• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত স্বাব সংগ্ৰহ, ৰেপিড এণ্টিজেন টেষ্ট কেন্দ্ৰ মুকলি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 21, 2020 6:51 pm
Rapid Antigen Test, Swab collection centre launched in Sivasagar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে মঙলবাৰে ১নং টাউন প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এটি ক’ভিড-১৯ৰ স্বাব সংগ্ৰহ আৰু ৰেপিড এন্টিজেন টেষ্ট কেন্দ্ৰৰ শুভ উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত উপায়ুক্তগৰাকীয়ে নিজ বক্তব্যত কয় যে জিলা প্ৰশাসনে ক’ভিড-১৯ -ৰ গণসংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ এক অংশৰূপে এই স্বাৱ সংগ্ৰহ আৰু ৰেপিড এন্টিজেন টেষ্ট কেন্দ্ৰটি মুকলি কৰা হৈছে।

Apply Now

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৯ জুলাইত জিলাখনত অনুষ্ঠিত এক পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰি প্ৰদান কৰা এক নিৰ্দেশ মৰ্মে এই কেন্দ্রটি স্থাপন কৰা হৈছে বুলিও তেওঁ সদৰী কৰে।

জিলাখনৰ ৰাইজৰ সুবিধাৰ্থে আৰু তিনিটা স্বাব সংগ্ৰহ কেন্দ্ৰ কাইলৈৰ পৰা মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে।

এই কেন্দ্ৰকেইটা হ’ল ক্ৰমে শিৱসাগৰ পলিটেকনিক উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৫০২নং জেঙণিকটিয়া বালিকা প্ৰাথমিক বিদ্যালয় আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়।

ক’ভিড-১৯ৰ গণসংক্ৰমণ ৰোধৰ বাবে ৰাইজে সচেতন হৈ স্বেচ্ছাই স্বাব পৰীক্ষা কৰিবলৈ আগবাঢ়ি অহা উচিত বুলি উল্লেখ কৰে।

ইয়াৰ দ্বাৰা নিজৰ লগতে আনৰো সুৰক্ষা নিশ্চিত হ’ব বুলিও তেওঁ মন্তব্য কৰে।

উপায়ুক্তগৰাকীয়ে লগতে উল্লেখ কৰে যে, ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় আৰ্বান মডেল হস্পিটেল খনক ক’ভিড কেয়াৰ চেণ্টাৰ হিচাপে অতি শীঘ্ৰে প্ৰতিষ্ঠা কৰা হ’ব।

এই সন্দৰ্ভত যাৱতীয় প্ৰস্তুতি ইতিমধ্যে ৯০শতাংশ সম্পূৰ্ণ হৈছে বুলি তেওঁ জনায়।

পৰৱৰ্তী পৰ্যায়ত কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে কাম কৰি থকা ডিমৌ পলিটেকনিক প্ৰতিষ্ঠানকো ক’ভিড কেয়াৰ চেণ্টাৰ হিচাপে গঢ়ি তোলা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

জিলা প্ৰশাসনে ক’ভিড ৰোগীৰ বাবে জিলাখনত আৰু ২৫০খন বিচনাৰ ব্যৱস্থা কৰিব বুলিও উপায়ুক্তগৰাকীয়ে জনায়।

তেওঁ জিলাখনৰ সংবাদসেৱী সকলক জনসাধাৰণৰ মাজত ক’ভিড-১৯ ৰোগৰ বিষয়ে সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত আগভাগ ল’বলৈও আহ্বান জনায়।

আজিৰ সভাখনত সভাপতিত্ব কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ শ্যমন্ত মাধৱ শৰ্মাই।

জিলা যক্ষ্মাৰোগ বিষয়া ডাঃ উদায়াদিত্য ৰাজকোঁৱৰে সভাত ৰেপিড এন্টিজেন টেষ্ট সম্পৰ্কে এক চমু আভাস দিয়ে।

আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত বিদিত দাস, স্বাস্থ্য বিভাগৰ অতিৰিক্ত যুটীয়া সঞ্চালক ডাঃ মুকুল চন্দ্ৰ দাস, জিলা কুষ্ঠৰোগ বিষয়া দিজেন কোচৰ লগতে ভালে সংখ্যক স্বাস্থ্যকৰ্মী আৰু স্থানীয় ৰাইজ।

Tags: COVID-19
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd