২ অনুচ্ছেদৰ ক্ষমতা প্ৰয়োগ কৰি নাবালিকাক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হোৱা এজন ব্যক্তিৰ শাস্তি বাতিল কৰে।

বিচাৰপতি দীপংকৰ দত্ত আৰু আগাস্টিন জৰ্জ মসিহৰ বিচাৰপীঠে জনায় যে এই গোচৰৰ বাস্তৱ পৰিস্থিতিৰ বিচাৰ কৰি ‘সহানুভূতিৰ ভিত্তিত’ এই সিদ্ধান্ত লোৱা হৈছে।

Apply Now

আদালতৰ ভাষাত, ‘এই ক্ষেত্ৰত অপৰাধ লালসাৰ ফল নাছিল, ই আছিল প্ৰেমৰ ফল।’

ঘটনা কেইবছৰমান আগৰ। অভিযুক্তজনক পকসো আইনৰ (POCSO Act) ধাৰা ৬ ৰ অধীনত ১০ বছৰৰ কাৰাদণ্ড আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ নং ধাৰাত ৫ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

অভিযোগ আছিল যে অভিযুক্তই এগৰাকী নাবালিকাক অপহৰণ কৰি যৌন নিৰ্যাতন কৰিছিল। কিন্তু গোচৰৰ বিচাৰ চলি থকাৰ সময়ত ঘটনাৰ গতি সলনি হয়। আদালতত জমা দিয়া নথি অনুসৰি, অভিযুক্ত আৰু সেই ভুক্তভোগী, বৰ্তমান দুয়োজনেই প্ৰাপ্তবয়স্ক। ২০২১ চনৰ মে’ মাহত বিবাহপাশত আৱদ্ধ হয় দুয়ো। বৰ্তমান তেওঁলোকৰ এটা এবছৰীয়া সন্তান আছে আৰু তেওঁলোকে সুখেৰে সংসাৰ কৰি আছে।

যুৱতীগৰাকীয়ে নিজৰ শপতনামাত জনায় যে তেওঁ স্বামীৰ সৈতে এক শান্তিপূৰ্ণ আৰু স্বাভাৱিক পাৰিবাৰিক জীৱন কটাব বিচাৰে।

বিচাৰপতি দত্তৰ বিচাৰপীঠে মন্তব্য কৰে, ‘আমি জানো যে অপৰাধ কেৱল ব্যক্তিৰ বিৰুদ্ধে নহয়, সমাজৰ বিৰুদ্ধেও। কিন্তু ন্যায় ব্যৱস্থা বাস্তৱৰ পৰা বিচ্ছিন্ন নহয়। বহু সময়ত ন্যায় বিচাৰৰ প্ৰয়োজনত সংবেদনশীল দৃষ্টিভংগী অতি জৰুৰী।’

ৰায়ত কোৱা হয়, ‘এই গোচৰে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যি আইনৰ কঠোৰতা নহয়, ন্যায়ৰ ভাৰসাম্যতা প্ৰধান। অভিযুক্তক কাৰাগাৰলৈ পঠিয়ালে কেৱল সংসাৰেই নহয়, পত্নী, সন্তান আৰু সমাজৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব।’

অৱশ্যে আদালতে স্পষ্ট নিৰ্দেশ দিছে, ‘অভিযুক্তই কোনো পৰিস্থিতিতে পত্নী আৰু সন্তানক এৰি দিব নোৱাৰিব। তেওঁলোকৰ আজীৱন মৰ্যাদা আৰু সুৰক্ষা নিশ্চিত কৰিব লাগিব। অন্যথা ইয়াৰ পৰিণাম সুখকৰ নহ’ব।’

একে সময়তে জনাইছে যে এই ৰায় কোনো নজিৰ বা উদাহৰণ হিচাপে গণ্য নহ’ব। আদালতৰ ভাষাত, ‘এই সিদ্ধান্ত সম্পূৰ্ণৰূপে নিৰ্দিষ্ট আৰু একক পৰিস্থিতিৰ প্ৰেক্ষাপটত লোৱা হৈছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd