NORTHEAST NOW (Assamese)

গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ অধ্যক্ষ পিতৃৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ কন্যাৰ

December 5, 2020 5:33 pm · এন ই নাও নিউজ
Updated: December 5, 2020 5:36 pm

মহানগৰীৰ এখন আগশাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে নিজ কন্যাই উত্থাপন কৰিছে এক বিস্ফোৰক অভিযোগ।

অভিযোগ উত্থাপনৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীক নিলম্বনৰ দাবী উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে।

বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আশুতোষ কুণ্ডৰ বিৰুদ্ধে নিজ কন্যাই দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

অধ্যক্ষগৰাকীৰ কন্যাৰ মতে ২০১৪ চনৰ পৰাই পিতৃয়ে তেওঁক যৌন নিৰ্যাতন চলাই আহিছে। যুৱতী গৰাকীয়ে আৰক্ষীৰ কাষ চাপিলে হত্যাৰ ভাবুকি প্ৰদান কৰাৰো অভিযোগ কৰিছে যুৱতী গৰাকীয়ে।

ইয়াৰ সমান্তৰালভাৱে যুৱতী গৰাকীয়ে নিজ মাতৃৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে। অধ্যক্ষ পিতৃ আশুতোষ কুণ্ডৰ লগতে মাতৃ গীতা কুণ্ডৰেও যুৱতী গৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত যুৱতী গৰাকীয়ে দাখিল কৰিছে এজাহাৰ। সোমবাৰে যুৱতী গৰাকীয়ে অধ্যক্ষ তথা নিজ পিতৃ আশুতোষ কুণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে যুৱতীগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে যদিও এই পৰ্যন্ত আটক কৰা নাই আইন মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক।

Related News