• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তান চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, বলোচ আন্দোলনৰ নেত্ৰী মাহৰং বলোচক যাৱজ্জীৱন কাৰাদণ্ড

পাক সেনাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা বালোচিস্তান বৰ্তমান সময়ত বিদ্ৰোহৰ জুইত জ্বলি উঠিছে। পাকিস্তানৰ পৰা সম্পূৰ্ণৰূপে সুকীয়া হোৱাৰ দাবীত দীৰ্ঘদিন ধৰি তাত ব্যাপক প্ৰতিবাদ চলি আহিছে। এই বিদ্ৰোহ দমন কৰাৰ নামত পাকিস্তানৰ সেনাই সাধাৰণ ৰাইজৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰ খবৰ সঘনাই প্ৰকাশ পাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 7:08 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাক সেনাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা বালোচিস্তান বৰ্তমান সময়ত বিদ্ৰোহৰ জুইত জ্বলি উঠিছে। পাকিস্তানৰ পৰা সম্পূৰ্ণৰূপে সুকীয়া হোৱাৰ দাবীত দীৰ্ঘদিন ধৰি তাত ব্যাপক প্ৰতিবাদ চলি আহিছে। এই বিদ্ৰোহ দমন কৰাৰ নামত পাকিস্তানৰ সেনাই সাধাৰণ ৰাইজৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰ খবৰ সঘনাই প্ৰকাশ পাইছে।

ইয়াৰ মাজতে বালোচ স্বাধীনতা আন্দোলনৰ অন্যতম জনপ্ৰিয় নেত্ৰী তথা বালোচ সিংহী হিচাপে পৰিচিত মাহৰং বালোচক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে পাকিস্তানৰ শ্বাহবাজ শ্বৰীফৰ চৰকাৰে। পেচাত এগৰাকী চিকিৎসক মাহৰং বালোচ আছিল এগৰাকী আগশাৰীৰ মানৱ অধিকাৰ কৰ্মী আৰু বালোচ য়াকজেহতি কমিটিৰ প্ৰধান নেত্ৰী। বিগত প্ৰায় এটা দশক ধৰি বালোচিস্তানত পাক সেনাৰ বৰ্বৰতাৰ বিৰুদ্ধে তেওঁ অহৰহ সৰৱ হৈ আছিল। কোৱেটাৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে সোমবাৰে মাহৰঙৰ লগতে তেওঁৰ আন দুজন সতীৰ্থকো যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় শুনায়। পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগতে তেওঁলোকক এই শাস্তি প্ৰদান কৰা হৈছে। আদালতৰ এই সিদ্ধান্তক বালোচ সংগঠনে তীব্ৰ গৰিহণা দিছে আৰু এই ঘটনাৰ পিছত বালোচিস্তানত নতুনকৈ অশান্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ পূৰ্বেও পাক সেনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে মাহৰঙক কেইবাবাৰো কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

Apply Now

পাক সেনাৰ এই অমানুষিক নিৰ্যাতনৰ প্ৰতিবাদতে বালোচিস্তানত বালোচ লিবাৰেচন আৰ্মী নামৰ এটা সশস্ত্ৰ সংগঠনৰ সৃষ্টি হৈছে। এই বাহিনীটোক মষিমূৰ কৰিবলৈ পাক সেনাই নিৰ্যাতনৰ সকলো সীমা অতিক্ৰম কৰিছে আৰু ইয়াৰ বিপৰীতে বিদ্ৰোহী সংগঠনটোৱেও তীব্ৰ প্ৰত্যাক্ৰমণ চলাইছে। বৰ্তমান সময়ত পাকিস্তান চৰকাৰ আফগানিস্তানৰ সৈতেও সীমান্তৰ সংঘাতত লিপ্ত হৈ আছে। একে সময়তে তেহৰিক ই তালিবান নামৰ আন এটা বিদ্ৰোহী সংগঠনেও পাকিস্তান চৰকাৰৰ নিদ্ৰা হৰণ কৰিছে। এই জটিল পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বালোচ সংগঠনসমূহেও এতিয়া পাক সেনাৰ ওপৰত নিজৰ আক্ৰমণৰ জোৰ বৃদ্ধি কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am
সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

October 1, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd